অসম লাইভ ২৪ঃ এতিয়াৰে পৰা প্ৰতিগৰাকী ভাৰতীয়ই লাভ কৰিব ডিজিটেল হেল্থ আইডি৷ আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত সুৰক্ষিত হ’ব ভাৰতৰ প্ৰতিগৰাকী নাগৰিকৰ ভৱিষ্যৎ৷ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে আয়ুষ্মান ভাৰত ডিজিটেল মিছন৷ এই মিছনে ডিজিটেল হেল্থ ইক’চিষ্টেমত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ এই যোজনাই দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত লোকসকলৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়াব৷ আয়ুষ্মান ভাৰত ডিজিটেল মিছন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আমাৰ দেশত ১৩০ কোটি আধাৰ নম্বৰ, ১১৮ কোটি মোবাইল ব্যৱহাৰকাৰী, ৮০ কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰী আৰু ৪৩ কোটি জনধন বেংক পাছবুক আছে৷ এয়া কেৱল ভাৰতবৰ্ষতেই আছে৷ ’ এই যোজনাৰ অধীনত অন্তভুক্ত ব্যক্তিসকলৰ চিকিৎসাৰ ক্ষেত্ৰতো সুবিধা প্ৰদাম কৰিব চৰকাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















