বিশ্বজুৰি দ্ৰুতগতিত বিয়পি পৰা মাংকি পক্সৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। WHOৰ সঞ্চালক প্ৰধান ডাঃ টেড্ৰ’ছ আধানম গেব্ৰেইছাছে কয় যে মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ আন্তঃৰাষ্ট্ৰীয় চিন্তাৰ বিষয় হৈ পৰিছে।
ডাঃ টেড্ৰছে লগতে কয় যে এই মুহূৰ্তত মাংকি পক্সৰ এই প্ৰাদুৰ্ভাৱ সমকামী পুৰুষৰ ভিতৰত বেছিকৈ হোৱা দেখা গৈছে৷ বিশেষকৈ যিসকলৰ একাধিক সমকামী যৌন সংগী আছে তেওঁলোক আক্ৰান্ত হৈছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীৰ মতে সঠিক কৌশলেৰে মাংকি পাক্স ৰোধ কৰিব পৰা যায়। কিন্তু ইয়াক সহজভাৱে গ্ৰহণ কৰিলে ই যিকোনো ভাইৰাছৰ দৰেই বিপদজনক হ’ব পাৰে।
লগতে পঢ়ক কোন সুন্দৰী যুৱতীৰ বাসগৃহৰ পৰা ২০ কোটি ধন উদ্ধাৰ? ক’ৰ পৰা লাভ কৰিছিল বিশাল ধনৰাশি?
ডাঃ গেব্ৰেইছাছে এইচ আই ভি ৰোগত আক্ৰান্ত লোকসকলৰ সৈতে কাম কৰাৰ অভিজ্ঞতা থকা সামাজিক সংগঠনসমূহক মাংকি পক্সৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায়৷
একে সময়তে দক্ষিণ-পূব এছিয়াৰ বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক সঞ্চালকেও মাংকি পক্সৰ সংক্ৰমণৰ ক্ষেত্ৰত সমকামী পুৰুষসকলে যৌন সম্পৰ্ক কৰাৰ ক্ষেত্ৰত ওপৰত গুৰুত্ব দিয়া উচিত। আঞ্চলিক সঞ্চালক ডাঃ পুনম খেত্ৰপাল সিঙৰ মতে পূৰ্বে মাংকি পক্স নোহোৱা ৰাষ্ট্ৰবোৰত ই দ্ৰুতগতিত বিয়পি পৰিছে।
লগতে পঢ়ক বিবাহিত মহিলা আৰু প্ৰেমিকক সুৰক্ষা দিব নোৱাৰি! উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
ডাঃ সিঙৰ পুৰুষে পুৰুষৰ সৈতে স্থাপন কৰা যৌন সম্পৰ্কৰ বাবে ইয়াৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখা গৈছে।
ডাঃ খেত্ৰপাল সিঙে কয়, ‘‘গোলকীয়ভাৱে মাংকি পক্সৰ আশংকা আছে আৰু ই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিয়পি পৰাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰেও আমি এতিয়াও ক’ৰোনা ভাইৰাছৰ বিষয়ে বহু কথা নাজানো। আমি সজাগ হোৱাটো প্ৰয়োজন।’’
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য মতে ইতিমধ্যে বিশ্বৰ ৭৫ খন ৰাষ্ট্ৰত মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ ঘটিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ