পৃথিৱীৰ আটাইতকৈ দামী বস্তু, যাৰ ১ গ্ৰামৰ মূল্য ৫০০০০০০ কোটি টকা
এই ধৰাত এনে বহু সামগ্ৰী আছে, য়াৰ মূল্য আমাৰ দৰে সাধাৰণ মানুহৰ বাবে সপোনৰো অগোচৰ। আটাইতকৈ দামী গাড়ী, আটাইতকৈ দামী ঘড়ী, আটাইতকৈ দামী ঘৰ, আটাইতকৈ দামী হীৰা, কিন্তু পৃথিৱীত এটা বস্তু আছে যিটো সৃষ্টিৰ ইতিহাসত আটাইতকৈ দামী বস্তু।
যিমানেই টকা নাথাকক কিয় এই বস্তুটো কিনিব নোৱাৰি। এই বস্তু বিধৰ ১ গ্ৰামো কিনিবলৈ লাখ বাৰ ভাবিব লাগিব। অৱশ্যে ইয়াৰ বিক্ৰী নহয়। কিন্তু এই বস্তু বিধৰ ১ গ্ৰামৰ দাম ৬২০০০০০০০০০ ডলাৰ যি ভাৰতীয় হিচাপত প্ৰায় ৫০ লাখ কোটি টকা।
বহুমূলীয়া ৰত্ন বা ধাতুৰ দৰে এই অতি বিৰল বস্তুটো মাটিৰ পৰা উলিয়াই আনিব নোৱাৰি। এই বস্তুটোৰ নাম Antimatter, যিটো এবিধ চুম্বকীয় পদাৰ্থ। এন্টিমেটাৰ ঋণাত্মক আধানযুক্ত নিউক্লিয়াছ আৰু ধনাত্মক আধানযুক্ত ইলেক্ট্ৰনেৰে গঠিত।
অন্য গ্ৰহলৈ যোৱা মহাকাশ বিমানত এন্টিমেটাৰক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। এঞ্জেলছ এণ্ড ডেমনছ চিনেমাত এন্টিমেটাৰ ব্যৱহাৰ কৰি এক বিধ্বংসী বিস্ফোৰণৰ সৃষ্টি কৰা হৈছিল।
যেতিয়া এন্টিমেটাৰ স্বাভাৱিক পদাৰ্থৰ সংস্পৰ্শলৈ আহে তেতিয়া দুয়োটা পদাৰ্থ ধ্বংস হৈ শক্তিলৈ ৰূপান্তৰিত হয়। নেনোগ্ৰাম এন্টিমেটাৰৰ এশতাংশই এক কিলোগ্ৰাম সোণৰ সমতুল্য। ইয়াৰ এক গ্ৰামৰ দশমাংশও সংগ্ৰহ কৰিবলৈ এক বিলিয়ন বছৰ লাগিব পাৰে।
যিহেতু প্ৰতিপদাৰ্থই ইটোৱে সিটোক ধ্বংস কৰি পেলায় আৰু পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে বিপুল পৰিমাণৰ শক্তি উৎপন্ন কৰে, সেয়েহে ইহঁত সৃষ্টি হোৱাৰ দৰেই সোনকালে নোহোৱা হৈ যায়, যাৰ ফলত ইহঁত জমা আৰু অধ্যয়ন কৰাটো অবিশ্বাস্যভাৱে ব্যয়বহুল হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ