মীৰুটৰ ৰাজপথত কোনেও আদায় কৰিব নোৱাৰিব নামাজ, উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা
ঈদ-উল-ফিতৰ আৰু ৰমজানৰ আজি অন্তিম শুকুৰবাৰ। আজিৰ শুকুৰবাৰৰ নামাজৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মীৰুট আৰক্ষীয়ে ৰাজপথত নামজ আগবঢ়োৱা লোকৰ বিৰুদ্ধে কঠোৰ সতৰ্কবাণী জাৰি কৰি উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছে।
নিয়ম ভংগ কৰাৰ বাবে পাছপ’ৰ্ট আৰু ড্ৰাইভিং লাইচেন্স বাতিল কৰিব বুলি সদৰি কৰিছে আৰক্ষীয়ে। মীৰুটৰ আৰক্ষী অধীক্ষক আয়ুষ বিক্ৰম সিঙে কয় যে স্থানীয় মছজিদ বা নিৰ্দিষ্ট ঈদগাহত ঈদৰ নামাজ আদায় কৰিব লাগে আৰু ৰাজপথত কোনেও নমাজ কৰিব নালাগে।
কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰীয় লোকদলৰ নেতা জয়ন্ত সিং চৌধুৰীয়ে কয় যে, “ব্যক্তিৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হ’লে তেওঁলোকৰ পাছপ’ৰ্ট আৰু অনুজ্ঞাপত্ৰ বাতিল কৰিব পৰা যাব আৰু আদালতৰ পৰা এন অ’ চি অবিহনে নতুন পাছপ’ৰ্ট পোৱাটো কঠিন হ’ব। আদালতে ব্যক্তিজনক দোষমুক্ত নকৰালৈকে এনে নথি-পত্ৰ জব্দ হৈ থাকিব।”
মীৰুটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে কয় যে জিলা আৰু থানা দুয়োটা পৰ্যায়তে বৈঠক অনুষ্ঠিত কৰা হৈছে আৰু সকলো পক্ষৰ সৈতে হোৱা আলোচনাৰ ভিত্তিত এই প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ