অসম লাইভ ২৪ঃ টংলা পৌৰ সভা কাৰ্যালয়ৰ এখন আজৱ পত্ৰই চকু কপালত তুলিছে টংলাবাসীৰ। পত্ৰযোগে বাহ গছ কটাৰ আহ্বান পৌৰ সভা এলেকাৰ ৫গৰাকীকৈ ব্যক্তিক। কাৰ্যবাহী বিষয়াৰ স্বাক্ষৰ সম্বলিত এই পত্ৰত বাহ গছত বাস কৰা বগলীৰ মল-মূত্ৰই ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি কৰিব বুলি উল্লেখ । গতিকে নগৰ এলেকাত থকা বাহ গছসমূহ কাটি স্বাস্থ্যকৰ পৰিবেশ গঢ়ি তুলিবলৈ ব্যক্তিকেইগৰাকীক আহ্বান কাৰ্যবাহী বিষয়াৰ। ব্যক্তিগৰাকীৰ নাম ক্ৰমে- টংলাৰ ১ নং ৱাৰ্ডৰ মহেন্দ্ৰ ডেকা, অমিয় নাৰ্জাৰী, ৰজত ভট্টাচাৰ্য্য, লোকজিৎ সূতাৰ আৰু ২ নং ৱাৰ্ডৰ গীতা দাস। টংলা টংলা পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ এনে কাৰ্যই এতিয়া হতচকিত কৰিছে সচেতন মহলক।
ইফালে, শেহতীয়া তথ্য অনুসৰি, এই নিৰ্দেশৰ পাছতেই পৌৰসভাই অবাধে বাহ গছ কাটি তহিলং কৰিছে টংলাৰ পৌৰসভা এলেকাত। ফলত ৩০০ ৰো অধিক বগলী ইতিমধ্যে মৃত্যুমুখত পৰিছে। বাহগছসমূহত থকা অন্য পক্ষীকুলৰো মৃত্যু হৈছে পৌৰসভাৰ এই নিধন যজ্ঞত। টংলা পৌৰ সভাৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যক ধীক্কাৰ দিয়াৰ লগতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে। ঘটনাস্থলীত উপায়ুক্ত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে তদন্তৰ আশ্বাস দিছে ৰাইজক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ