অমিক্ৰণতকৈ অধিক বিপজ্জনক হ’ব কোভিডৰ পৰৱৰ্তী ভেৰিয়েণ্ট৷ মঙলবাৰে এই আশংকা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ পূৰ্বৰ তুলনাত অধিক সংক্ৰামক হ’ব পৰৱৰ্তী কোভিড ভেৰিয়েণ্ট৷ কোভিডৰ অমিক্ৰণ ভেৰিয়েণ্ট ডেল্টাৰ তুলনাত কম সংক্ৰামক আছিল যদিও পৰৱৰ্তী পৰিস্থিতি অধিক শোচনীয় হোৱাৰ আশংকা কৰা হৈছে৷
ইফালে বিগত সপ্তাহত ভাৰতত কোভিডত আক্ৰান্ত হৈছে ২ কোটি ১০ লাখ লোক৷ দ্ৰুত সংক্ৰমিত অমিক্ৰণ ভেৰিয়েণ্ট সংক্ৰমণৰ সাপ্তাহিক তালিকাৰ পূৰ্বৰ ৰেকৰ্ড ভংগ কৰিছে এই সংখ্যাই৷ বিগত ২৪ ঘণ্টাত ভাৰতত আক্ৰান্ত হৈছে ২.৮৫ লাখ নতুনকৈ আক্ৰান্ত হৈছে কৰোনাত৷ তাৰোপৰি মঙলবাৰৰ দিনটোত মৃত্যু হৈছে ৬৬৫ জন ক’ভিড ৰোগীৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ