অসম লাইভ ২৪ঃ সপোন বাস্তবায়িত কৰাৰ সাহস ৰাখিব লাগে প্ৰতিগৰাকী মহিলাই৷ বহু মহিলাৰ বাবে এতিয়া অনুপ্ৰেৰণাৰ উৎস হৈছে স্ব-প্ৰতিষ্ঠিত মহিলা ব্যৱসায়ী ফাল্গুনী নায়াৰ৷ জনপ্ৰিয় ই-কমাৰ্চ এপ ‘নাইকা’ৰ প্ৰতিষ্ঠাতা ফাল্গুনী নায়াৰ৷ ভাৰতৰ শীৰ্ষ ২০ ধনাঢ্য ব্যক্তিৰ তালিকাৰ অন্যতম ফাল্গুনী নায়াৰ৷ ই-কোম্পানী নাইকাই বুধবাৰে ষ্টক এক্সেঞ্জত ব্লকবাষ্টাৰ ডেবিউ কৰাৰ পাছত সম্প্ৰতি চৰ্চাত আছে ফাল্গুনী নায়াৰ৷ ৭ বিলিয়ন মাৰ্কিন ডলাৰ সম্পত্তিৰে ভাৰতৰ ধনাঢ্য মহিলা ব্যৱসায়ী তালিকাৰ শীৰ্ষত আছে ‘নাইকা’ৰ প্ৰতিষ্ঠাতাগৰাকী৷ স্ব-প্ৰতিষ্ঠিত মহিলা ব্যৱসায়ীৰ দ্বিতীয় শীৰ্ষত আছে ফাল্গুনী নায়াৰ৷ শীৰ্ষত আছে ‘বায়’কন’ৰ প্ৰতিষ্ঠাতা কিৰণ মজুমদাৰ চাৱ৷ ২০১২ চনত প্ৰতিষ্ঠা কৰা হৈছিল নাইকা৷ সম্প্ৰতি জনপ্ৰিয়তাৰ শীৰ্ষত আছে প্ৰতিষ্ঠানটো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ