কুমাৰীত্ব প্ৰমাণ কৰাত ব্যৰ্থ হ’ল নৱবিবাহিতা। সেয়ে স্বামীগৃহই পৰিত্যাগ কৰিলে নৱপৰিণীতাক। ৰাজস্থানৰ ভিলৱাৰা জিলাত সংঘটিত হৈছে এই ঘটনা।
স্বামী গৃহই কেৱল নৱবিবাহিতাক পৰিত্যাগ কৰাতে ক্ষান্ত নাথাকিল, ঘটনাৰ সন্দৰ্ভত পঞ্চায়তত বিচাৰো চলিল! পঞ্চায়ত আদালতে নৱবিবাহিতাগৰাকী আৰু পৰিয়ালক ১০ লাখ টকা জৰিমনা বিহিলে। অৰ্থাৎ সতীত্বৰ প্ৰমাণত ব্যৰ্থ হোৱাৰ বাবেই নৱবিবাহিতাই সন্মুখীন হ’ল ১০ লাখ টকাৰ জৰিমনাৰ৷
স্বামীৰ পৰিয়ালৰ লোকে জৰিমনাৰ ধন লাভ নকৰাত নৱবিবাহিতা আৰু তেওঁৰ পৰিয়ালৰক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পাছতে যুৱতীগৰাকীৰ পৰিয়ালে জোঁৱায়েক আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
লগতে পঢ়ক ৰীল নিৰ্মাণ কৰিবলৈ গৈ ৰে’লৰ খুন্দাত গুৰুতৰভাৱে আহত যুৱক, চিকিৎসালয়ত ভর্তি
থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আয়ুব খানে জনোৱা মতে, যোৱা ১১ মে’ত ভিলৱাৰা নিবাসী ২৪ বছৰীয়া কিশোৰীগৰাকীৰ বিবাহ হৈছিল। বিয়াৰ পিছত ৰাজস্থানৰ এটা বিশেষ সম্প্ৰদায়ৰ ‘কুকড়ী’ প্ৰথা অনুসৰি নৱবিবাহিতাৰ কুমাৰীত্ব পৰীক্ষা কৰা হৈছিল। সেই পৰীক্ষাত নৱবিবাহিতাই উত্তীৰ্ণ হ’ব নোৱাৰিলে। ইয়াৰ পাছতে নৱবিবাহিতাৰ বিৰুদ্ধে পঞ্চায়তৰ বিচাৰ পাতি আৰ্থিক দণ্ড বিহা হয়৷ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
এই কুকড়ী পৰম্পৰা কি?
ৰাজস্থানৰ এটা বিশেষ সম্প্ৰদায়ৰ মাজত এই প্ৰথা প্ৰচলিত। এই প্ৰথাৰ মতে বিয়াৰ প্ৰথম নিশা স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্কৰ পিছত বগা বিচনা চাদৰত কইনাৰ যোনীৰে নিৰ্গত তেজৰ দাগ পৰিব লাগিব৷ অৰ্থাৎ বগা বিচনা চাদৰত তেজৰ ৰঙা দাগ পালে তেওঁক কুমাৰী বুলি গ্ৰহণ কৰা হয়। আৰু কেৱল সেয়াই নহয়, সেই চাদৰখন সমাজৰ আন পাঁচজন মানুহৰ সন্মুখত প্ৰদৰ্শন কৰা হয়। এইদৰে এগৰাকী নৱবিবাহিতাই নিজৰ কুমাৰীত্ব প্ৰমাণ কৰিব নোৱাৰিলে তেওঁৰ পৰিয়ালৰ লোকৰ পৰা অধিক যৌতুক সংগ্ৰহ কৰা হয়।
লগতে পঢ়ক মেঘালয়ত অসমৰ শিল্পীৰ পৰা ধন লুট তিনি দুৰ্বৃত্তৰ, আৰক্ষী থানাত এজাহাৰ দাখিল
আৰক্ষীৰ তদন্ত অনুসৰি চুবুৰীটোৰ এজন যুৱকে বিয়াৰ পূৰ্বে যুৱতীগৰাকীক ধৰ্ষণ কৰিছিল। এই কথা জানিব পাৰি স্বামী আৰু শাহুৱেকে নৱবিবাহিতাক শাৰীৰিকভাৱে প্ৰহাৰ কৰে। ইয়াৰ পিছতে বাগুৰৰ ভাদু মাতা মন্দিৰত স্বামীৰ পৰিয়ালে এখন পঞ্চায়ত আহ্বান কৰে।
যোৱা ১৮ মে’ত অনুষ্ঠিত পঞ্চায়ত বৈঠকত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে জনোৱা মতে, ধৰ্ষণ সন্দৰ্ভত ইতিমধ্যে সুভাষনগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। ৩১ মে’ত পুনৰ অনুষ্ঠিত হয় পঞ্চায়ত সভা। সেইদিনাই কুকড়ী প্ৰথাৰ নামত যুৱতীগৰাকীক ১০ লাখ টকা জৰিমনা বিহা হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ