ইণ্ডো-মাৰ্কিন তাৰকাৰ দম্পতী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে তেওঁলোকৰ নৱজাতিকা প্ৰথমা কন্যাৰ নাম প্ৰকাশ কৰিছে৷
উল্লেখ্যে যে প্ৰায় তিনি মাহ পূৰ্বে প্ৰিয়ংকা চোপ্ৰাই সামাজিক মাধ্যমত চেৰ’গেছিৰ যোগেদি এগৰাকী কন্যা সন্তানৰ মাতৃ হোৱাৰ কথা প্ৰকাশ কৰিছিল৷
তেতিয়াৰ পৰাই দম্পতীহালৰ অনুৰাগীৰ মাজত তেওঁলোকৰ কন্যা নাম কি ৰাখিব তাকেলৈ উৎকণ্ঠা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰে৷ অৱশেষত অনুৰাগীৰ উৎকণ্ঠা অৱসান কৰি তেওঁলোকৰ কন্যাৰ নাম ৰাজহুৱা কৰিছে তাৰকা দম্পতীহালে৷
লগতে পঢ়ক কিয় হাতজোৰ কৰি দেশবাসীৰ ওচৰত ক্ষমা খুজিলে বলিউদৰ তাৰকা অক্ষয় কুমাৰে?
অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ কন্যাৰ নাম মালতী মেৰী চোপ্ৰা জোনাছ ৰাখিছে৷
এই নামেৰে তাৰকা দম্পতীহালে তেওঁলোকৰ কন্যাক দুই দেশৰে শিপাৰ সৈতে সম্পৰ্ক ৰক্ষাৰ চেষ্টা কৰিছে৷ প্ৰিয়ংকাৰ লগতে নিকৰ উপাধিৰে সামৰণি পৰা মালতী আৰু মেৰীয়ে দুটা বিশেষ তাৎপৰ্য বহন কৰিছে৷ মালতীয়ে ভাৰতীয় শিপাৰে সম্পৰ্ক ৰক্ষা কৰাৰ বিপৰীতে মেৰীয়ে আমেৰিকাৰ অস্তিত্বক বহন কৰিছে৷
লগতে পঢ়ক অসম আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক?
ইয়াতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে তেওঁলোকৰ কন্যাৰ ‘মালতী’য়ে কেৱল ভাৰতীয় শিপাকে প্ৰতিনিধিত্ব কৰা নাই, ই প্ৰিয়ংকা চোপ্ৰাৰ পৰিয়ালকো প্ৰতিনিধিত্ব কৰিছে৷ উল্লেখ্য যে প্ৰিয়ংকাৰ মাতৃৰ নাম হৈছে মধু মালতী চোপ্ৰা৷ ‘মালতী’ নামেৰে প্ৰিয়ংকাই কন্যাক নিজ মাতৃ-পিতৃ পৰিয়ালৰ সংযোগ কৰি ৰাখিছেও বুলি চৰ্চা লাভ কৰিছে৷
উল্লেখ্য যে মাত্ৰ কিছুমান প্ৰেমৰ সম্পৰ্কত থকাৰ অন্তত ২০১৮ চনত বলিউদৰ অভিনেত্ৰী তথা প্ৰাক্তন বিশ্বসুন্দৰী প্ৰিয়ংকা চোপ্ৰা আৰু সংগীত শিল্পী নিক জোনাছে বিবাহপাশত আৱদ্ধ হৈছিল৷ তাৰকা দম্পতীয়ে চেৰ’গেছি পদ্ধতিৰে তেওঁলোকৰ প্ৰথম কন্যা সন্তান জন্ম দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















