৬বছৰতকৈয়ো বেছি সময় ধৰি দাম্পত্য জীৱন উপভোগ কৰিছে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে৷ বলীউডৰ প্ৰথম শাৰীৰ অভিনেত্ৰী আৰু মাৰ্কিন পপ তাৰকাৰ বিয়াক লৈ ২০১৮ চনত বেছ চৰ্চা হৈছিল৷ এই মুহূৰ্তত লছ এঞ্জেলছত সংসাৰ পাতিছে দুয়োৱে৷ বৰ্তমান মালতী মেৰি চোপ্ৰা জোনাছ নামৰ এগৰাকী কণমানিও আহিছে দুয়োৰে জীৱনত৷ অক্টোবৰৰ শেষৰফালে দীপাৱলি উপলক্ষ্যে একেলগে সময় কটোৱাৰ ছবিও শ্বেয়াৰ কৰিছে নিক প্ৰিয়ংকাই৷
আমেৰিকান পপ গায়কক কেইবাটাও চৰ্ত দিছিল অভিনেত্ৰী প্ৰিয়ংকাই৷ সেই চৰ্ত মনাৰ বাবেই নিকক সৈতে বিয়া কৰাইছে প্ৰিয়ংকাই৷ পেছাগত কাৰণত বছৰৰ বেছিভাগ সময়েই দূৰে দূৰে থাকে নিক আৰু প্ৰিয়ংকা৷ ভৌগোলিক দূৰত্ব দুয়োৱে বিবাহৰ পূৰ্বেই মানি লৈছে৷ প্ৰথমৰ পৰাই দুয়োৰে দাম্পত্যজীৱনত প্ৰতিবন্ধকতা আহিছে৷ সেয়ে বিবাহৰ পূৰ্বেই স্বামীক চৰ্ত দিছিল প্ৰিয়ংকাই৷ বিশ্বৰ যি কোনো প্ৰান্ততেই নাথাকক কিয় মাহৰ এটা নিৰ্দিষ্ট সময় একেলগে দুয়োৱে কটাব৷ প্ৰিয়ংকাই কৈছিল, ‘প্ৰতি তিনি সপ্তাহৰ অন্তত দুয়োৰে এবাৰ দেখা হ’বই৷ আমি মাহত এবাৰ অন্তত কেইটামান দিন একেলগে থাকিম৷ বিশ্বৰ যি কোনো প্ৰান্তত নাথাকো কিয় এজনে আনজনক মাহত এবাৰ হ’লেও সময় দিমেই৷’ সেই চৰ্ত ৰক্ষা কৰি আছে নিকে৷ বিশ্বৰ নানান চহৰত শ্ব’ৰ বাবে গ’লেও প্ৰিয়ংকাৰ কাষলৈ মাহত এবাৰলৈকে হ’লেও আহে নিক৷ ব্যস্ততাৰ মাজত সাংসৰিক ভাৰসাম্যতা কথা দিয়াৰ ধৰণেই ধৰি ৰাখিবলৈ সক্ষম হৈছে নিক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ