ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ দশমটো দিনত ইউক্ৰেইনৰ লগতে বিশ্ববাসীৰ আহিছে সকাহজনক বৃহৎ সুখবৰ৷
আক্ৰমণকাৰী ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে সাময়িক যুদ্ধ বিৰতি ঘোষণা কৰিছে৷
সংবাদ সংস্থা এএফপি-এ প্ৰকাশ কৰা অনুসৰি মাৰিয়’পুল আৰু ভ’লন’ভাখাৰ বাসিন্দাসকলক দেশ ত্যাগ কৰাৰ সুযোগ প্ৰদান কৰি ৰাছিয়াই এই সাময়িক যুদ্ধ বিৰতি ঘোষণা কৰিছে৷
লগতে পঢ়ক প্ৰাণৰ মমতাত যুদ্ধক্ষেত্ৰ ত্যাগ কৰি বিদেশলৈ পলায়ন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি!
ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি ইউক্ৰেইনৰ চহৰ মাৰিয়’পুল আৰু ভ’লন’ভাখাৰ বাসিন্দাসকল দেশ ত্যাগ কৰাৰ সুযোগ প্ৰদান কৰিবলৈ মানৱীয়তাৰ খাতিৰত এই সাময়িক যুদ্ধ বিৰতি ঘোষণা কৰা হৈছে৷
কেইবাদিন ধৰি মাৰিয়’পুলক ঘেৰাও কৰি ৰাছিয়াৰ বাহিনীয়ে প্ৰচণ্ড শীততো ইয়াৰ বিদ্যুৎ, খাদ্য, পানী পৰিবহন আদি কৰ্তন কৰি দিয়াৰ ফলত দ্বিতীয় বিশ্বযুদ্ধত লেনিনগ্ৰাডৰ নাজী অৱৰোধৰ কৰাৰ দৰেই এক পৰিৱেশৰ সূচনা হৈছে৷
চহৰখনৰ মেয়ৰ ভাদিম বয়চেঙ্কোৱে বৰ্তমানৰ মানৱীয় সমস্যাৰ সমাধান আৰু মাৰিয়’পুলক অৱৰোধৰ পৰা মুক্ত কৰাৰ যিকোনা সম্ভৱপৰ উপায় বিচাৰি আছোঁ বুলি কৈ যুদ্ধবিৰতি আৰু খাদ্য আৰু ঔষধৰ বাবে মানৱীয় কৰিডৰৰ আহ্বান জনাইছিল।
লগতে পঢ়ক অষ্ট্ৰেলিয়াৰ কিম্বদন্তী ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ মৃত্যু
ইয়াৰ পিছতে ৰাছিয়াই সাময়িক যুদ্ধ বিৰতিৰ ঘোষণা কৰিছে৷ অৱশ্যে এই সাময়িক যুদ্ধ বিৰতি কিমান সময়ৰ বাবে বলৱৎ থাকিব সেয়া ক্ৰেমলিনে স্পষ্টকৈ প্ৰকাশ কৰা নাই৷
ইফালে আজভ সাগৰৰ উপকূলৱৰ্তী প্ৰায় ৪,৫০,০০০ জনসংখ্যাৰ চহৰ মাৰিয়’পুল দখল ৰাছিয়ান বাহিনীৰ বাবে এক ডাঙৰ প্ৰাপ্তি বুলি চিহ্ণিত হৈছে৷
ইউক্ৰেইনৰ এই চহৰখন দখলেৰে সামুদ্ৰিক প্ৰৱেশ পথত তীব্ৰ আঘাত ৰক্ষা কৰিব আৰু সংযুক্ত ক্ৰিমিয়া আৰু ডনবাছৰ পৰা অহা সৈন্যসকলক সংসৱদ্ধ কৰিবলৈ ৰাছিয়াৰ বাবে অতি সহজ হৈ পৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ