ভাৰতত বিপদৰ ঘণ্টা বাজিছে। নতুন দিল্লীয়ে এতিয়া ইউক্ৰেইনৰ ৰাজধানী চহৰ কীয়েভত বাকী থকা সকলো ভাৰতীয়ক আজিয়ে(মংগলবাৰ) কীয়েভ এৰি যাবলৈ নিৰ্দেশ দিছে। শেহতীয়া এক সতৰ্কবাণীত দিল্লীয়ে কয়, ‘‘ৰে’লযোগে বা আন যিকোনো উপায়েৰে, যিকোনো ধৰণে আজিয়ে কীয়েভ এৰি যাওক।’’
ইফালে মঙলবাৰে ৰাছিয়াৰ আক্ৰমণত কীয়েভৰ ৰাজপথত এজন ভাৰতীয় ছাত্ৰ নিহত হৈছে। ইয়াৰ অলপ পিছতে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে এক টুইট কৰে। টুইটটোত ৰাজধানী চহৰ কীয়েভত থকা ভাৰতীয়সকলৰ বাবে ভাৰতীয় দূতাবাসৰ পৰা এক ‘পৰামৰ্শ’ দিয়া হৈছে।
লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ : আকৌ ‘ন যযৌ ন তস্থৌ’ অৱস্থা ভাৰতৰ!
‘‘সকলো ভাৰতীয়, আনকি ভাৰতীয় শিক্ষাৰ্থীসকলক আজিয়ে কীয়েভ এৰি যাবলৈ পৰামৰ্শ দিয়া হৈছে। যদি সম্ভৱ হয় ৰে’লত; আৰু যদি নহয়, যেনেদৰে সম্ভৱ হয় তেনেদৰে কীয়েভ ত্যাগ কৰক।’’
ইফালে সোমবাৰে ৰাছিয়া-ইউক্ৰেইন শান্তি আলোচনা বিফল হয়। আনহাতে, কীয়েভলৈ যোৱাৰ পথত ৬৪ কিলোমিটাৰ দীঘল ৰাছিয়াৰ স্কুৱেলৰ ছবিও উপগ্ৰহ ছবিত বন্দী হৈছে। ছবিবোৰত স্পষ্টভাৱে ৰাছিয়াৰ পদাতিক টেংক, সশস্ত্ৰ বাহন, আনকি সামৰিক বাহনও দেখা গৈছে।
লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : মাতৃ ভূমি ৰক্ষাৰ বাবে জীৱন দিবলৈ সাজু এইগৰাকী শিক্ষয়িত্ৰী
ইয়াৰ পিছতে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে ভাৰতীয়সকলৰ বাবে খৰখেদাকৈ সতৰ্কবাণী জাৰি কৰিছে৷
উল্লেখ্য যে কেন্দ্ৰৰ ‘অ’পাৰেচন গংগা’ অভিযানে ইতিমধ্যে ৮,০০০ ভাৰতীয়ক দেশলৈ ঘূৰাই আনিলেও যুদ্ধবিধ্বস্ত দেশখনত এতিয়াও ১৬,০০ ভাৰতীয় শিক্ষাৰ্থী আৱদ্ধ হৈ আছে।
তেওঁলোকৰ বহুতে ফেচবুক আৰু টুইটাৰত তেওঁলোকৰ পৰিস্থিতি বৰ্ণনা কৰি আহিছে। কিছুমানে প্ৰাণৰক্ষাৰ বাবে সেনাৰ বাংকাৰত আশ্ৰয় লৈছে। মঙলবাৰে, তেওঁলোকৰ মাজৰ এজন শিক্ষাৰ্থীয়ে কীয়েভৰ ৰাস্তাত খাদ্য কিনিবলৈ গৈ ৰাছিয়াৰ সৈন্যৰ গুলীবৰ্ষণত তেওঁ নিহত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ