বছৰ পাছত বছৰ পাৰ হ’ল… যুদ্ধ ক্ষাম কটা নাই ইজৰাইল আৰু হামাছৰ৷ সীমান্তৰ যুঁজ দেশৰ ভিতৰলৈকে সোমাই শেষ কৰি পেলাইছে দেশ৷ মিছাইল আক্ৰমণৰ পৰা ৰক্ষা পোৱা নাই স্কুল, হাস্পতালো৷ বিপন্ন লক্ষাধিক প্ৰাণ৷ কেৱল ইজৰাইল, পেলেস্তাইনেই নহয়, লেবানন, চিৰিয়াসহ মধ্য প্ৰাচ্যৰ একাধিক দেশত যুদ্ধ, গৃহযুদ্ধ ক্ষমতাৰ টনাআঁজোৰা চলিছে৷ আইচিচ, আল কায়েদা, হিজবুল্লাহৰ দৰে সন্ত্ৰাসবাদী সংগঠনসমূহে সমগ্ৰ বিশ্বতেই সন্ত্ৰাস চলাইছে৷ কিন্তু এই সংগঠনসমূহ কাৰ বলেৰে বলীয়ান? এই সংগঠনসমূহক কোন অদৃশ্য শক্তিয়ে ক্ষমতাৰ লগতে অস্ত্ৰ প্ৰদান কৰি আহিছে?
এই সংগঠন কেইটাৰ চাবি আছে দুখন দেশৰ হাতত৷ মধ্য প্ৰাচ্যৰ দুই দেশ, উচ্চাকাংক্ষাৰে ভৰপুৰ দুখন দেশ৷ এফালে ছৌদী আৰৱ, অন্যফালে ইৰাণ৷ ইজৰাইল, হামাছৰ মাজত এই বিৰোধৰ আঁৰত আছে ছৌদী আৰৱ আৰু ইৰাণৰ হাত৷ এই যুদ্ধ কিন্তু আজিৰ নহয়৷ ইয়াৰ পূৰ্বেও একাধিক দেশৰ মাজত যুদ্ধত বহুবাৰ নাম সাঙোৰ খাইছে দুই দেশৰ৷ কিয় ইমান বিৰোধ ছৌদী আৰৱ আৰু ইৰাণৰ মাজত?
ছৌদী আৰৱ আৰু ইৰাণৰ সম্পৰ্কক লৈ আলোচনা কৰিবলৈ গ’লে পূৰ্বেই জানি থোৱা দৰকাৰ দুই দেশৰ অৱস্থান৷ মধ্যপ্ৰাচ্যৰ এই দুই দেশৰ মাজত বিৰোধ আজিৰ নহয়৷ বহু বছৰ ধৰি এক শিতল যুদ্ধ চলি আছে৷ মজাৰ বিষয়টো হৈছে কোনোৱে কাৰো সৈতে যুদ্ধ নকৰে৷ একেই অঞ্চলত অৱস্থিত চুবুৰীয়া দেশসমূহৰ মাজত যুদ্ধ চলিয়েই আছে৷ ছিৰিয়াৰ ছিভিল ৱাৰ হওক বা লেবানন, ইৰাকৰ দৰে দেশত হৈ থকা সমস্যা৷ সকলোতেই দুই বিৰোধী পক্ষত অৱস্থান কৰে ছৌদী আৰৱ আৰু ইৰাণে৷ এনেকৈয়ে প্ৰক্সি ৱাৰ বা ছায়াযুদ্ধ চলিছে৷
এই যুঁজ কেৱল ভৌগোলিক বা ৰাজনৈতিক ক্ষমতাৰ বাবেই নহয়, ধৰ্মীয় শক্তি আরু মধ্য প্ৰাচ্যৰ আধিপত্যক লৈ টনাআঁজোৰা চলি আছে৷ এই আধিপত্য বা প্ৰভাৱ বজায় ৰাখিবলৈকে দুই দেশৰ মাজত বিৰোধ৷ এই সংঘাত যে চৰম পৰ্যায়ত সেয়া বুজা যায় দুই দেশৰ নেতাৰ কথাতেই৷ আয়াতোল্লাহ খোমেইনিক, ‘মধ্য প্ৰাচ্যৰ হিটলাৰ’ কৈছিল ছৌদীৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে৷ অন্যহাতে ইৰাণৰ বিদেশমন্ত্ৰী মহম্মদ জাভেদ জাৰিফে কৈছে যে কোনো বিপদৰ আঁৰৰ কাৰণ যদি লাগে তেন্তে আঁৰত ছৌদী আৰৱেই আছে৷
সকলোৰে জ্ঞাত যে শিতল যুদ্ধ হৈছিল আমেৰিকা আৰু ৰাছিয়াৰ মাজত৷ ৪০ বছৰ ধৰি সেই যুদ্ধ চলিছিল৷ কিন্তু ছৌদী আৰু ইৰাণৰ মাজৰ যুদ্ধ বহু পুৰণি৷ আমেৰিকা, ৰাছিয়াই যেনেকৈ দেখাদেখিকৈ যুদ্ধ নকৰে যদিও বিৰোধী দেশক সমৰ্থন কৰি ছায়াযুদ্ধ চলাই গৈছে৷ একেদৰে ইৰাণ আৰু ছৌদী আৰবেও যুদ্ধ কৰি গৈছে অবিৰামভাৱে৷ আমেৰিকা আৰু ৰাছিয়াই যুদ্ধ কৰিছিল বিশ্বৰ সকলোতকৈ ক্ষমতাবান দেশ কোন সেই বিষয়টোক লৈ৷ ছৌদী আৰু ইৰাণৰ যুদ্ধ তেলৰ খনিক লৈ৷ মধ্যপ্ৰাচ্যত কাৰ আধিপত্য থাকিব সেই বিষয়টোক লৈ৷
ছৌদী আৰু ইৰাণৰ উত্থান
প্ৰথম বিশ্বযুদ্ধৰ পাছত অটোমেন ৰাজত্বৰ পতন হয়৷ কেইবাটাও শক্তিধৰ ৰাজ পৰিয়ালৰ উত্থান হয়, আৰু ইয়াৰ মাজত আল ছাদ ছৌদী আৰৱৰ অধিকাংশ ঠাই দখল কৰিবলৈ সক্ষম হয়৷ ১৯৩২ চনত ছৌদী আৰৱ প্ৰতিষ্ঠিত হয়৷ ৬ বছৰ পাছত ছৌদীত তেলৰ খলিৰ সন্ধান পোৱা যায়৷ নিশাৰ ভিতৰতে সলনি হয় দেশৰ অৱস্থা৷ নিশাৰ ভিতৰতে বিশ্বৰ অন্যতম ধনী পৰিয়াল হৈ উঠে ছৌদীৰ ৰজা৷ মৰুভূমিতেই গঢ়ি উঠে ৰাস্তাঘাট, চহৰ আদি৷ সেই সময়ত পূৰ্ব দিশত আৰু এখন দেশৰ উত্থান হৈছিল৷ সেয়া হৈছে ইৰাণ৷ সেই দেশৰ বিপুৰ তেলৰ ভাণ্ডাৰ আৰু তুলনামূলকভাৱে বেছি জনসংখ্যা থকা সত্ত্বেও তেওঁলোকে নানান প্ৰতিবন্ধকতাৰ মুখত পৰিছিল৷ বৈদেশিক শক্তিৰ আক্ৰমণ, বিশেষকৈ ব্ৰিটেইন আৰু ৰাছিয়াই দুবাৰ ইৰাণত ক্ষমতা দখলৰ চেষ্টা চলাইছিল৷
১৯৫৩ চনত আমেৰিকাৰ প্ৰচেষ্টাত অভ্যুত্থান হয় ইৰাণৰ৷ প্ৰধানমন্ত্ৰী মহম্মদ মোছাদক এৰোৱাই দিয়াৰ চেষ্টা চলাইছিল৷ সেই মোছাদেই ইৰাণৰ পাশ্চাত্য সংস্কৃতি আঁতৰ কৰিবলৈ উঠিপৰি লাগিছিল৷ কিন্তু তেওঁৰ দুৰ্নীতি আৰু গোপন বাহিনী ছাভাকৰ অত্যাচাৰতেই বিদ্ৰোহৰ জুই জ্বলি উঠিছিল৷
১৯৭০ চন পৰ্যন্ত দুই দেশৰ অৰ্থনীতি তেলৰ ওপৰত নিৰ্ভৰশীল আছিল৷ আমেৰিকাৰ সমৰ্থন আছিল দুই দেশৰ প্ৰতিয়েই৷ কিন্তু দুই দেশৰ চিন্তাধাৰাৰ বিৰোধ আদিৰ বাবে দূৰত্ব বাঢ়ি থাকে৷ ১৯৭৯ চনত আৰম্ভ হয় ইছলামিক ৰোভোলিউছন৷ ৰাজতন্ত্ৰ শেষ কৰি ৰেভলিউছনাৰি ইছলামিক চৰকাৰ গঠিত হয়৷ ১৫ বছৰৰ নিৰ্বাসন শেষ কৰি দেশত উভতি আহে আয়াতোল্লাহ খোমেইনি৷ সেই সময়ৰ পৰাই ইৰাণক থ্ৰেট বা বিপদ হিচাপে ল’বলৈ আৰম্ভ কৰে ছৌদী আৰৱে৷ ইৰাণৰ এই অভ্যুত্থানত ভয় খাইছিল ছৌদী আৰৱেও৷ তেওঁলোকৰ শংকা আছিল , যদি ইৰাণৰ তেওঁলোকৰ দেশৰ দৰেই সামৰিক বা গণ অভ্যুত্থান হৈ যায়৷
ধৰ্মীয় টনা আঁজোৰা
ধৰ্মও দুই দেশৰ সংকটৰ অন্যতম কাৰণ আছিল৷ ইৰাণৰ প্ৰতিষ্ঠাৰ পূৰ্বে মুছলমান দেশ হিচাপে একক আধিপত্য আছিল ছৌদী আৰবৰ৷ দুই দেশ মুছলমান প্ৰধান ৰাষ্ট্ৰ হ’লেও এফালে আছে ইৰাণ, য’ত ছিয়া মুছলমানসকলে বাস কৰে৷ অন্যহাতে ছৌদী আৰৱত ক্ষমতাত আছে ছুন্নি মুছলমানসকল৷ এই দুই দেশক বাদ দি বিশ্বৰ কোনো দেশতেই ইমান গৰিষ্ঠ সংখ্যাত মুছলমানে বাস নকৰে৷ তাৰপিছতো দুই দেশে মুছলমান ৰাষ্ট্ৰ হিচাপে অন্য একক পৰিচয় গঢ়াৰ বাবে দশক দশক ধৰি যুঁজ চলাই আছে৷
ইফালে ছৌদী আৰৱতেই আছে মক্কা আৰু মদিনা৷ যি ইছলাম ধৰ্মৰ সকলোতকৈ পবিত্ৰ স্থান৷ প্ৰতি বছৰে হজ আয়োজন কৰি ছৌদী আৰৱে কোটি কোটি ধন উপাৰ্জন কৰে৷ ফলত স্বাভাৱিকভাৱেই ছৌদী আৰৱ কিছু পৰিমানে হ’লেও আগুৱাই থাকে৷ ছৌদীতেই ১০ৰ পৰা ১৫শতাংস জনসংখ্যা ছিয়া মুছলমান৷
২০১৬ চনত ছিয়া নেতা তথা ছৌদী ৰজাসকলৰ ভিতৰত অন্যতম সমালোচক নিমৰ আল নিমৰক হত্যা কৰা হয়৷ সেই ঘটনাৰ পাছতেই ছৌদীৰ দূতাবাসত জুই লগাই দিয়ে আন্দোলনকাৰীয়ে৷ অন্যহাতে ইৰাণৰ বিৰুদ্ধে অভিযোগ উঠে যে ছৌদীত ৰাজতন্ত্ৰৰ পতনৰ বাবে ছিয়া গোষ্ঠীসমূহক সামৰিক আৰু আৰ্থিক সহায় আগবঢ়াইছে ইৰাণে৷ ইয়াৰপাছতেই ছৌদীয়ে তেওঁলোকৰ মছনদ বচাবলৈ আমেৰিকাৰ সৈতে বন্ধুত্ব বঢ়াবলৈ আৰম্ভ কৰে৷
সামৰিক শক্তি আৰু যুদ্ধত সহায়
সামৰিক প্ৰভাৱ বিস্তাৰত ছৌদীতকৈ বহুগুণে আগুৱাই আছে ইৰাণ৷ লেবাননত আছে হিজবুল্লা যি ইৰাণৰ সেনাৰ দ্বাৰা সমৰ্থিত৷ একেদৰে গাজা ষ্ট্ৰিপত হামাছেও ইৰাণৰ সমৰ্থন লাভ কৰে৷ ছিৰিয়া আৰু ইৰাকৰ বিভিন্ন সংগঠনক পৰোক্ষ সমৰ্থন কৰে ইৰাণৰ ৰেভলিউছনাৰি গাৰ্ডে৷ ইয়াৰ আঁৰত আছে কেইবাটাও কাৰণ৷ ইৰানৰ নিজস্ব সেনাবাহিনী ইমান শক্তিশালী নহয়৷ ইৰাণৰ জেনেৰেল কাশেম ছোলেমানিয়ে দীৰ্ঘ সময় ধৰি বিদেশৰ মাটিত অভিযান চলাইছিল৷ আমেৰিকাই গোপন অভিযান চলাই হত্যা কৰে ছোলেমানিক৷
অন্যহাতে মহম্মদ বিন ছলমানে ক্ষমতাত আহিয়েই য়েমেনৰ হুটিৰ বিৰুদ্ধে যুদ্ধ চলাই৷ সেই যুদ্ধতো হুটিসকলক সমৰ্থম কৰে ইৰাণে৷ এই যুদ্ধৰ পৰা আকৌ প্ৰকট হৈ উঠে ইৰাণ ছৌদীৰ বিৰোধ৷ হুটিৰ দস্যুৱে আক্ৰমণ চলাইছিল ছৌদীৰ তেল শোধনাগাৰত৷ গাল্ফ আৰু লোহিত সাগৰত বিভিন্ন সময়ত যি তেল বা পণ্য বহনকাৰী জাহাজ যায় তাৰ ওপৰতেই আক্ৰমণ চলাই হুটিয়ে৷ সেই আক্ৰমণ এতিয়াও জাৰি আছে৷ আক্ৰমণৰ আঁৰত ইৰাণ যুক্ত হৈ আছে, এনে অভিযোগো বাৰে বাৰে উঠিছে যদিও ইৰাণে অস্বীকাৰ কৰি আহিছে৷ এই আক্ৰমণৰ প্ৰভাৱত বিশ্বৰ সমস্ত দেশতেই পেট্ৰোলিয়াম আৰু তেলৰ দামৰ ওঠানমা হৈ থাকে৷
এই ক্ষমতাৰ যুজ ইৰাকৰ পতনৰ পাছত আৰু প্ৰকট হৈ উঠে৷ ২০০৩ চনত আমেৰিকাই ইৰাক আক্ৰমণ কৰে৷ হত্যা কৰে ছাদ্দাম হুচেইনক৷ ইৰাণ বা ছৌদী আৰৱ কোনোৱে এই আক্ৰমণ অৱশ্যে বিচৰা নাছিল৷ কাৰণ দুই দেশৰ মাজত ৰাফাৰ ডোন হিচাপে কাম কৰিছিল ইৰাকে৷ ছাদ্দামৰ অৱৰ্তমানত একাধিক সামৰিক গোষ্ঠী তৈয়াৰ হয়৷ ছিয়া আৰু ছুন্নি গোষ্ঠীসমূহক পৃথকভাৱে সহায় কৰে দুই দেশে৷ তেতিয়াৰে পৰাই দুই দেশৰ মাজত স্পষ্ট হৈ পৰে বিৰোধ৷
আমেৰিকা আৰু ৰাছিয়াৰ বন্ধুত্ব
ছৌদী আৰৱক সমৰ্থন কৰে আমেৰিকাই৷ এয়াই ছৌদীৰ সকলোতকৈ ডাঙৰ পাৱাৰ৷ ছুদান, মিছৰ আৰু ইজৰাইলেও আমেৰিকাৰ সমৰ্থন পায়৷ অন্যহাতে ইৰাণে তেওঁলোকৰ কাষত পায় চীন আৰু ৰাছিয়াক৷ বন্দুক, সামৰিক শক্তিত বিপুল বিনিয়োগ আছে চীন, আমেৰিকা, ৰাছিয়াৰ৷
ইৰাণ বা ছৌদী আৰৱ কোনোৱে মুকলিকৈ যুদ্ধ কৰিব নিবিচাৰিলেও ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ দুই দেশে এখনে আনখন দেশৰ ওপৰত নানান দোষ জাপি আহিছে৷ ইৰাণ আৰু ছৌদীৰ এই বিৰোধে ক্ৰমশ অস্থিৰ কৰি তুলিছে সমগ্ৰ মধ্যপ্ৰাচ্যক৷ এই ছায়া যুদ্ধ আৰু কিমানদিন চলিব সেয়াহে যুদ্ধ বিশ্লেষকসকলক বাবে ডাঙৰ প্ৰশ্ন হৈ পৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ