৭ বাৰকৈ কমনৱেল্থত স্বৰ্ণ বিজেতা তথা খেলৰত্ন বঁটা প্ৰাপক শৰথ কমলৰ অসৱৰ
২০ বছৰীয়া দীঘলীয়া কেৰিয়াৰত বিৰতি দিলে ভাৰতৰ কিংবদন্তি টেবুল টেনিছ খেলুৱৈ অচন্ত শৰথ কমলে। ডব্লিউ টি টি কনটেণ্ডাৰ টুৰ্ণামেণ্টত শেষবাৰৰ বাবে খেলা দেখা যাব শৰথ কমলক।
কমনৱেলথ গেমছত শৰথে ৭ বাৰকৈ স্বৰ্ণ পদক লাভ কৰি ভাৰতৰ পতাকা উৰুৱাইছিল। একে সময়তে ভাৰতীয় কিংবদন্তিগৰাকীয়ে এছিয়ান গেমছতো জয় কৰিছিল দুটা ব্ৰঞ্জৰ পদক। অৱসৰৰ কথা ঘোষণা কৰি এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে শৰথে।
টেবুল টেনিছৰ জগতখনত ভাৰতক বিশ্বব্যাপী স্বীকৃতি দিয়া কিংবদন্তি খেলুৱৈ শৰথ কমলৰ অৱসৰৰ কথা ঘোষণাৰ পাছতে ক্ৰীড়া অনুৰাগীৰ মাজত শোক। শৰথে এটা দীঘলীয়া পোষ্ট লিখি কয় যে ডব্লিউ টি টি কনটেণ্ডাৰ প্ৰতিযোগিতাখনো তেওঁৰ কেৰিয়াৰৰ শেষ প্ৰতিযোগিতা হ’ব।
কমনৱেলথ গেমছত শৰথে ৭টা স্বৰ্ণ পদকৰ লগতে তিনিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদকো লাভ কৰিছে। এই প্ৰতিযোগিতাত তেওঁ পাঁচবাৰ অংশগ্ৰহণ কৰি মুঠ ১৩টা পদক লাভ কৰিছে। ২০০৬ চনৰ কমনৱেলথ গেমছত অভিষেক ঘটোৱা শৰথে প্ৰথম সংস্কৰণতে দুটাকৈ স্বৰ্ণ পদক লাভ কৰিছিল।
২০২২ চনত খেলা কমনৱেলথ গেমছতো শৰথে নিজৰ খেলেৰে সকলোকে আপ্লুত কৰি মুঠ চাৰিটা স্বৰ্ণ পদক লাভ কৰিছিল।
টেবুল টেনিছৰ জগতখনত অপৰিসীম সফলতা লাভ কৰাৰ বাবে ২০২২ চনত খেলৰত্ন বঁটাও লাভ কৰিছিল শৰথ কমলে। ইয়াৰ লগতে ২০১৯ চনত তেওঁক পদ্মশ্ৰী বঁটাও প্ৰদান কৰা হয়। ইয়াৰ উপৰিও শৰথ আছিল ১০ বাৰৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন।
শৰথে পাঁচবাৰ অলিম্পিক গেমছত অংশ লৈছিল যদিও কোনো পদক লাভ কৰিব নোৱাৰিলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ