পূৰণ হ’ল মুছেৱালাৰ ঠাই, ৫৮ বছৰ বয়সত সিদ্ধুৰ মাতৃয়ে জন্ম দিলে এটি সন্তান
আগমন হ’ল লিটিল মুছেৱালাৰ, প্ৰয়াত গায়ক সিদ্ধু মুছেৱালাৰ ঠাই পূৰণ কৰিবৰ বাবে আহি গ’ল আন এটি মুছেৱালাৰ। ৫৮ বছৰ বয়সত সিদ্ধুৰ মাতৃয়ে জন্ম দিলে এটি সন্তান।
সিদ্ধুৰ পিতৃয়ে সামাজিক মাধ্যম ইন্ষ্টাগ্ৰাম যোগে ফটো সদৰি কৰি জানিবলৈ দিয়ে এই খবৰ। মুছেৱালাৰ হত্যাৰ পাছত অকলশৰীয়া হৈ পৰা পিতৃ-মাতৃয়ে পুনৰ এটি পুত্ৰ সন্তানক এই ধৰালৈ আনে।
ক্ৰমে ৬০ আৰু ৫৮ বছৰ বয়সত সিদ্ধুৰ পিতৃ-মাতৃয়ে আইভিএফ পদ্ধিতৰে এই পুত্ৰ সন্তানটি জন্ম দিবলৈ সক্ষম হয়। সুৰক্ষাজনিত কাৰণত সন্তানটি জন্ম নোহোৱালৈকে এই খবৰ কতো প্ৰকাশ হ’ব দিয়া নাছিল সিদ্ধুৰ পিতৃয়ে।
এবাৰ সামাজিক মাধ্যমত সিদ্ধুৰ খুৰাকে বৌৱেক তথা সিদ্ধুৰ মাতৃ গৰ্ভৱতী হোৱাৰ খবৰ দিছিল, যদিও তাৰ পাছতে সেই খবৰ নস্যাৎ কৰিছিল সিদ্ধুৰ পিতৃয়ে। শেষত পুত্ৰ সন্তানটি সুকলমে জন্ম হোৱাৰ পাছত নিজেই সদৰি কৰে এই খবৰ।

উল্লেখ্য যে, ২০২২ চনত ৬ জনকৈ লোকে ধাৰাসাৰ গুলিৰে সিদ্ধু মুছেৱালাৰ শৰীৰ থকা সৰকা কৰি অতি নিৰ্মমভাৱে হত্যা কৰিছিল। যি ঘটনাই তোলপাৰ লগাইছিল সমগ্ৰ দেশ।
গেংষ্টাৰ গোল্ডী বৰাড়ে পৰিকল্পনা কৰিছিল মুছেৱালাৰ হত্যাৰ। মুছেৱালৰ ঘৰৰ লগতে যি যি ঠাইত অহা-যোৱা কৰে সেই সকলোতে চকু ৰাখি ১৫ দিনৰ পৰিকল্পনাৰে হত্যা কৰিছিল গায়কগৰাকীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















