অসম লাইভ ২৪ঃ সেনাবাহিনীৰ চাকৰি বাদ দি পৰ্ণ তাৰকালৈ পৰিবৰ্তন কৰিলে পেছা। সেনা-বাহিনীত চাকৰি কৰি থাকোতে লাভ কৰা সুবিধাসমূহ কিন্তু বাদ দিবলৈ ইচ্ছুক নহয় প্ৰাক্তন সেনা তথা বৰ্তমানৰ পৰ্ণ তাৰকাগৰাকী। স্তন প্ৰতিৰোপনৰ বাবে যাওঁতে পূৰ্বৰ পৰিচয়েই দাঙি ধৰে চিকিৎসকলৰ কাষত তাৰ পিছতেই চৰ্চালৈ আহিছে পৰ্ণ তাৰকাগৰাকীৰ জীৱনৰ বহু নজনা কথা।
পূৰ্বতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ চাৰ্জেন্ট পদত কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু হঠাতেই তেওঁ নিজৰ কেৰিয়াৰ সলনি কৰাৰ সিদ্ধান্ত লয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা কেলি গানাৰ নামৰ মহিলাগৰাকীয়ে সৈনিকৰ জীৱন ত্যাগ কৰি হঠাতেই হৈ পৰে পৰ্ণ তাৰকা। হাতত বন্দুক লৈ দেশৰ সুৰক্ষাৰ দায়িত্বত থকা কেলিৰে সেই জীৱন ত্যাগ কৰি পৰ্ণ ইণ্ডাষ্ট্ৰীত কাম কৰিবলৈ আগ্ৰহী হৈ উঠে। কিন্তু পৰ্ণ তাৰকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিলেও পূৰ্বতে লাভ কৰা সা-সুবিধা সমূহ বাদ দিবলৈ মুঠেও আগ্ৰহী নহয় কেলি। নতুন পেছাত শৰীৰৰ দৰ বেছি সেয়ে শৰীৰটোক সুন্দৰ ৰূপত সজাই তুলিবলৈ কেলিয়ে স্তন প্ৰতিৰোপনৰ কথা চিন্তা কৰে। নিজৰ বৰ্তমানৰ পৰিচয় গাপ দি সেনাৰ পৰিচয়েৰে স্তন সংৰোপনো কৰোৱাই কেলিয়ে।
বন্দুক হাতত লৈ সীমান্ত পহৰা দিয়াৰ পূৰ্বে কেলিয়ে সেনাৰ জনসংযোগ বিভাগত কাম কৰিছিল। কিন্তু পৰবৰ্তী সময়ত কেলিক সীমান্তত নিয়োজিত কৰা হ’ল। কেলিৰ সৈনিক জীৱনক লৈ আক্ষেপ নাছিল যদিও পৰ্ণ তাৰকা হোৱাৰ হেঁপাহো বহুদিনৰে পৰাই আছিল। সেয়ে শেষত কেলিয়ে সৈনিক পেছা বাদ দি ইচ্ছামতেই এই জীৱন বাছি লৈছে। পৰ্ণ তাৰকা কেলিয়ে তেওঁৰ নতুন পেছাক লৈ মন্তব্যত কয় যে, তেওঁ বিবাহিত নাৰী। এজন চিকিৎসকৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হৈছিল। কিন্তু শেষলৈ স্বামীয়ে কেলিৰ শৰীৰক লৈ ঠাট্টা-মস্কৰা কৰা আৰম্ভ কৰে। যিসমূহ কথাই কেলিক মানসিক অশান্তি দিছিল সেয়ে কেলিয়ে স্বামীৰ পৰা বিচ্ছেদ গ্ৰহণ কৰে।
পিছলৈ কেলিয়ে সৈনিক হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকোতেও শৰীৰ সম্পৰ্কীয় ঠাট্টাবোৰে মনোকষ্ট দিছিল। সেয়ে কেলিয়ে নিজকে এগৰাকী পৰ্ণ তাৰকা হিচাপে গঢ়ি তোলে। শৰীৰৰ দৰ বৃদ্ধিৰ বাবে স্তনৰো চাৰ্জাৰী কৰে। চাৰ্জাৰীৰ বাবে পৰ্যাপ্ত ধন নোহোৱাত নিজকে সৈনিকৰূপে পৰিচয় দিবলৈ বাধ্য হোৱা বুলিও উল্লেখ কৰে পৰ্ণ তাৰকা কেলিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ