অসম লাইভ২৪ঃ বৈদিক জ্যোতিষত গ্ৰহ নক্ষত্ৰ পৰিবৰ্তনক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। কোনো গ্ৰহে ৰাশি পৰিবৰ্তন কৰিলে তাৰ প্ৰভাৱ সমস্ত ৰাশিৰ জাতকৰ ওপৰত পৰে। নক্ষত্ৰ পৰিবৰ্তনেও ৰাশিচক্ৰৰ ৰাশিসমূহক প্ৰভাৱিত কৰে। উল্লেখ্য যে এই বছৰ ৰাখী পূৰ্ণিমাৰ দিনা নক্ষত্ৰ পৰিবৰ্তন কৰিব সূৰ্যই। বৰ্তমাণ মঘা নক্ষত্ৰত বিচৰণ কৰি আছে এই গ্ৰহে। এইবাৰ ৩১ আগষ্ট অৰ্থাৎ ৰাখী পুৰ্ণিমাৰ দিনা পূৰ্বাফাল্গুনী নক্ষত্ৰত প্ৰৱেশ কৰিব এই গ্ৰহই। জ্যোতিষ শাস্ত্ৰ অনুযায়ী সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তন তিনি ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব। তেওঁলোকৰ জীৱনত উন্নতি আহিব। ইয়াৰোপৰি সমস্ত কৰ্মতেই তেওঁলোক লাভৱান হ’ব। সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনে কোন কোন ৰাশিৰ জাতকৰ বাবে ভাল খবৰ কঢ়িয়াব জানেনে?
বৃষ ৰাশি
সূৰ্যৰ পূৰ্বাফাল্গুনী নক্ষত্ৰত প্ৰৱেশে বৃষ ৰাশিৰ জাতকৰ বাবে ভাল খবৰ কঢ়িয়াব। এই সময়ত এই ৰাশিৰ জাতকে আকস্মিক ধন লাভ কৰিব। ইয়াৰোপৰি পিতৃৰ সৈতে সম্পৰ্ক উন্নীত হ’ব। কাম আৰু ব্যৱসায়ত নতুন সুযোগ আহিব। গাড়ী বা সম্পত্তি ক্ৰয় কৰিব পাৰে। মাটি সম্পত্তিৰ ক্ৰয়-বিক্ৰয় কৰিব পাৰে। চৰকাৰী দপ্তৰৰ কৰ্মীয়েও ভাল খবৰ লাভ কৰিব।
মিথুন ৰাশি
সূৰ্যৰ পূৰ্বাফাল্গুনী নক্ষত্ৰত প্ৰৱেশে ভাল খবৰ কঢ়িয়াব। কোনো পৰিকল্পনাত সাফল্য লাভ কৰিব। আকস্মিক ধন লাভৰ যোগ। মিথুন ৰাশিৰ জাতকে নতুন ব্যৱসায়ীক চুক্তি কৰিব পাৰে। ইয়াৰ ফলত আয় বৃদ্ধি সম্ভৱ। আয়ৰ নতুন উৎস মুকলি হ’ব। ৰৈ থকা কোনো কাম সম্পন্ন হ’ব।
কৰ্কট ৰাশি
নক্ষত্ৰ সলনিয়ে কৰ্কট ৰাশিৰ জাতকৰ ওপৰত ভাল প্ৰভাৱ পেলাব। প্ৰতিযোগীতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়ে সাফল্য লাভ কৰিব। চৰকাৰী চাকৰিৰ প্ৰস্তুতি কৰি থকাসকলে ভাল খবৰ লাভ কৰিব। কৰ্কট ৰাশিৰ জাতকসকলে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব। এই সময়ত যি কামেই হাতত নলওক কিয় সুফল পাব। ভ্ৰমণৰো যোগ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ