কেন্দ্ৰৰ মোদী চৰকাৰে পেট্ৰ’ল-ডিজেল আৰু এটিএফ(Aviation Turbine Fuel)ৰ ৰপ্তানিৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। চৰকাৰে পেট্ৰ’ল আৰু এটিএফৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ৬ টকা বৃদ্ধি কৰিছে।
একে সময়তে ডিজেলৰ ওপৰত আবকাৰী শুল্ক প্ৰতি লিটাৰত ১৩ টকা বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও চৰকাৰে ঘৰুৱা খাৰুৱা তেলৰ ওপৰত প্ৰতি টনত ২৩,২৩০ টকা কৰ আৰোপ কৰাৰ কথাও ঘোষণা কৰিছে।
এক সুকীয়া চৰকাৰী অধিসূচনাত কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় তেলৰ মূল্যবৃদ্ধিৰ বাবে উৎপাদকসকলক অপ্ৰত্যাশিত লাভৰ অৰ্জন কৰি অহাৰ প্ৰতি লক্ষ্য ৰাখি ঘৰুৱাভাৱে উৎপাদিত খাৰুৱা তেলৰ ওপৰত চৰকাৰে প্ৰতি টনত ২৩,২৩০ টকা অতিৰিক্ত কৰ আৰোপ কৰা হৈছে।
লগতে পঢ়ক ‘মোৰ স্বামীক ভাড়ালৈ নিয়ক’, ধন উপাৰ্জনৰ অভিনৱ কৌশল বিবাহিতা মহিলাৰ!
ইয়াৰ লগতে কোৱা হৈছে যে ইউৰোপ আৰু আমেৰিকাৰ দৰে বজাৰলৈ ইন্ধন ৰপ্তানি কৰি লাভ আহৰণ কৰা তেল শোধনাগাৰ বিশেষকৈ ব্যক্তিগত খণ্ডৰ শোধনাগাৰৰ ওপৰত ৰপ্তানিৰ ওপৰত কৰ লোৱা হৈছে। আনহাতে, আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ উচ্চ মূল্যৰ ফলত অপ্ৰত্যাক্ষিত লাভ আহৰণ কৰি স্থানীয় উৎপাদকসকলৰ ওপৰতো খাৰুৱা তেলৰ ঘৰুৱা উৎপাদন কৰ আৰোপ কৰা হৈছে।
ডাঙৰ আঘাত মুকেশ আম্বানীক
ৰপ্তানি শুল্ক বৃদ্ধিৰ ঘোষণাৰ পিছতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড (আৰ আই এল), অইল এণ্ড নেচাৰেল গেছ কৰ্প’ৰেশ্যনৰ শ্বেয়াৰ তীব্ৰভাৱে হ্ৰাস পাইছে। আৰআইএলৰ শ্বেয়াৰ ৫%ৰ ওপৰত হ্ৰাস পাইছে, যিটো প্ৰায় ১৮ মাহৰ ভিতৰত ইয়াৰ সৰ্বাধিক হ্ৰাস। আৰম্ভণিতে ৰিলায়েন্সৰ শ্বেয়াৰ ৯% পৰ্যন্ত হ্ৰাস হৈছিল।
উল্লেখ্য যে মুকেশ আম্বানী নেতৃত্বাধীন আৰআইএলৰ জামনগৰ শোধনাগাৰৰ পৰা শোধিত ইন্ধন সমগ্ৰ বিশ্বৰ বহু দেশলৈ ৰপ্তানি কৰা হয়। ৰিলায়েন্সৰ ৰাজহৰ প্ৰায় ৬০% তেল শোধন আৰু পেট্ৰ’কেমিকেলৰ পৰা আহে। একে সময়তে অ’এনজিচিৰ শ্বেয়াৰ ১০% হ্ৰাস পালে। ONGC ভাৰতৰ সৰ্ববৃহৎ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ কোম্পানী। ই ভাৰতীয় ঘৰুৱা উৎপাদনৰ প্ৰায় ৭১% অৰিহণা যোগায়।
লগতে পঢ়ক কপাল ফুলিল চৰকাৰীৰ কৰ্মচাৰীৰ! দৰমহা বৃদ্ধি খাটাং! কিমান বৃদ্ধি পাব দৰমহা?
পেট্ৰ’ল ডিজেল ব্যয়বহুল হ’বনে?
চৰকাৰৰ এই সিদ্ধান্তই ঘৰুৱা পেট্ৰ’ল-ডিজেলৰ হাৰত প্ৰভাৱ নেপেলাই বুলি কোৱা হৈছে। চৰকাৰৰ মতে, এই সিদ্ধান্তৰ ফলত দেশত ইন্ধনৰ মূল্যত কোনো প্ৰভাৱ নপৰে। চৰকাৰে মূল্য কৰ্তনৰ কথা ঘোষণা কৰাৰ পৰা অৰ্থাৎ যোৱা মে’ মাহৰ পৰা ঘৰুৱা পেট্ৰ’ল-ডিজেলৰ দাম সুস্থিৰ হৈ পৰিছে বুলিও কোৱা হৈছে।
২০২২ চনৰ ২১ মে’ত পেট্ৰ’লৰ ওপৰত প্ৰতি লিটাৰত আবকাৰী শুল্ক ৮ টকা আৰু ডিজেলত প্ৰতি লিটাৰত ৬ টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰাৰ পিছতে ইন্ধনৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।
চৰকাৰে আজি ৰপ্তানিৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে পিছতো ঘৰুৱা ইন্ধনৰ মূল্য কম হৈ থকাৰ সম্ভাৱনা আছে। কাৰণ এই ঘোষণাৰ ফলত পেট্ৰ’ল-ডিজেলৰ ঘৰুৱা মূল্যত কোনো প্ৰভাৱ নপৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ