বৰ্তমান দেশৰ প্ৰতি পাঁচজনৰ মাজত এজন ব্যক্তিয়েই কলষ্টেৰলৰ সমস্যাত ভূগি আছে৷ অনিয়মিত জীৱনযাপন, অনিয়ন্ত্ৰিত খাদ্যভাষ, শৰীৰচৰ্চাৰ অভাৱসহ বিভিন্ন কাৰণত কম বয়সতেই শৰীৰত বাঁহ বান্ধিছে ক্ৰনিক ৰোগে৷ শৰীৰত এল ডি এল কলষ্টেৰল বাঢ়ি গ’লে ৰক্তনলীত চৰ্বি জমা হবলৈ আৰম্ভ হয়৷ ৰক্তনলী সংকুচিত হৈ ৰক্ত চলাচল বাধাপ্ৰাপ্ত হয়৷ ফলত হৃদৰোগৰ আশংকা বাঢ়ে৷ কলেষ্টৰেল নিয়ন্ত্ৰণৰ ৰাখিবলৈ কেৱল ঔষধ নহয় ডায়েট আৰু দৈনিক কিছু অভ্যাস সলনি কৰাও জৰুৰী৷
১. অতিৰিক্ত কফি পান
২. মানসিক চাপ
আধুনিক জীৱনৰ অংগ হৈছে মানসিক চাপ৷ ষ্ট্ৰেচ হৰমন কাৰ্টিছলে শৰীৰত এল ডি এল অৰ্থাৎ বেয়া কলষ্টেৰল বাঢ়িছে আৰু এইচ ডি এল অৰ্থাৎ ভাল কলষ্টেৰল কমিছে৷ ২০১৭ চনত এক গৱেষণাত দেখা গৈছে মানসিক চাপে এল ডি এল বঢ়াই দিয়ে৷ দৈনন্দিন জীৱনত চাপমুক্ত থাকিবলৈ নিয়মিত শৰীৰচৰ্চা আৰু শ্বাস প্ৰশ্বাসৰ এক্সাৰচাইজ কৰক৷
৩. ধূমপান
চিগাৰেটৰ দৰে দ্ৰব্যৰ প্ৰধান উপাদান নিকোটিন৷ ই শৰীৰৰ বেয়া কলষ্টেৰলৰ মাত্ৰা বঢ়াব পাৰে৷ বিশেষজ্ঞৰ মতে নিকোটিনে তেজত খুব সোনকালে এইচ ডি এল কমাই আৰু এল ডি এল বঢ়াই দিয়ে৷ ফলত শৰীৰত কলষ্টেৰলৰ মাত্ৰাৰ ভাৰসাম্য নষ্ট হয়৷
৪. গৰ্ভাৱস্থা
গৰ্ভাৱস্থাত তেজত কলষ্টেৰলৰ মাত্ৰা কমপক্ষেও ৩০-৪০শতাংশ বৃদ্ধি পোৱা স্বাভাৱিক৷ কাৰণ ভ্ৰুণৰ সুস্থ বৃদ্ধি আৰু বিকাশৰ বাবে কলষ্টেৰল অপৰিহাৰ্য৷ গৱেষণাত দেখা গৈছে যে গৰ্ভাৱস্থাত উচ্চ কলষ্টেৰলৰ মাত্ৰা ইষ্টোজেন আৰু প্ৰজষ্টেৰণৰ মাত্ৰা বৃদ্ধি, প্লছেণ্টাল লেক্টোজেন আৰু ইনছুলিন প্ৰতিৰোধৰ সৈতে সম্পৰ্কিত৷ বিশেষজ্ঞৰ মতে গৰ্ভাৱস্থাত কলষ্টেৰলৰ মাত্ৰা খুব বেছি বৃদ্ধি পাব পাৰে যি গৰ্ভকালীন হাইপাৰকোলেষ্টেৰোলেমিয়া বা মাতৃত্বকালীন হাইপাৰকোলেষ্টেৰোলেমিয়া নামে পৰিচিত৷ সেই ক্ষেত্ৰত খাদ্যভাষত কিছু পৰিবৰ্তন আৰু লিপিড হ্ৰাসকাৰী ঔষধৰ সহায়ো লব পাৰে৷
৫. দ্ৰুত ওজন কমোৱা
শৰীৰত উচ্চ কলষ্টেৰলৰ এটা প্ৰধান সাম্ভাৱ্য কাৰণ হব পাৰে দ্ৰুত আৰু অতিৰিক্ত ওজন কমোৱা৷ গৱেষণাই কৈছে ওজন কমোৱাৰ চেষ্টা কৰাৰ সময়ত যদি আপুনি খুব কম কেলৰিযুক্ত খাদ্য খায় তেতিয়া এল ডি এল কলষ্টেৰলক সাময়িকভাৱে বঢ়াই দিয়া হয়৷ বিপাকৰ পৰিবৰ্তনৰ কাৰণে এয়া ঘটে আৰু যি দীৰ্ঘম্যাদত বিপজ্জনক হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















