মানৱতাৰ এক উকৃষ্ট নিৰ্দশন প্ৰদৰ্শন কৰি দিল্লীৰ এগৰাকী চিকিৎসক সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে৷ মানৱ দৰদী এই চিকিৎসকগৰাকীৰ হৈছে ডাঃ ৰাজজগোপালন কৃষ্ণন৷ তেওঁ দিল্লীৰ এপ’লৰ হাস্পতালত কৰ্মৰত৷
ডাঃ কৃষ্ণনে বিনামূলীয়াকৈ এগৰাকী পাকিস্তানী কিশোৰীক চিকিৎসা কৰি আৰোগ্য কৰি তুলিলে৷ ইয়াৰ পিছতে মানৱদৰদী চিকিৎসক ডাঃ ৰাজগোপালন কৃষ্ণনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে৷
আফছিন নামৰ পাকিস্তান ১২ বছৰীয়া কিশোৰীগৰাকীৰ ডিঙিটো প্ৰায় ৯০ ডিগ্ৰী বেঁকা হৈ আছিল। আফছিনে মাত্ৰ ১০ মাহ বয়সত জ্যেষ্ঠ ভগ্নীৰ কোলাৰ পৰা তললৈ পৰি যোৱাৰ পিছতে ডিঙিটো এইদৰে বেঁকা হৈ পৰিছিল৷
লগতে পঢ়ক ৰক্ষকেই ভক্ষক! ভুৱা গোচৰ ৰুজু কৰি ধন লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া!
পাকিস্তানৰ সিন্ধ প্ৰদেশৰ বাসিন্দা কিশোৰীগৰাকীয়ে বেঁকা ডিঙিৰে ১১ টা বছৰ অতিক্ৰান্ত কৰে৷ উপযুক্ত চিকিৎসাৰ অভাৱতে কিশোৰীগৰাকীয়ে এক দুৰ্বিষহ জীৱন যাপন কৰি আহিছিল৷
ইফালে আফছিনে Cerebral Palsy ৰোগতো আক্ৰান্ত হয়৷ এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত কিশোৰীগৰাকীৰ বিষ দুগুণ বৃদ্ধি পাইছিল৷ পৰিয়ালৰ লোকে তেওঁক বহু চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল যদিও কোনো সুফল নাপালে।
আফছিনে উপযুক্ত চিকিৎসা লাভ কৰা নকৰাৰ বাবে স্কুললৈও যাব পৰা নাছিল৷ ইমানেই নহয়, খোৱা-বোৱা, খোজ কঢ়া, কথা কোৱা আদি দৈনন্দিন কাম-কাজো ভালদৰে কৰিব পৰা নাছিল।
লগতে পঢ়ক বৰ্ধিত ওজনে নাৰী-পুৰুষ উভয়ৰে বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? জানিবলৈ চাওক…
এজন ব্ৰিটিছ সাংবাদিকে আফছিনৰ অৱস্থাৰ বিষয়ে এখন প্ৰতিবেদন লিখে। এই প্ৰতিবেদনখনৰ যোগেদিয়ে ডাঃ কৃষ্ণনৰ সৈতে কিশোৰীগৰাকীৰ পৰিয়ালৰ সংযোগ স্থাপন হয়৷ আফছিনৰ পৰিয়ালে ডাঃ কৃষ্ণনৰ সংস্পৰ্শলৈ আহে আৰু ডাঃ কৃষ্ণনে বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰাৰ প্ৰস্তাৱ দিয়ে।
ইয়াৰ পাছতে কিশোৰীগৰাকীৰ ১২ বছৰৰ বয়সত দিল্লীৰ এপ’ল হাস্পতালৰ চিকিৎসক ডাঃ ৰাজগোপালন কৃষ্ণনে চিকিৎসা আৰম্ভ কৰে৷ ডাঃ কৃষ্ণনে সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা আৰম্ভ কৰাৰ লগতে চাৰিটাকৈ ব্যয়বহুল অস্ত্ৰোপচাৰ সম্পন্ন কৰে৷ এইদৰেই কিশোৰীগৰাকীয়ে সম্পূৰ্ণ স্বাভাৱিক অৱস্থালৈ আহে৷
ডাঃ কৃষ্ণনৰ চিকিৎসাত সম্পূৰ্ণ নিৰোগী হৈ পৰাৰ পিছতে আফছিনৰ পৰিয়ালে চিকিৎসকগৰাকীক ভগৱানৰ সৈতে তুলনা কৰিছে৷ বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আফছিনৰ ভাতৃ য়াকুবে কয় যে আমি অতি সুখী। ডাক্তৰে ভগ্নীৰ জীৱন ৰক্ষা কৰিলে। তেওঁ আমাৰ বাবে ঈশ্বৰ।
লগতে পঢ়ক ৰণবীৰৰ নগ্ন ফ’টোশ্বুট কোনে কৰিছিল? ক’ত কৰা হৈছিল? কিমান সময় লাগিছিল?
উল্লেখ্য যে এই পৰিয়ালটোৱে পাকিস্তানৰ পৰা ২০২১ চনৰ নৱেম্বৰ মাহত চিকিৎসাৰ বাবে ভাৰতলৈ আহিছিল। ইয়াৰ বাবে তেওঁলোকে অনলাইন ফাণ্ডৰো সহায় লৈছিল। কিশোৰীগৰাকীৰ ভাতৃয়ে প্ৰকাশ কৰিছে ডাঃ কৃষ্ণনে চাৰিওটা অস্ত্ৰোপচাৰৰ বাবে পৰিয়ালটোৰ পৰা এটকাও লোৱা নাছিল৷
ইফালে ডাঃ ৰাজগোপালন কৃষ্ণনে জটিল অস্ত্ৰোপচাৰ সফল কৰি তোলে। অৱশ্যে ডাঃ ৰাজাগোপালনে জনোৱা মতে আফচিনে এতিয়াও নিয়মীয়া স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখিব লাগিব।
ডাঃ কৃষ্ণনে কয় যে তেওঁ ভিডিঅ’ কলৰ জৰিয়তে প্ৰতি সপ্তাহত এই কিশোৰাগৰাকীৰ খবৰ ৰখাৰ সিদ্ধান্ত লৈছে।
ডাঃ কৃষ্ণন আৰু তেওঁৰ দলটোৰ এনে বদান্যতাৰ বাবে ভাৰতসহ পাকিস্তানৰ লগতে ভাৰতৰ সচেতন জনতাৰো প্ৰশংসা লাভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ