আহিবলগীয়া সন্তান ল’ৰা নে ছোৱালী জানিবৰ বাবে স্বামীয়ে ফালি পেলালে পেট, এতিয়া আজীৱন কাৰাবাস
এগৰাকী পিতৃৰ নিৰ্দয় কাণ্ড, পত্নীৰ গৰ্ভত থকা সন্তান ল’ৰা নে ছোৱালী জানিবৰ বাবে স্বামীয়ে ৮ মাহৰ গৰ্ভৱতী পত্নীৰ পেট কাটি দিয়ে। যাৰ ফলত গৰ্ভস্থ সন্তানটোৰ মৃত্যু হোৱাৰ লগতে মহিলাগৰাকীৰো অৱস্থা সংকটজনক।
ল’ৰা সন্তান এটাৰ বাবে হাহাকাৰ কৰি কৰি ৫ জনীকৈ কন্যা সন্তান জন্ম দি দিয়ে , পাছত এটি ল’ৰা সন্তানৰ আশাত পুনৰ গৰ্ভৱতী কৰায় পত্নীক। কিন্তু প্ৰথম মাহৰে পৰা স্বামীৰ মনত উগুল থুগুল লাগি থাকে। বহু উপায় কৰে গৰ্ভৰ সন্তানৰ লিংগ জানিবৰ বাবে। কিন্তু এই ক্ষেত্ৰত কোনো চিকিৎসকেও সহায় নকৰে।
সেয়ে শেষত ৮ মহীয়া গৰ্ভৱতীপত্নীৰ গৰ্ভ কাঁচিৰে কাটি পেলাই। এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে উতত্ৰ প্ৰদেশৰ বৰেলীত। বৰ্তমানে লোকগৰাকীৰ আজীৱন কাৰাবাস হৈছে।
বিয়াৰ ২০ বছৰৰ পাছত ৫গৰাকীকৈ কন্যা সন্তান হোৱাৰ পাছত ষষ্ঠবাৰৰ বাবে পুনৰ গৰ্ভৱতী হৈছিল পত্নী। স্বামীয়ে সেইবাৰ কাঢ়াকৈ কৈ দিছিল, এইবাৰ যদি পুত্ৰ সন্তান নহয় তেন্তে সন্তানটোক মাৰি পেলোৱাৰ লগতে দ্বিতীয় বিবাহো কৰাব।
কিন্তু সন্তান জন্ম হোৱালৈ ৰৈ থকাৰ নিজৰেই ধৈৰ্য হেৰাই যায। শেষত কাঁচি লৈ নিজেই নিজৰ পত্নীৰ পেট কাটি দিয়ে। লগে লগে হুৱাদুৱা লাগি যায়। মহিলাগৰাকীৰ মাতৃগৃহৰ লোক আহি উপস্থিত হৈ হাস্পতাললৈ লৈ যায়। কিন্তু প্ৰচুৰ ৰক্তক্ষৰণৰ ফলত প্ৰাণৰ সংকটত ভুগিছে মহিলাগৰাকীয়ে, আনহাতে গৰ্ভৰ সন্তানটোৰো মৃত্যু হয়।
আৰক্ষীক ঘটনা সন্দৰ্ভে খবৰ কৰি গোচৰো ৰুজু কৰে । ৰুজু কৰা গোচৰৰ ভিত্তিতে আৰক্ষীয়ে পুত্ৰ সন্তান বিচৰা পিতৃক আটক কৰি লৈ যায়। পাছত এই অপৰাধৰ শাস্তি হিচাপে ন্যাযালয়ে ৪০ হাজাৰ টকা জৰিমনা বিহাৰ লগতে আজীৱন কাৰাবাসৰো শাস্তি প্ৰদান কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ