অসম লাইভ ২৪ঃ সমাজত পুৰুষেই হওক বা মহিলাই হওক নিজৰ কৰ্ম বা নিজৰ আত্ম পৰিচয়েৰে সকলোৱে এটা নিদিষ্ট স্থান লাভ কৰে বা যথোপযুক্ত এটা সন্মান লাভ কৰে। কিন্তু এনে এচাম আমাৰ সমাজৰে লোক আছে যাক সকলোৱে ঘৃণা বা অৱমাননা কৰি সদায়ে সমাজৰ এক অৱৰ্জনা বুলি ভাৱি লৈ নানান তিৰষ্কাৰ কৰে।
সেই সকল লোক সদায়ে সমাজৰ ঘৃণা, তিৰষ্কাৰৰ বলি হৈ নানা সমস্যাৰ সন্মুখিন হৈ আহিছে। কেতিয়াবা যদি লঘোনীয়া পেটেৰে শুইছে তেন্তে কেতিয়াবা লঘোনীয়া পেটেৰেই বেলেগৰ চৰ-থাপৰ খাব লগা হৈছে। আৰু সমাজৰ এই বিশেষ শ্ৰেণীৰ লোকসকলেই হৈছে তৃতীয় লিংগৰ লোকসকল। কিন্তু এইবাৰ তৃতীয় লিংগৰ লোকসকলৰ বাবে কৰ্ণাটক চৰকাৰে লৈ আহিছে বিশেষ সুবিধা। এতিয়াৰ পৰা কৰ্ণাটক আৰক্ষীত ১ শতাংশ আসন সংৰক্ষণ কৰিব লাগিব তৃতীয় লিংগৰ লোকৰ বাবে।
এইকথা স্পষ্ট কৰি দিয়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ে। আৰু এই নিৰ্দেশৰ পাছতেই কৰ্ণাটক আৰক্ষীৰ বিশেষ সংৰক্ষণ Sub-Inspector আৰু IRB অৰ্থাৎ Indian Reserve Battalion ৰ বাবে উপযুক্ত তৃতীয় লিংগৰ প্ৰাৰ্থীৰ পৰা ১৮ জানুৱাৰীৰ ভিতৰত অনলাইন যোগে আৱেদন বিচাৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ