বৈদিক জ্যোতিষ অনুসৰি শুক্ৰগ্ৰহ হৈছে সৌন্দৰ্য, প্ৰেম আৰু ভালপোৱাৰ কাৰক গ্ৰহ। শুক্ৰক দৈত্যৰ আচাৰ্য বুলি কোৱা হয়। সেই কাৰণেই শুক্ৰক দৈত্যাচাৰ্যও বুলি কোৱা হয়। আগন্তুক ১৯ মাৰ্চৰ সন্ধিয়া ৫ বাজি ৫১ মিনিটত মীন ৰাশিত অস্ত যাব শুক্ৰ। জ্যোতিষ গণনাত দেখা গৈছে যে শুক্ৰ অস্ত গলে নানান দিশৰ পৰা লাভৱান হব পাঁচ ৰাশিৰ জাতক। জানি থওক ১৯ মাৰ্চৰ পৰা ভাগ্য খুলিব কাৰ কাৰ?
মিথুন ৰাশি
শুক্ৰ ডুবিলে নানান পজিটিভ পৰিবৰ্তন আহিব মিথুন ৰাশিৰ জাতকৰ জীৱনত। এই সময়ত আপোনাৰ সাংসৰিক জীৱন আৰু পেছাগত জীৱনত উন্নতি আহিব। আৰ্থিক লাভ কৰিব পাৰে আৰু স্বাস্থ্যও ভালে থাকিব। নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক আৰু মজবুত হব। নানান দিশৰ পৰা অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















