অসম লাইভ ২৪ঃ বিৰাটক বেছি ভালপায়নে ৰোহিত শৰ্মাক? কোনে বেছি ভাল খেলে? দৈনিক এই বিষয়টোক লৈ অনুৰাগীৰ মাজত চৰ্চা। কিন্তু এই আলোচনাই যে এজন ক্ৰিকেটপ্ৰেমীৰ জীৱনেই কাঢ়িব পাৰে সেই কথা জানো কল্পনা কৰা যায়? তেনে এক অদ্ভুত ঘটনাই সংঘটিত হৈছে দেশত। বিৰাটৰ অনুৰাগীয়ে হত্যা কৰিলে ৰোহিত শৰ্মাৰ এজন অনুৰাগীক। অনুৰাগীৰ এই কাৰ্যকলাপৰ পিছতেই সামাজিক মাধ্যমত বহুমত বিৰাট কোহলীক গ্ৰেপ্তাৰ কৰিব লাগে।
সামাজিক মাধ্যমত বহুলভাৱে চৰ্চা লাভ কৰিছে এই হত্যাকাণ্ডৰ ঘটনাই। টুইটাৰতো ট্ৰেণ্ড কৰিছে #ArrestKohli. ঘটনাটো ভাৰতবৰ্ষৰে তামিলনাডুত। তামিলনাডুৰ মাল্লুৰ এলেকাত পি ভিগনেশ আৰু ধৰ্মৰাজ নামৰ দুই বন্ধুৱে কোহলী আৰু ৰোহিত শৰ্মাৰ খেলক লৈ আলোচনা কৰি আছিল। ইফালে সন্মুখত টি-২০ বিশ্বকাপ। কোন তাৰকাই বেছি ভাল খেলে সেই বিষয়টোক লৈয়েই আড্ডা জমি উঠিছিল।
কিন্তু এটা সময়ত এই আলোচনাই গৈ তৰ্কৰ ৰূপ লয়। বিৰাট কোহলীৰ অনুৰাগী ধৰ্মৰাজে এটা সময়ত খঙত একো নাই হৈ এটা কাঁচৰ বটলেৰে ৰোহিত অনুৰাগী পি ভিগনেশৰ মূৰত মৰিয়াই দিয়ে। ধৰ্মৰাজৰ আক্ৰমণত সেই স্থানতেই প্ৰাণ হেৰুৱাই পি ভিগনেশে। ঘটনাৰ পিছতেই আৰক্ষীয়ে আটক কৰিছে বিৰাট অনুৰাগী ধৰ্মৰাজক। ধৰ্মৰাজে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি বিৰাটক সমালোচনা কৰিছিল ভিগনেশে। কোহলীৰ খেলো ভাল নহয় আদি বিষয় উত্থাপন কৰাৰ বাবেই এইদৰে হত্যা কৰা বুলি স্বীকাৰ কৰিছে ধৰ্মৰাজে।
উল্লেখ্য যে, ঘটনাটোৱে সামাজিক মাধ্যমতো ট্ৰেণ্ড কৰিছে। টুইটাৰত বহুসংখ্যকেই কোহলীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবীও উত্থাপন কৰিছে। পূৰ্বেও ক্ৰিকেটাৰৰ অনৰাগী আছিল। শচীন তেণ্ডুলকাৰ, ৰিকি পণ্টিং, ব্ৰায়ান লাৰা আদিৰো বহু অনুৰাগী আছে। অনুৰাগীৰ মাজত মতানৈক্যও আছে কিন্তু এনেদৰে হত্যা কৰাৰ ঘটনা ক্ৰিকেটৰ ইতিহাসত হয়তো এয়াই প্ৰথম। ৰোহিত অনুৰাগীৰ হত্যাৰ পিছতেই সচেতন একাংশ ক্ৰিকেট অনুৰাগীয়ে উত্থাপিত কৰিছে প্ৰশ্ন, ‘কি হৈছে, এইয়া ক্ৰীড়াপ্ৰেমী কাৰ্যকলাপ কেনেকৈ হ’ব পাৰে?’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ