বিৰাট কোহলীৰ ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে FIR, পূৰ্বেও দাখিল হৈছিল অভিযোগ
ভাৰতীয় ক্ৰিকেট জগতৰ তাৰকা খেলুৱৈ ৰিবাট কোহলীৰ ৰেষ্টুৰেণ্টৰ জনপ্ৰিয়তাৰ কথা সকলোৱে জানে। ইয়াৰ শাখা কেৱল দেশৰ বিভিন্ন ঠাইতে নহয়, বিদেশৰ মাটিতো আছে। পাছে এইবাৰ ভাৰতৰে এখন ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে উত্থাপিত হৈছে এফ আই আৰ।
বেংগালুৰুৰ বিৰাট কোহলীৰ ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে এফআইআৰ ৰুজু হৈছে। কোহলীৰ ‘one8 commune’ৰ নামত বহু ৰেষ্টুৰেণ্ট আছে। কোহলীৰ ৰেষ্টুৰেণ্টৰ বহু শাখা ভাৰতৰ বহু চহৰত আনকি বিদেশতো খোলা আছে। এই এফ আই আৰ পঞ্জীয়ন কৰা কোহলীৰ ৰেষ্টুৰেণ্টখন বেংগালুৰুৰ এম জি ৰোডত অৱস্থিত।
এই গোচৰৰ তথ্য দি ডিচিপি চেণ্ট্ৰেলে কয় যে বেংগালুৰুৰ এমজি ৰোডত বিৰাট কোহলীৰ মালিকানাধীন ৱান৮ কমিউনৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে। কাইলৈ নিশা ১:৩০ বজালৈকে দেৰিকৈ খোলাৰ বাবে প্ৰায় ৩-৪ টা পাব বুকিং কৰিছিল।
উচ্চস্বৰত সংগীত বজোৱাৰ অভিযোগ আৰক্ষীৰ হাতত পৰিছিল। পাববোৰ পুৱা ১ বজালৈকেহে খোলা ৰখাৰ অনুমতি আছিল, তাৰ পিছত নহয়। কিন্তু তাৰ পাছতো বহু দেৰিলৈ খোলা আছিল ৰেষ্টুৰেণ্ট। বৰ্তমানে বিষয়টোৰ তদন্ত চলি আছে, তাৰ পিছতহে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
কোহলীৰ ‘one8 commune’ ৰেষ্টুৰেণ্টৰ শাখা দিল্লী, মুম্বাই, পুনে আৰু কলকাতাৰ দৰে মেট্ৰ’ চহৰত আছে। এই এফআইআৰ পঞ্জীয়ন হোৱা বেংগালুৰুৰ কোহলীৰ ৰেষ্টুৰেণ্টখন যোৱা বছৰৰ ডিচেম্বৰ মাহত মুকলি কৰা হৈছিল।
ইয়াৰ পূৰ্বেও কোহলীৰ ৰেষ্টুৰেণ্টখন বিতৰ্কই আগুৰি ধৰিছিল। শেহতীয়াকৈ এজন ব্যক্তিয়ে তামিলনাডুৰ কোহলীৰ ৰেষ্টুৰেণ্টৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। য’ত ব্যক্তিজনৰ পিন্ধা কাপোৰক লৈ ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাবলৈ দিয়া হোৱা নাছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ