সোমবাৰে ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা নতুন সপ্তাহত মকৰ ৰাশিত ত্ৰিগ্ৰহী যোগ গঠিত হৈছে৷ নতুন সপ্তাহত মকৰ ৰাশিত মিলিত হৈছে সূৰ্য, চন্দ্ৰ আৰু বুধ৷ ইয়াৰ ফলত বুধাদিত্য যোগৰ ওপৰিও মকৰ ৰাশিত আছে ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ৷ কৰ্কট ৰাশিত গোচৰ কৰিব মঙ্গলে৷ এই শুভ যোগৰ প্ৰভাৱত ২৭ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীৰ মাজত এই সপ্তাহত সৌভাগ্য লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক চলিত সপ্তাহত সকলোতকৈ সৌভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
২৭ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীৰ মাজত এই সপ্তাহত আৰ্থিকভাৱে দুৰ্দান্ত লাভ কৰাৰ যোগ আছে মেষ ৰাশিৰ জাতকৰ৷ সপ্তাহৰ আৰম্ভণিতে অতিৰিক্ত উপাৰ্জন হ’ব পাৰে৷ এই সময়ত আৰ্থিক পৰিস্থিতি ভালে থাকিব৷ সপ্তাহৰ আৰম্ভণিতে কৰোবালৈ যাত্ৰা কৰিব পাৰে৷ এই যাত্ৰা আপোনাৰ বাবে লাভজনক হ’ব৷ অফিচত চিনিয়ৰ আৰু জুনিয়ৰসকলৰ সমৰ্থন পাব৷
মিথুন ৰাশি
২৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই সপ্তাহত সকলো কামতে সৌভাগ্য লাভ কৰিব মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি বিনিয়োগৰ পৰা মোটা টকা লাভ কৰিব পাৰে৷ নতুন বিনিয়োগৰ বাবে এই সময় শুভ৷ শুভাকাংক্ষীৰ পৰামৰ্শ লৈ বিনিয়োগ কৰক৷ কাৰোৰে সৈতে ৰূঢ় ব্যৱহাৰ নকৰিব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















