• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃক্ক বা কিডনীৰ কৰ্কটৰোগ কি? আৰু ল’বলগীয়া সচেতনতাৰ বিষয়ে কিছু কথা…

বৃক্ক বা কিডনীৰ কৰ্কটৰোগ কি? আৰু ল’বলগীয়া সচেতনতাৰ বিষয়ে কিছু কথা…

4 years ago
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

22 minutes ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

54 minutes ago
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

1 hour ago
কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

1 hour ago
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

2 hours ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

19 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

20 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

20 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

20 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

21 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

21 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

বৃক্ক বা কিডনীৰ কৰ্কটৰোগ কি? আৰু ল’বলগীয়া সচেতনতাৰ বিষয়ে কিছু কথা…

editor by editor
August 22, 2022
in জীৱনশৈলী, লেখা, স্বাস্থ্য
0
বৃক্ক বা কিডনীৰ কৰ্কটৰোগ কি? আৰু ল’বলগীয়া সচেতনতাৰ বিষয়ে কিছু কথা…
0
SHARES
20.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ দেৱাংগ শৰ্মাঃ কৰ্কটৰোগৰ কথা ন-কৈ ক’বলগীয় একো নাই হয়তো। অৰ্থাৎ প্ৰায় সকলো লোকেই কৰ্কটৰোগ আৰু ইয়াৰ ভয়াবহতা বা প্ৰাণঘাতী ৰূপৰ বিষয়ে অৱগত। কৰ্কটৰোগ দেহৰ বিভিন্ন অংগতেই হ’ব পাৰে। যিকোনো এক অংগৰ কোষৰ অস্বাভাৱিকধৰণে বঢ়াৰ ফলতেই সেই বিশেষ অংগ কৰ্কটৰোগত আক্ৰান্ত হয়। সাধাৰণতে দেহৰ অন্যান্য অংগত হোৱা কৰ্কটৰোগ সম্পৰ্কে যিমান চৰ্চা হয়, ঠিক তেনেদৰেই বৃক্ক বা কিডনীত হোৱা কৰ্কটৰোগৰ বিষয়ে তেনেদৰে বহুল চৰ্চা হোৱা দেখা নেযায়৷

পিছে বৃক্ক বা কিডনীৰ কৰ্কটৰোগত আক্ৰান্ত ব্যক্তিৰ পৰিসংখ্যা বৰ্তমান সময়ত চিন্তনীয়ভাৱে ক্ৰমবৰ্দ্ধমান। মানৱ দেহৰ পেটৰ অংগসমূহৰ পিছফালে, ৰাজহাড়ৰ দুয়োকাষে থকা মাহৰ আকৃতিৰ আৰু আকাৰত ঠিক আমাৰ হাতৰ মুঠিটোৰ সমান দুটি অংগই হৈছে বৃক্ক বা কিডনী। বৃক্ক দুটিৰ প্ৰধান কাম হৈছে তেজৰ পৰা অপ্ৰয়োজনীয় তথা দেহৰ বাবে অপকাৰী পদাৰ্থসমূহ নিষ্কাষণ কৰি প্ৰস্ৰাৱ প্ৰস্তুত কৰা। এক কথাত ক’বলৈ গ’লে তেজ পৰিশোধন কৰি ৰখাৰ প্ৰক্ৰিয়া। কেতিয়াবা কেতিয়াবা এই অহৰহ কাম কৰি থকা অংগ দুটিও আন অংগৰ দৰে ৰোগগ্ৰস্ত হয়।

ইয়াৰে ভিতৰত বৃক্কৰ কেন্সাৰ বা কৰ্কটৰোগ অন্যতম। সাধাৰণতে প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত ‘ৰেনেল চেল কাৰ্চিন’মা’ বুলি এবিধ কৰ্কটৰোগ বেছিকৈ হোৱা দেখা যায়। আৰু বাঢ়ন্ত শিশুৰ ক্ষেত্ৰত ‘ৱিলমছ্ টিউমাৰ’ বুলি আন এবিধ কেন্সাৰ হোৱা দেখা যায়। বৃক্কৰ কিছুমান কোষৰ ডিএনএত হঠাৎ কেতিয়াবা পৰিৱৰ্তন হ’বলৈ ধৰে। অৰ্থাৎ কোষবোৰ অনিয়ন্ত্ৰিত ৰূপত বৃদ্ধি পাবলৈ ধৰে। কোষৰ এই ডিএনএ বিলাকতে কোষ এটাই কি কৰিব লাগে, তাৰ নিৰ্দ্দেশ থাকে, অৰ্থাৎ ডি এন এই কোষবিলাকৰ কাৰ্যক্ৰম নিৰ্ধাৰণ কৰে। গতিকেই কোষৰ ডিএনএত হোৱা এনে পৰিৱৰ্তনে কোষসমূহক তড়িৎ গতিত বিভক্ত হ’বলৈ আৰু বাঢ়িবলৈ সংকেত বা নিৰ্দ্দেশ দিয়ে।

লগতে পঢ়ক ১৫০০ হাজাৰ টকা লৈ ৫ যুৱকৰ বিৰুদ্ধে দলৱদ্ধ ধৰ্ষণৰ গোচৰ মহিলাৰ! ইয়াৰ পিছত কি হ’ল?

এনেদৰে অস্বাভাৱিকভাৱে আৰু অনিয়ন্ত্ৰিত পৰিমাণত বৃদ্ধি পোৱা কোষসমূহৰ পৰা একো একোটা টিউমাৰ গঢ় লয়। আৰু এনেদৰেই কেন্সাৰজনিত টিউমাৰৰ সৃষ্টি হয়। কেতিয়াবা এনে টিউমাৰ বাঢ়ি কিডনীৰ বাহিৰ পৰ্যন্ত পাবগৈ পাৰে আৰু কিছুমান কোষ ভগ্ন হৈ দেহৰ আন আন অংগ পৰ্যন্তও বিয়পি পৰিব পাৰে। তেতিয়া ৰোগীজনৰ অৱস্থা অধিক জটিল হৈ পৰে। সাধাৰণতে বৃক্ক বা কিডনীৰ কৰ্কটৰোগ খুব সোনকালে বা প্ৰাৰম্ভিক অৱস্থাতেই ধৰা পৰে। এনে অৱস্থাৰ পৰাই চিকিৎসা আৰম্ভ কৰিলে ৰোগী এজন সুস্থ হৈ উঠাৰ সম্ভাৱনাও বৃদ্ধি পায়।

এতিয়া আহিছো বৃক্ক বা কিডনীৰ কেন্সাৰৰোগৰ লক্ষণসমূহৰ দিশলৈ। এইটো এটা উল্লেখনীয় কথা যে প্ৰাৰম্ভিক পৰ্যায়ত, কিডনীৰ কেন্সাৰৰোগৰ কোনো লক্ষণেই তেনেকৈ চকুত পৰাবিধৰ নহয়। ক্ৰমাগতভাৱেহে এই লক্ষণসমূহ দেখিবলৈ পোৱা যায়। এনে কেইটিমান লক্ষণ হৈছে— ক) প্ৰস্ৰাৱত তেজ পৰা, যাৰবাবে প্ৰস্ৰাৱৰ ৰঙ গুলপীয়া, ৰঙা অথবা গাঢ় ৰঙা হ’ব পাৰে, ২) দেহৰ পিছফালৰ নেৰানেপেৰা বিষ, ৩) খাবলৈ মন নোযোৱা হোৱা বা অৰুচি, ৪) অকাৰণত হ্ৰাস হোৱা ওজন, ৫) ভাগৰুৱা বা অৱশ অনুভৱ কৰা, ৬)জ্বৰ ইত্যাদি।

এতিয়া আহিছো এই বৃক্কৰ কৰ্কটৰোগৰ কাৰকসমূহৰ কথালৈ, মানে কি কি কাৰকে এই ৰোগ হোৱাত অৰিহণা যোগায়। প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিম্নোক্ত কাৰকসমূহে বৃক্কৰ কৰ্কটৰোগ হোৱাত অৰিহণা যোগাই। যেনে—

লগতে পঢ়ক পুৰুষৰ যৌন সংগী ৪ গৰাকীৰ বিপৰীতে মহিলাৰ যৌন সংগী কিমান? ৰৌটোকে ঢৌ কৰা হৈছে নেকি?

১) বাঢ়ি অহা বয়সঃ- যিকোনো এজন ব্যক্তিৰ ক্ষেত্ৰতেই বাঢ়ি অহা বয়স বৃক্কৰ কৰ্কটৰোগৰ এক কাৰক হ’ব পাৰে।

২) ধূম্ৰপানঃ- ধূম্ৰপানৰ অপকাৰিতাৰ বিষয়ে সকলোৱেই অৱগত। বৃক্কৰ কৰ্কটৰোগৰ ক্ষেত্ৰতো ধূম্ৰপান নকৰাসকলৰ তুলনাত ধূম্ৰপান কৰাসকলৰ এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। অৱশ্যেই ধূম্ৰপান ত্যাগ কৰিলে এই সম্ভাৱনাও সমান্তৰালকৈ কমি যায়।

৩) মেদবহুলতাঃ- বিভিন্ন অধ্যয়ন আদিত এই কথা স্পষ্ট হৈছে যে যিসকল ব্যক্তি সুস্বাস্থ্যৰ গৰাকী,অৰ্থাৎ যাৰ দেহত প্ৰয়োজনাধিক মেদ বা চৰ্বী নাই তেওঁ‌লোকৰ তুলনাত মেদবহুল ব্যক্তিসকলৰ অৰ্থাৎ যিসকলৰ চৰ্বী বেছি বাবে দেহৰ ওজন প্ৰয়োজনতকৈ বেছি সেইসকলৰ বৃক্কৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা অধিক।

৪) উচ্চ ৰক্তচাপঃ- যিসকল লোক উচ্চৰক্তচাপৰ সমস্যাত ভোগে সেইসকল লোকৰো বৃক্কৰ কৰ্কটৰোগ হোৱাৰ প্ৰৱণতা বেছি থাকে।

৫) বৃক্ক বিকল হোৱাৰ বাবে কৰা দীৰ্ঘম্যাদী চিকিৎসাঃ- যিসকল লোকৰ বিভিন্ন কাৰণত বৃক্ক বিকল হয়, অৰ্থাৎ বৃক্কই নিজৰ কাৰ্যকলাপ চলাই নিবলৈ অক্ষম হয়, সেইসকল লোকক দীৰ্ঘকালৰ বাবে ডায়েলাইছিছৰ দৰে চিকিৎসা প্ৰক্ৰিয়াৰ মাজেৰে যাব লগা হয়। পৰিতাপৰ বিষয় যে দীৰ্ঘকাল গ্ৰহণ কৰা এনে চিকিৎসাও বৃক্কৰ কৰ্কটৰোগ সৃষ্টি হোৱাৰ এক কাৰক হ’ব পাৰে।

লগতে পঢ়ক লয়লাস যুৱতীৰ বিষাক্ত চুম্বন! যুৱতীৰে গভীৰ চুম্বনৰ পিছতে মৃত্যু কাৰাবন্দীৰ

৬) পৰিয়ালকেন্দ্ৰিক কাৰকঃ- যদিহে পৰিয়ালত কাৰোবাৰ বৃক্কৰ কৰ্কটৰোগ হোৱাৰ ইতিহাস থাকে, তেন্তে পৰৱৰ্তী সময়ত বংশানুক্ৰমিকভাৱেও এই ৰোগ পৰিয়ালৰ পিছৰ প্ৰজন্মৰ হোৱাৰ সম্ভাৱনা থাকে।

কিছু কিছু ব্যৱস্থা নিজাববীয়াকৈ গ্ৰহণ কৰিও এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। যেনে পূৰ্বে উল্লেখ কৰাৰ দৰে ধূম্ৰপানৰ অভ্যাস ত্যাগ কৰি, এক স্বাস্থ্যসন্মত ওজন বৰ্তাই ৰখাৰ লগতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত কৰি ৰাখি বৃক্কৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা বহুখিনি হ্ৰাস কৰিব পাৰি।

বৃক্কত হোৱা টিউমাৰৰ পৰ্যায় আৰু ৰোগীজনৰ সামূহিক স্বাস্থ্যৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি বৃক্কৰ কৰ্কটৰোগৰ চিকিৎসাৰ বহুকেইবিধ উপায় আছে। তাৰে ভিতৰত কেইবিধমান হৈছে—অস্ত্ৰোপচাৰ, এব্লেচেন, ৰেডিয়েচন থেৰাপী, টাৰ্গেটেড ড্ৰাগ থেৰাপী, ইমিউন’থেৰাপী আৰু কেম’থেৰাপী। যদিহে ওপৰত উল্লেখ কৰা লক্ষণসমূহ আপোনাৰ দেহত দেখা দিয়ে, তেন্তে পলম নকৰি এজন কিডনীৰ ৰোগ বিশেষজ্ঞৰ কাষ চাপক। এনেয়ো মাজে-সময়ে কিডনী বা বৃক্কৰ ৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ  লোৱাৰ লগতে যাৱতীয় পৰীক্ষা-নিৰীক্ষা আদি কৰাই থকাতো আপোনাৰ সুস্বাস্থ্যৰ বাবেই জৰুৰী।

লেখক-  এম বি বি এছ,এম এছ,এম চি এইচ (ইউৰ’লজী), গুৱাহাটী মেট্ৰ’ হাস্পতাল, ফোন-৯৪৩৫০৪৯২০১

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamKidney Cancer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?
অপৰাধ

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

April 16, 2026
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব
জীৱনশৈলী

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

April 16, 2026
কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব
চিনেমা

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

April 16, 2026
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ
জীৱনশৈলী

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

April 16, 2026
Next Post
বিষাক্ত সাপৰ সৈতে ধেমালিয়ে কাল হ’ল দেৱেন্দ্ৰৰ, শিশুসহ নিজৰ ডিঙিত মেৰিয়াই কৰিছিল খেলা

বিষাক্ত সাপৰ সৈতে ধেমালিয়ে কাল হ’ল দেৱেন্দ্ৰৰ, শিশুসহ নিজৰ ডিঙিত মেৰিয়াই কৰিছিল খেলা

প্ৰেমিকলৈ ভিডিঅ’ কল কৰি প্ৰেমিকাৰ আত্মহত্যা, গুৱাহাটীৰ ক’ত উদ্ধাৰ হ’ল যুৱতীৰ মৃতদেহ?

প্ৰেমিকলৈ ভিডিঅ’ কল কৰি প্ৰেমিকাৰ আত্মহত্যা, গুৱাহাটীৰ ক’ত উদ্ধাৰ হ’ল যুৱতীৰ মৃতদেহ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.