ভাৰতত ট্ৰেইনত যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা বহু বেছি৷ ৰে’লৰ নেটৱৰ্ক ক্ৰমশ বাঢ়িয়েই গৈ আছে৷ সেতু আৰু টানেলৰ সংখ্যাও তেনেকৈ বাঢ়িব ধৰিছে৷ দুৰ্গম এলেকাতো তৈয়াৰ হ’ব ধৰিছে ৰে’লপথ৷ দেশৰ প্ৰায় সকলো প্ৰান্ততেই এতিয়া ট্ৰেনৰ যোগাযোগ সম্ভৱ হৈ উঠিছে৷ প্ৰতিদিনে কৰ্মক্ষেত্ৰত যাতায়াত কৰাৰ পৰা আৰম্ভ কৰি এখন ৰাজ্যৰ পৰা অন্য ৰাজ্যলৈ যোৱাৰ বাবে ট্ৰেনেই একমাত্ৰ সচ্ছল বিকল্প৷ বিমান যাত্ৰা কৰিব পাৰিলেও সাধাৰণ যাত্ৰীৰ বাবে খৰচ বহু বেছি হৈ পৰে৷ কাৰণ বিমানৰ টিকটৰ দাম ৰে’লৰ টিকটতকৈ বহু বেছি৷ বিমানৰ অৰ্ধেক খৰচতেই ট্ৰেইনৰ যাতায়াত কৰিব পাৰিব৷ ট্ৰেইনৰ যাতায়াতৰ বাবে অনলাইন টিকট বহুতে কৰে যদিও এতিয়াও কাগজৰ টিকট লোৱা লোকৰ সংখ্যা কম নহয়৷
যদি কাগজৰ টিকট কেতিয়াবা ট্ৰেইনত উঠাৰ আগতেই ফাঁটি যায় তেন্তে কি কৰিব? এই পৰিস্থিতিত আপুনি ট্ৰেইনত ভ্ৰমণ কৰিব পাৰিবনে? এই ক্ষেত্ৰত কোনো অসুবিধা নহয়৷ ট্ৰেইনৰ টিকট ফাটি গ’লে ভাৰতীয় ৰেল ৰিজাৰ্ভেছন কেন্দ্ৰত এই কথা জনোৱাটো প্ৰয়োজন৷ তাতেই আপুনি আপোনাৰ ৰিজাৰ্ভেছন টিকটৰ ডুপ্লিকেট টিকট বনাব পাৰে৷ এই টিকটো প্ৰকৃত টিকটৰ সৈতে একেই৷
এই ডুপ্লিকেট টিকটৰ বাবে কিছু ধন জমা দিব লাগে৷ বিনিময়ত আপোনাক ৰেলৱেৰ এক ৰিচিপ দিয়া হয়৷ আপুনি যদি শ্লিপাৰ ক্লাছ বা চেকেণ্ড ক্লাছ বা অন্য কোনো ক্লাছত ভ্ৰমণ কৰে আৰু টিকট হেৰাই যায় তেন্তে ইয়াৰ বাবে আপুনি ১০০ টকা দি পুনৰ কাগজৰ টিকট বনোৱাব লাগিব৷ ১০০ টকাৰ বিনিময়ত ডুপ্লিকেট টিকট দিব ৰেল বিভাগে৷ টিকটক মূল্যৰ ওপৰত এই ক্ষতিপূৰণ নিৰ্ভৰ কৰে৷ আপুনি যদি ১০০ টকাৰ টিকট পুনৰ বনোৱাই তেন্তে ২৫ টকা আপুনি দিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















