• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাঁনৰ ৰেড কাৰ্পেটত ভৰি দিয়া প্ৰথম অসমীয়া অভিনেত্ৰী কোন? সঁচাই আইমী বৰুৱা নে?

কাঁনৰ ৰেড কাৰ্পেটত ভৰি দিয়া প্ৰথম অসমীয়া অভিনেত্ৰী কোন? সঁচাই আইমী বৰুৱা নে?

4 years ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

8 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

9 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

9 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

10 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

11 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

12 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

13 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

13 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

15 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

15 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

16 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কাঁনৰ ৰেড কাৰ্পেটত ভৰি দিয়া প্ৰথম অসমীয়া অভিনেত্ৰী কোন? সঁচাই আইমী বৰুৱা নে?

editor by editor
May 25, 2022 - Updated on May 26, 2022
in অসম, চিনেমা, বিশ্ব, ভাৰত
0
কাঁনৰ ৰেড কাৰ্পেটত ভৰি দিয়া প্ৰথম অসমীয়া অভিনেত্ৰী কোন? সঁচাই আইমী বৰুৱা নে?
0
SHARES
564
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ একাংশ সংবাদ মাধ্যমত ফ’টোসহ ব্ৰেকিং প্লেট প্ৰকাশ হ’ল, অভিনেত্ৰী আইমী বৰুৱাই কাঁনৰ ৰেড কাৰ্পেটত ভৰি থোৱা প্ৰথমগৰাকী অসমীয়া হিচাপে ইতিহাস ৰচিলে৷

ইয়াৰ পিছতে অসমৰ সংবাদ মাধ্যমত খদমদম লাগিল৷ এইবাৰ প্ৰায়সকল সংবাদ প্ৰতিষ্ঠানেই অভিনেত্ৰী আইমী বৰুৱাৰ এনে কৃতিত্ব প্ৰচাৰৰ নিগনি দৌৰত প্ৰবৃত্ত হ’ল৷

এই সংবাদে সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে একাংশ লোকে অসমৰ প্ৰতিষ্ঠিত কিছু সংবাদ মাধ্যমৰ মিথ্যাচাৰ উকটি নাকতি ট্ৰ’ল আৰম্ভ কৰা দেখা গৈছে৷ অধিক সংখ্যক লোকেই দাবী কৰিছে যে নগৈ গড়গাঁৱৰ বাতৰি দিয়াত সিদ্ধহস্ত অসমৰ সংবাদ মাধ্যমে এইবাৰো একেটা কামকে কৰিছে৷ তেওঁলোকৰ দাবী যে বিশ্ব প্ৰসিদ্ধ কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত ভৰি থৈ ইতিহাস ৰচনা কৰা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী আইমী বৰুৱা নহয়, বৰং আন্তঃৰাষ্ট্ৰীয় স্তৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা ভেলেজ ৰকষ্টটাৰ আৰু বুলবুল কেন ছিঙৰ পৰিচালক ৰীমা দাসহে৷

 

লগতে পঢ়ক ২৬% শতাংশ ৰেহাই, তাৰ পিছতো এটা প্লাষ্টিকৰ বাল্টিৰ দাম ২৬ হাজাৰ টকা! ক’ত?

বহুতে দাবী কৰিছে যে ৰীমা দাসে ২০১৭ চনতেই কাঁন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি আহিছিল৷ সেই বৰ্ষত ৰীমা দাসৰ কে’বাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হোৱা ছবি ভেলেজ ৰকষ্টাৰ মহোৎসৱখনত প্ৰদৰ্শিত হৈছিল৷

এতিয়া কোনোৱে ক’ব পাৰে যে ৰীমা দাসে পৰিচালক হিচাপেহে কাঁনৰ ৰেড কাৰ্পেটত ভৰি দিয়া প্ৰথমগৰাকী অসমীয়া আৰু  অভিনেত্ৰী হিচাপে আইমী বৰুৱাহে প্ৰথম৷ তেনেকৈ কোৱা লোকৰ বাবে উত্তৰটো হ’ব যে ৰীমা দাস পৰিচালক হোৱাৰ পূৰ্বে এগৰাকী অভিনেত্ৰী আছিল আৰু ইয়াৰ পূৰ্বে তেওঁ মুম্বাইৰ বিখ্যাত পৃথিৱী থিয়েটাৰত কেবাখনো প্ৰসিদ্ধ নাটকত অভিনয়ো কৰিছিল৷ আনিক ৰীমা দাসে তেওঁৰ পৰিচালনাৰ প্ৰথমখন পূৰ্ণ দৈৰ্ঘ্য ছবি মেন ইউথ দ্য বাইন’কুলাৰ্ছঃ অন্তৰদৃষ্টিত প্ৰখ্যাত অসমীয়া অভিনেতা বিষ্ণু খাৰঘৰীয়াৰ সৈতে অভিনয় কৰিছিল৷

আইমী বৰুৱাৰ এই বিতৰ্কৰ সময়তে এতিয়া সামাজিক মাধ্যমত ৰীমা দাসৰ ফ’টোও ভাইৰেল হৈছে, যিসমূহ ৰীমা দাসৰ কাঁনৰ ৰেড কাৰ্পেটৰ ফ’টো৷ উল্লেখ্য যে ৰীমা দাসৰ বিখ্যাত ছবি ভেলেজ ৰকষ্টাৰ-এ ২০১৭ৰ হংকং এছিয়ান ফিল্ম ফ’ৰাম(HAF)ত দুটাকৈ বঁটা লাভ কৰি হংকঙৰ পৰা পোনে পোনে কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰিত হৈছিল৷

 

লগতে পঢ়ক কেৰেলাত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্মহত্যা : স্বামীক জৰিমনাসহ ১০ বছৰৰ কাৰাদণ্ড

ভেলেজ ৰকষ্টাৰৰ সাফল্যই কেৱল অসমৰ সংবাদ মাধ্যমেই নহয় বিশ্ব সংবাদ মাধ্যমতো চৰ্চা লাভ কৰিছিল৷ বৰং অসমৰ সংবাদ মাধ্যমে ৰীমা দাসৰ ভেলেজ ৰকষ্টাৰে কাঁন চলচ্চিত্ৰ মহোৎসৱকে ধৰি বিশ্বৰ সন্মানীয় বিভিন্ন চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত আৰু বঁটা বিজয়ী প্ৰচাৰ কৰি আহিছিল৷

ভেলেজ ৰকষ্টাৰ-এ ভাৰতীয় ছবি হিচাপে অস্কাৰলৈ মনোনীত হোৱাৰ বাতৰিটোকো অসমৰ সংবাদ মাধ্যমে গুৰুত্বসহকাৰে প্ৰকাশ আৰু সম্প্ৰচাৰ কৰিছিল৷ আনকি অসমৰ প্ৰতিটো সংবাদ প্ৰতিষ্ঠানেই ৰীমা দাসৰ সাক্ষাৎকাৰ গ্ৰহণৰো অঘোষিত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল৷

আনহাতে, ২০২৬ চনত ছিংগাপুৰৰ ছবি A Yellow Birdএ কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল৷ এই ছবিখনত অসমৰ অভিনেত্ৰী সীমা বিশ্বাসেও অভিনয় কৰিছিল৷ ছবিখনৰ দলটোৰ সৈতে সীমা বিশ্বাসেও  কাঁন চলিচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰাৰ কথাটোকো আমি পাহৰিলে নচলিব৷ ইমানেই নহয়, কাঁনৰ ৰেড কাৰ্পেটত আনুষ্ঠানিকভাৱে ভৰি থোৱা প্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ অসমীয়া অভিনেত্ৰীগৰাকী হৈছে এই সীমা বিশ্বাসেই৷

ইমানৰ পিছতো অসমৰ কিছুসংখ্যক সংবাদ প্ৰতিষ্ঠানে আইমী বৰুৱাক কিয় কাঁনৰ ৰেড কাৰ্পেটচ ভৰি থোৱা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী হিচাপে ইতিহাস ৰচা বুলি ঘোষণা কৰিলে? সঁচাই অসমৰ সংবাদ মাধ্যম পাহৰণি ৰোগত আক্ৰান্ত নেকি? অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী পত্নী হোৱাৰ বাবেই আইমী বৰুৱাকলৈ অসমৰ সংবাদ মাধ্যমে এনে হৈ চৈৰ সৃষ্টি কৰিছে নেকি?

 

লগতে পঢ়ক ‘গুটখা’ই হ’ল কাল! পিক পেলাবলৈ গৈ ড্ৰাইভাৰে কৰিলে দুৰ্ঘটনা

শেষৰ প্ৰশ্নটোক অস্বীকাৰ কৰিব নোৱাৰি৷ অসমৰ দুখন ছবি ক্ৰমে জয়চেং দহোতীয়াৰ বাঘজান আৰু বিশ্বজিৎ বৰাৰ বুম্বা ৰাইড-এ এইবাৰ কাঁন চলচ্চিত্ৰ মহোৎসৱৰ নিৰ্দিষ্ট শাখাত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰিত হোৱাৰ পিছতে অসমত চলিত বৰ্ষৰ কাঁন চলচ্চিত্ৰ মহোৎসৱকলৈ বিশেষ তৎপৰতা দেখা গৈছিল৷

বিশেষকৈ চৰকাৰী তথা শাসকীয় পক্ষৰ তেনে তৎপৰতা নগ্ন হৈ পৰা দেখা গৈছিল৷ চৰকাৰী খৰচত কাঁন মহোৎসৱলৈ যাবলৈ উথপথপ লগাইছিল৷ অথাৎ চৰকাৰে কাঁনলৈ নিৰ্বাচিত অসমীয়া ছবি দুখনৰ পৰিচালক/প্ৰযোজকৰ বিপৰীতে চৰকাৰী ব্যক্তিক প্ৰেৰণৰ বাবে তৎপৰ হোৱাৰ খবৰে সামাজিক মাধ্যমত তোলপাৰ লগাইছিল৷ সামাজিক মাধ্যমত তীব্ৰ ভাষাৰে সমালোচিত হোৱাৰ পিছতে চৰকাৰে ছবি দুখনৰ পৰিচালক/প্ৰযোজকক কাঁনলৈ চৰকাৰী খৰচত প্ৰেৰণ কৰা হ’ব বুলি ঘোষণা কৰিবলৈ বাধ্য হয়৷

এইবোৰৰ পৰা আইমী বৰুৱাৰ ভুৱা কৃতিত্বও শাকসীয় পক্ষৰ এনে পদ্ধতিগত কাঁন প্ৰস্তুতিৰে অংশ বুলি ধাৰণা কৰিব পাৰিব৷  আৰু প্ৰভাৱশালী মন্ত্ৰী পত্নী হোৱাৰ বাবেই অসমৰ একাংশ সংবাদ প্ৰতিষ্ঠানেও ইয়াত উবুৰি খাই পৰা বুলি ধাৰণা কৰিব নোৱাৰি নে!

 

লগতে পঢ়ক সমলিংগ বিবাহৰ অনুমতি প্ৰদান : উৎফুল্লিত সমকামীসকল!

ইফালে অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত সাধাৰণ দৰ্শনাৰ্থীয়ে আনুষ্ঠানিকভাৱে ফ’টো উঠাৰ অধিকাৰ নাই৷ মহোৎসৱখনৰ কিছুমান বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকল আৰু কাঁনৰ ৰেড কাৰ্পেটত ব্যৱসায়িক চুক্তি থকা তাৰকাসকলৰহে আনুষ্ঠানিকভাৱে কাঁনৰ ৰেড কাৰ্পেটত ফ’টো উঠাৰ অধিকাৰ আছে৷

মহোৎসৱখনৰ নিয়ম মতে তাত অংশগ্ৰহণ কৰা কোনো বিশিষ্ট ব্যক্তি, তাৰকা তথা সাধাৰণ দৰ্শনাৰ্থীয়ে ৰেড কাৰ্পেটৰ অনুষ্ঠানৰ সময়ত হাতত মোবাইল লৈ থাকিবলৈ অনুমতি দিয়া নহয়৷ গতিকে, ৰেড কাৰ্পেটৰ বিশেষ অনুষ্ঠানত অংশগ্ৰহণ নকৰা কোনো লোকে তাত সাধাৰণে ফ’টো উঠিব নোৱাৰে৷ তেওঁলোকে ফ’টো উঠিবলৈ ভেৰোণীয়া অৰ্থাৎ ভাৰাতীয়া ফ’টোগ্ৰাফাৰহে ল’ব পাৰে৷

অৰ্থাৎ নিজৰ গাঁঠি ধন ভাঙিহে ফ’টো উঠিব পাৰি৷ গতিকে কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটৰ কোনো অনুষ্ঠানত অংশগ্ৰহণ নকৰা আইমী বৰুৱাই গাঁঠিৰ ধন ভাঙি ভাৰাতীয়া ফ’টোগ্ৰাফাৰ লগাই ফ’টো উঠি কাঁন ৰেড কাৰ্পেটত ভৰি থোৱা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী কেনেকৈ হ’ল সেই প্ৰশ্নৰ উত্তৰ দিবলৈ অসমৰ সংশ্লিষ্ট সংবাদ প্ৰতিষ্ঠানসমূহে দিবলৈ বাধ্য নহয় নে? ৰীমা দাসে যে ৰেড কাৰ্পেটত ভৰি থোৱা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী তথা পৰিচালক সেই সত্যটো স্বীকাৰ কৰি নিজৰ ভুলৰ বাবে সংশ্লিষ্ট সংবাদ প্ৰতিষ্ঠানকেইটাই অসমৰ জনগণৰ ওচৰত ক্ষমা খোজা উচিত নহয় নে?

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aimeeasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCannesrima das
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?
জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

August 17, 2026
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক
বিনোদন

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

August 17, 2026
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!
জীৱনশৈলী

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

August 17, 2026
Next Post
খঙত টিঙিৰি-তুলা চীন! চাৰিও পিনৰ পৰা চীনক চেপি ধৰিছে চাৰি ৰাষ্ট্ৰৰ QUADএ!

খঙত টিঙিৰি-তুলা চীন! চাৰিও পিনৰ পৰা চীনক চেপি ধৰিছে চাৰি ৰাষ্ট্ৰৰ QUADএ!

যুৱক-যুৱতীসকলৰ মাজত পাইলছৰ সমস্যা বাঢ়িছে কিয়? ইয়াৰ সমাধান কি?

যুৱক-যুৱতীসকলৰ মাজত পাইলছৰ সমস্যা বাঢ়িছে কিয়? ইয়াৰ সমাধান কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.