ৰাজনীতি ভালপোৱা এগৰাকী কণ্ঠশিল্পী। এগৰাকী সচেতন নাগৰিক হিচাপে তেওঁ বহু সময়ত নিজৰ সামাজিক মাধ্যম একাউণ্টত ৰাজ্যৰ সকলো পৰিস্থিতিত মাত মাতি আহিছে। কা আন্দোলনৰ পৰা আৰম্ভ কৰি বান পৰিস্থিতিলৈ সকলোতে তেওঁ এবাৰলৈকে হলেও মাত মাতে। সেই কণ্ঠশিল্পীগৰাকীয়েই সোমবাৰে মাজনিশা হঠাৎ জনাইছে ৰাজনীতি বেয়া লগাৰ কথা। কিয়, কি কাৰণত তেওঁৰ ৰাজনীতিৰ প্ৰতি অনিহা জাগিল সেই কথা তেওঁ পাকে প্ৰকাৰে বুজাইয়ো দিছে। তেওঁ আন কোনো নহয়, তেওঁ হৈছে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা। দীপলিনা ডেকাৰ জুবিন গাৰ্গৰ সৈতেও আছিল খুবেই বন্ধুত্বপূৰ্ণ সম্পৰ্ক। জুবিন গাৰ্গৰ চিনেমা মিছন চাইনাত তেওঁক অভিনেত্ৰীৰ ৰূপতো দেখা গৈছিল। খুবেই জনপ্ৰিয় হৈছিল মিছন চাইনা। তাৰপিছতেই দীপলিনাক ব’হাগৰ প্ৰায় প্ৰতিখন মঞ্চতেই কণ্ঠশিল্পীৰ ৰূপত দেখা যায়।
সোমবাৰে কণ্ঠশিল্পী দীপলিনাই সামাজিক মাধ্যমত লিখিছে বিশেষ পোষ্ট। তেওঁ লিখিছে-
‘এটা সময় আছিল, কৈছিলো, সদায়, ৰাজনীতি ভাল পাওঁ, ভাল লাগে।
আজি অতি দুখ মনেৰে, খুব লাজ পায় কৈছো, নাই, নালাগে, অতি বেয়া এই ক্ষেত্ৰ খন! সকলোকে কেৱল ক্ষমতা লাগে, কেৱল ক্ষমতা! এজন নহয়, দুজন নহয়, প্ৰায় প্ৰতিজনেই এতিয়া কেৱল তৰল ৰাজনীতিত নামিছে। কি দল, কোন নেতা,
কোন দলৰ সভাপতি, প্ৰায় সকলোৱে, কোনো বাকী নাই। জুবিন দাৰ মৃত্যুৰ সুযোগ প্ৰায় সকলোৱে লৈছে যেন অনুভৱ কৰিছো। আমি সকলোবোৰ জানো, বুজো, কিন্তু কি কম, কাক কম, শুনিবনে, বুজিবনে?
আমি নতুন প্ৰজন্ম। Productive আৰু Progressive Politics বিচাৰো, আমাৰ কাৰণে, দেশৰ কাৰণে, ভৱিষ্যতৰ কাৰণে। কিবা এটা বৰ অসহায় লাগিছে। অসম ভূমিক ৰক্ষা কৰক প্ৰভূ!’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ