বলিউদৰ আটাইতকৈ অসফল চৰ্চিত প্ৰেম কাহিনীটো হৈছে মেগাষ্টাৰ অমিতাভ বচ্চন আৰু ৰেখাৰ৷ বিগত প্ৰায় ৫ টা দশক চৰ্চাত থকা এই প্ৰেম কাহিনী কিয় ব্যৰ্থ হৈছিল? পাঁচটা দশক স্পৰ্শ কৰিবলৈ যোৱা অমিতাভ বচ্চন আৰু ৰেখাৰ ব্যৰ্থ প্ৰেমে এই বাবেই চৰ্চা লাভ কৰি আছে৷
চনটো আছিল ১৯৭৬৷ ইতিমধ্যে ১৯৭৩ চনত জয়া ভাদুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল অমিতাভ বচ্চন৷ বিবাহে তিনিটা বছৰ অতিক্ৰম কৰাৰ পিছতে তেওঁলোকৰ দুয়োৰে মাজত আবিৰ্ভাৱ ঘটিছিল ৰেখাৰ৷
আচলতে ‘ড’ আনজানে’ (Do Anjaane) ছবিত অমিতাভ আৰু ৰেখাই অভিনয় কৰিছিল৷ উক্ত ছবিৰ ছেটৰ পৰাই আৰম্ভ হৈছিল তেওঁলোকৰ প্ৰেম৷ বৈবাহিক জীৱনৰ মাত্ৰ তিনিটা বছৰৰ ভিতৰতে অমিতাভ আৰু জয়াৰ সংসাৰ প্ৰায় চুৰমাৰ হোৱাৰ আশংকাই দেখা দিলে৷
সকলো প্ৰকাৰে নিজৰ সংসাৰ ৰক্ষা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিলে জয়াই৷ বলিউদত প্ৰেম-বিবাহ-বিচ্ছেদ অতি সাধাৰণ ঘটনা৷ এই কথা জয়াই ভালদৰে বুজি পাইছিল৷ অমিতাভক হেৰুওৱাৰ শংকাত দিন ৰাতি কটোৱা জয়াই কিন্তু সংসাৰ ৰক্ষাৰ এক অভিনৱ পন্থা ল’লে৷ যি সিদ্ধান্তই সংসাৰ ৰক্ষাৰ কৰাৰ লগতে পিছলৈ অতি সুস্থিৰ সিদ্ধান্তৰূপে পৰিগণিত হ’ল৷
অমিতাভ আৰু ৰেখাৰ প্ৰেম অৱসান কৰিবলৈ জয়াই অমিতাভ কি ক’লে অথবা কি কি কৰিলে সেয়া জনা নাযায়৷ কাৰণ সেই বিষয়ে জয়া অথবা অমিতাভে কেতিয়াও মুখ খোলা নাই৷ কিন্তু এই সম্পৰ্কে মুখ খুলিছে স্বয়ং ৰেখাই৷
জয়াৰ মাত্ৰ এষাৰি কথাই ৰেখাক অমিতাভৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰালে৷ জয়াৰ কি কথাই ৰেখাক অমিতাভৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰালে?
অমিতাভে ছবিৰ কামত মুম্বাইৰ বাহিৰত থাকোতে এদিন নৈশ সাঁজ গ্ৰহণ কৰিবলৈ জয়াই ৰেখাক নিমন্ত্ৰণ কৰিলে৷ ৰেখাই জয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰি জয়াৰ সৈতে নৈশ সাঁজ গ্ৰহণ কৰিবলৈ অমিতাভ আৰু জয়াৰ গৃহত উপস্থিত হ’ল৷
জয়াই ৰেখাৰ সৈতে অতি স্বাভাৱিক ব্যৱহাৰ কৰিলে৷ অতি উৎসাৰে ৰেখাৰ বাবে নৈশ আহাৰ প্ৰস্তুত কৰি আপ্যায়ন কৰিলে৷ সাধাৰণভাৱে দুয়োৱে বহু কথা পাতিলে৷ প্ৰেমিকৰ পত্নী জয়াৰ ব্যৱহাৰত অতি মুগ্ধ হ’ল ৰেখা৷
নৈশ আহাৰ গ্ৰহণ কৰি ৰেখাই অমিতাভ আৰু জয়াৰ বাসগৃহৰ পৰা উলাবলৈ ল’লে৷ সেই সময়তে জয়া সেই কথাষাৰ ক’লে৷ যিষাৰি কথাৰ বাবে ৰেখাই অমিতাভ বচ্চনৰ জীৱনৰ পৰা চিৰকালৰ বাব আঁতৰি আহিল৷ সেই কথা ৰেখাই নিজেই স্বীকাৰ কৰিছে৷
এতিয়া প্ৰশ্ন হ’ল জয়াই ৰেখাক এনে কি কথা ক’লে যাৰবাবে ৰেখাই প্ৰেমিক অমিতাভৰ জীৱনৰ পৰা চিৰকালৰ বাবে আঁতৰি আহিল?
অমিতাভ আৰু জয়াৰ ঘৰৰ পৰা উলাই আহিবৰ সময়ত জয়াই ৰেখাক ক’লে, ‘‘অমিতাভ কেৱল মোৰ আৰু মই কেতিয়াও অমিতাভৰ জীৱনৰ পৰা আঁতৰি নাযাওঁ৷’’ জয়াৰ এই দৃঢ়তা আৰু অমিতাভৰ প্ৰতি থকা গভীৰ প্ৰেম দেখি ৰেখাই নিজেই অমিতভা বচ্চনৰ পৰা চিৰদিনৰ বাবে আঁতৰি যোৱাৰ সিদ্ধান্ত ল’লে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ