নয়ডাৰ টুইন টাৱাৰ ভাঙি পেলোৱাৰ পিছত মানুহৰ মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে সেই খালী ঠাইৰ এতিয়া কি হ’ব? এই সন্দৰ্ভত জল্পনা-কল্পনাও তুংগত উঠিছে। বহু সংবাদ মাধ্যমত কোৱা হৈছে যে ইয়াত এটা ভৱিষ্যৎ প্ৰজন্মৰ ৰাম মন্দিৰ নিৰ্মাণ কৰা হ’ব।
অৱশ্যে ইয়াৰ সমান্তৰালভাৱে তাত ল’ৰা-ছোৱালীয়ে খেলিব পৰাকৈ এখন ডাঙৰ পাৰ্ক নিৰ্মাণ কৰা হ’ব বুলিও খবৰ ওলাইছে।
আনহাতে, টুইন টাৱাৰ নিৰ্মাণ কৰা প্ৰতিষ্ঠান ছুপাৰটেকে সেই ভূমিত মাটিখিনি ব্যৱহাৰ কৰি দ্বিতীয়টো আৱাসিক প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে প্ৰস্তুতি চলাবও পাৰে৷ অৱশ্যে ই ছুপাৰটেকৰ বাবে ই বৰ সহজ হৈ থকা নাই, কাৰণ তাৰ বাবে কোম্পানীটোৱে নয়ডা অথৰিটি আৰু এমাৰ্ল্ড ক’ৰ্টৰ ঘৰ ক্ৰেতাসকলৰ পৰা অনুমোদন ল’ব লাগিব।
লগতে পঢ়ক মাত্ৰ ডেৰ মাহতে ভাঙিল ললিত-সুস্মিতাৰ সম্পৰ্ক! সামাজিক মাধ্যমত সৰৱ চৰ্চা কিয়?
সংবাদ মাধ্যমৰ খবৰ অনুসৰি বৃহস্পতিবাৰে আৰ ডব্লিউ এৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ধ্বংসস্তুপত পৰিণত হোৱা টাৱাৰৰ স্থানত এটা ৰাম মন্দিৰ নিৰ্মাণ কৰা হ’ব বুলি সহমতত উপনীত হৈছে। ইয়াৰ লগতে শিশুসকলে খেলিব পৰাকৈ এখন ডাঙৰ পাৰ্ক নিৰ্মাণ কৰা হ’ব।
কিন্তু ইয়াত সমস্যাটো হ’ল এতিয়ালৈকে ছুপাৰটেকৰ এমাৰ্লড টাৱাৰ হস্তান্তৰ কৰাটো স্থানীয় লোকৰ সৈতে সহমতত উপণীত হ’ব পৰা নাই। অৰ্থাৎ মন্দিৰ নিৰ্মাণ কৰা হ’ব নে নহয় সেইটো সিদ্ধান্ত লোৱাৰ অধিকাৰ নিৰ্মাতাৰহে আছে।
আনকি নিৰ্মাতাইও তাত স্বতন্ত্ৰভাৱে অন্য কোনো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব নোৱাৰে। ইয়াৰ বাবে প্ৰতিষ্ঠানটোৱে সেই ঠাইত নতুন নিৰ্মাণৰ বাবে স্থানীয় লোকৰ দুই তৃতীয়াংশৰ সন্মতি আদায় কৰিব ল’ব লাগিব, যিটো ছুপাৰটেকৰ বাবে বৰ সহজসাধ্য হৈ থকা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ