সোমবাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছিল যে এইবাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰীয়ে স্কুটি লাভ নকৰিব৷
শিক্ষা মন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰে কাট অৱ মাৰ্ক নিৰ্ধাৰণ কৰিহে ছাত্ৰীসকলক স্কুটি দিয়া হ’ব বুলিও মন্তব্য কৰিছিল৷ ইয়াৰ পিছতে বিষয়টোৱে সমগ্ৰ ৰাজ্যজুৰি বিশেষভাৱে চৰ্চা লাভ কৰিছিল৷ ইফালে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগ লাভ কৰা ছাত্ৰীসকলৰ মাজত হতাশাই বাহ বান্ধিছে৷
ঠিক তেনে সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে৷ মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেৱল উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ছাত্ৰীক স্কুটি প্ৰদান কৰাৰ সন্দৰ্ভতে নহয়, মেট্ৰিকৰ আনন্দৰাম বৰুৱা বঁটা অৰ্থাৎ মেট্ৰিকত ষ্টাৰ মাৰ্ক লাভ কৰা পৰীক্ষাৰ্থীসকলক লেপটপ দিয়া হ’ব নে নাই সেই সন্দৰ্ভতো মন্তব্য প্ৰদান কৰিছে৷
লগতে পঢ়ক ভাৰতত ধনী মানুহ নিৰাপদ নহয় কিয়? চৰকাৰ আৰু হিন্দুত্ব ভয়ত পলাইছে নেকি ধনকুবেৰ?
অৱশ্যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত নিৰ্দিষ্ট একো মন্তব্য নকৰি কয় যে অহা ৫ আৰু ৬ জুলাইতহে এই সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পিছতে বিষয় দুটাৰ সন্দৰ্ভত অহা ৫ আৰু ৬ জুলাইত চৰকাৰে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব৷
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অহাবাৰৰ পৰা মেট্ৰিকৰ পৰীক্ষা যিহেতু গুৰুত্বপূৰ্ণ হৈ নাথাকিব সেয়ে শেষবাৰৰ মেট্ৰিকত ষ্টাৰ মাৰ্ক লাভ কৰা পৰীক্ষাৰ্থীসকলক আনন্দৰাম বৰুৱা বঁটা তথা লেপটপ প্ৰদান কৰা হ’ব নহয় সেই সম্পৰ্কেও আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷
উল্লেখ্য যে দেশৰ লগতে ৰাজ্যতো নতুন শিক্ষা নীতি বলৱৎ হোৱাত অহাবাৰৰ পৰা মেট্ৰিকৰ পৰীক্ষা গুৰুত্বপূৰ্ণৰূপ হৈ নাথাকিব৷ সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে ইতিমধ্যে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে এইবাৰ আনন্দৰাম বৰুৱা বঁটা বন্ধ কৰা হ’ল বুলি ঘোষণা কৰিছিল৷
লগতে পঢ়ক গৰ্ভৱতী হোৱাৰ পিছতে আলিয়াই সলনি কৰে ইনষ্টাৰ ডিপি, সলনি কৰাৰ আঁৰৰ কাহিনী কি বাৰু?
কিন্তু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে চৰকাৰে চলিত বৰ্ষৰ মেট্ৰিকত ষ্টাৰ মাৰ্ক লাভ পৰীক্ষাৰ্থীসকলে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব পাৰে বুলিও ধাৰণা কৰা হৈছে৷ কাৰণ, মুখ্যমন্ত্ৰীয়ে পৰীক্ষাৰ্থীসকলক পুৰস্কৃত কৰা হ’ব বুলি স্পষ্টভাৱে প্ৰকাশ কৰিছে৷
শিক্ষামন্ত্ৰীয়ে বন্ধ হোৱা বুলি আনুষ্ঠানিক ঘোষণা কৰাৰ পিছতো মুখ্যমন্ত্ৰী বিষয়টো চৰকাৰে পুনৰ আলোচনা কৰাৰ পোষকতা কৰা লগতে পুৰস্কৃত কৰা হ’ব বুলি কোৱাৰ পিছতে চৰকাৰে পৰীক্ষাৰ্থীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰাৰ পূৰ্ণমাত্ৰাৰ সম্ভাৱনা আছে বুলিও ধাৰণা কৰা হৈছে!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ