ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ সপোনৰ প্ৰজেক্ট আছিল৷ ৰৈ ৰৈ বিনালে চিনেমাক লৈ মুখ খুলিছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে৷ গৰিমা গাৰ্গে কয়- জুবিনৰ সপোনৰ প্ৰজেক্ট আছিল ৰৈ ৰৈ বিনালে৷ যাকেই যেনেকৈ পায় তেওঁ চিনেমাখনৰ কথা কয়৷ ছিংগাপুৰৰ পৰা আহি চিনেমাখনৰ ডাবিং কৰাৰ কথা আছিল৷ কিন্তু সেয়া হৈ নুঠিল৷ চিনেমাখনত হয়তো জুবিনৰ মাতটো নাথাকিব চিনেমাখনত৷ জুবিনে চিনেমাখন ৩১ অক্টোবৰত ৰিলিজ দিয়াৰ কথা কৈছিল৷ আমি জুবিনে কোৱাৰ দৰেই চিনেমাখন ৩১ অক্টোবৰত ৰিলিজ কৰিম ভাৱিছো৷ ৰাজেশ দা হঁতে চিনেমাখনৰ ৰৈ থকা কামবোৰ আগুৱাই নিব বুলি কৈছে৷
লগতে গৰিমাই কয়-মই নিজেই ইমান দিনে বুজি পোৱা নাছিলো জুবিন ভগৱান আছিল৷ জুবিনক সিমানখিনিলৈকে মইয়ো চিনিয়েই পোৱা নাছিলো৷ জুবিনক মানুহে ইমান মৰম আদৰ দিছে এইখিনি দেখি মই আচৰিত হৈছো৷ মই সকলোৰে ওচৰত কৃতজ্ঞ৷ জুবিনে যেনেকৈ কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত৷ জুবিনে ঠিকেই কৈছিল জুবিন মানুহ আছিল৷ সেয়া মৃত্যুৰ পাছতো দেখা গৈছে৷ জুবিনৰ বাবেই আজি মোৰ কাষতো মানুহ আছে৷ জুবিনৰ মেনেজাৰৰ সৈতে মোৰ এতিয়া কোনো যোগাযোগ নাই৷ মই ছচিয়েল মিডিয়াও চোৱা নাই৷ বাকী মই জানো চৰকাৰ আৰু আইনে যি ব্যৱস্থা হয় তাৰ ওপৰত মোৰ আস্থা আছে৷ জুবিনে ৰজাৰ দৰে থাকিছিল, তেওঁ এটা আঙুঠি বহুদিন ধৰি পিন্ধি আছিল সেই আঙুঠি মই শেষযাত্ৰাৰ সময়ত সংৰক্ষণ কৰিছো৷ সেইখিনি আমি লগত ৰাখিম৷ জুবিনৰ সকলোখিনি সামগ্ৰীয়েই আমি সংৰক্ষণ কৰিম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















