অসম লাইভ২৪ঃ আজি বিহুৱে গঢ়িব বিশ্ব ৰেকৰ্ড। গীনিজ বুক অৱ ৰেকৰ্ডছ গঢ়িবলৈ যোৱাৰ সময়ত বিহুক লৈ আৰম্ভ হৈছে বিতৰ্কৰো। একাংশই সামাজিক মাধ্যমত লিখিছে এয়া ধনৰ অপচয়। এগৰাকী সচেতন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে আকৌ কৈছে এই অসন্তুষ্টি বিহুক লৈ নহয়, অসন্তুষ্টি এখন নিৰ্বাচিত চৰকাৰৰ অদ্ভুত কামকাজক লৈহে।
ইউজাৰকাৰীগৰাকীয়ে লিখিছে, ‘অসন্তুষ্টি বিহুক লৈ নহয়, অসন্তুষ্টি এখন নিৰ্বাচিত চৰকাৰৰ অদ্ভুত কামকাজক লৈহে। বিহু অসমীয়াৰ প্ৰাণ। অসমীয়াই বিহু নাচিব। বিহু তেজত আছে, থাকিব। কিন্তু এখন চৰকাৰৰ কাম কি? নাচ, গানত মগ্ন থকা নে জনকল্যাণমূলক কামকাজত গুৰুত্ব দিয়া? হিতাধিকাৰী আঁচনিৰ বাহিৰে আৰু কি হৈছে? ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থা কোনটো পৰ্যায়ত আছে সেই কথা বুজি পোৱা মানুহে এই মহা আয়োজন মানি ল’ব পৰা নাই। বিহুৰ ৰেকৰ্ড ১১ হাজাৰ নাচনীৰে নহয়, ১১ লাখ নাচনীৰে কৰিলেও আপত্তি নাই।
আপত্তি আছে ১ লাখ ৩২ হাজাৰ কোটি টকা ঋণত ডুবি থকা এখন চৰকাৰে টেক্সৰ ওপৰত টেক্স লগাই জনসাধাৰণক টেটুচেপা দি থকাৰ সময়ত ২০০ কোটি টকা নাচ, গানত খৰচ কৰাটোত। এই সাধাৰণ কথাটো বুজি পোৱা উচিত। হয়, সৰুসজাইত যি পৰিৱেশ সৃষ্টি হৈছে সেই পৰিৱেশ দেখিলে সকলো অসমীয়াৰ বুকু ফুলি উঠিব। কিন্তু এখন চৰকাৰ এইদৰে নাচ,গানত মত্ত থাকি আৱেগৰ সৈতে খেলা কৰা উচিত নে?
বিহুক ‘বিশ্ব দৰবাৰ’লৈ নিব বিচৰা সকলে কথাবোৰ অনুধাৱন কৰক। ১১ হাজাৰ ল’ৰা, ছোৱালী একত্ৰিত হৈ ঢোল, পেপা বজাই বিহু নাচিলেই বিহু বিশ্ব দৰবাৰলৈ নাযায়। অসমীয়া জাতি জীয়াই থাকিলেহে বিহু থাকিব। আৰু এটা জাতি তেতিয়াহে জীয়াই থাকিব যেতিয়া ভাষা, সংস্কৃতি, অৰ্থনৈতিক ভেটি সৱল হৈ থাকিব। ভাষা গ’ল। সংস্কৃতি বিজতৰীয়া হ’ল। নাগাৰা নামৰ কি হ’ল? ভাওনাত মুকলিকৈ মদ খাব পৰা হ’ল। দুদিন ৰৈ দিয়ক। আৰু বহু উদাহৰণ বিহুৰ দিন কেইটাতে এই ফেচবুকতেই পাব।
অৰ্থনৈতিক ভেটি কোনটো পৰ্যায়ত আছে সেয়া নকলেও সকলোৱে জানে। ১ লাখ ৩২ হাজাৰ কোটি ধাৰত ডুবি থকা চৰকাৰখনে এই কেইদিনতে ১ হাজাৰ কোটি ঋণ লোৱাৰ কথা। চলিত বছৰত চৰকাৰে ল’ব অতি কমেও ২৫ হাজাৰ কোটিৰ ঋণ। ২০২৪ লৈ চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ হ’বগৈ ডেৰ লাখ কোটিৰো অধিক।
এই যে ডেৰ লাখ কোটি টকাৰ ঋণ, ইয়াৰ সুত দিবলৈও ঋণ লোৱা হৈছে। মূলধনৰ কথা বাদেই। জানোঁ এইবোৰ কৈ, লিখি একো লাভ নাই, অৰ্থহীন। তথাপিও লিখিছোঁ।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ