অসম লাইভ২৪ঃ প্ৰতিদিনে বিশ্বত সংঘটিত হয় ২০০০ হত্যাকাণ্ড৷ ভাৰতত প্ৰতিদিনে সংঘটিত হয় ১০০টা হত্যাকাণ্ড৷ ইয়াৰ মাজতেই বহু হত্যাকাণ্ড দৃষ্টিৰ অগোচৰে ৰৈয়ো যায়৷ এই হত্যাকাণ্ডসমূহৰ কোনটো আটাইতকৈ বৰ্বৰ আৰু জঘন্য সেয়া নিৰ্দিষ্টকৈ ক’ব নোৱাৰি। প্ৰতিনিয়ত হত্যাকাৰীয়ে ন’ ন’ উপায়েৰে সংঘটিত কৰি আহিছে বৰ্বৰতকৈও বৰ্বৰ হত্যাকাণ্ড। কোনো কোনো লোকে এটাৰ পিছত এটাকৈ হত্যাকাণ্ড সংঘটিত কৰি হৈ পৰিছে ছিৰিয়েল কিলাৰো। অসমতো শেহতীয়াকৈ ঘটিব লাগিছে এটাৰ পাছত আনটো হত্যাকাণ্ড। প্ৰতিদিনেই ভিন্ন ঠাইত উদ্ধাৰ হয় একো একোটা মৃতদেহ৷ কিয় মানুহৰ মনত থাকে এই হত্যাকাৰীৰ প্ৰৱণতা?
মানুহেই কিয় হত্যা কৰে মানুহক?
এই প্ৰশ্নৰ উত্তৰ সতকাই দিয়াটো টান। গৱেষকসকলৰ মতে বাঘ-সিংহৰ দৰে মানুহো হিংস্ৰ প্ৰাণীসমূহৰ অন্যতম। কাজেৰে সভ্যতাৰ শিখৰত আৰোহণ কৰিলেও আজিও মানুহে ত্যাগ কৰিব পৰা নাই জিঘাংসু মনোবৃত্তি। যুগ যুগ ধৰি এই জিঘাংসু মনোবৃত্তিয়ে একাংশ মানুহক পৰিণত কৰি আহিছে হত্যাকাৰীত। কিন্তু আপোনালোকে জানেনে? পৃথিৱীৰ প্ৰথমটো হত্যাকাণ্ড ক’ত সংঘটিত হৈছিল? কি অস্ত্ৰৰে সংঘটিত কৰা হৈছিল পৃথিৱীৰ প্ৰথমটো হত্যাকাণ্ড? কোন আছিল পৃথিৱীৰ প্ৰথমজন হত্যাকাৰী? কিয় প্ৰথমজন হত্যাকাৰীয়ে সংঘটিত কৰিছিল হত্যাকাণ্ড?
পৃথিৱীৰ প্ৰথমটো হত্যাকাণ্ড সংঘটিত হৈছিল আজিৰ পৰা ৪লাখ ৩০হাজাৰ বছৰ পূৰ্বে। হত্যাকাৰীয়ে অতি বৰ্বৰভাৱে লোকজনক মূৰত প্ৰচণ্ড জোৰে এবাৰ নহয় দুবাৰকৈ আঘাত কৰিছিল। ইমানতেই ক্ষান্ত থকা নাছিল সেই আদিম হত্যাকাৰী। সকলো সীমা চেৰাই হত্যাকাৰীয়ে হত্যাৰ বলি হোৱা লোকজনৰ বাওঁফালৰ চেলাউৰিৰ ওপৰেৰে সোমোৱাই দিছিল কোনো প্ৰাচীন অস্ত্ৰ। তাৰ পিছত মৃতদেহটো দলিয়াই দিছিল ৪৩ ফুট দ’ গাঁতলৈ৷ হত্যাৰ বলি হোৱা লোকজন আছিল যথেষ্ট কম বয়সীয়া৷
বিশ্বৰ প্ৰথমটো হত্যাকাণ্ডৰ বলি হোৱা লোকজন পুৰুষ নে মহিলা আছিল সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই। জীৱাশ্মবিদ নহেমি ছালাৰ মতে মূৰত কৰা আঘাতৰ ফলতেই মৃত্যু হৈছিল সেই লোকজনৰ। লোকজনৰ হাততো হত্যাকাৰীৰ উপৰ্যুপৰি প্ৰহাৰ কৰিছিল বুলি অনুমান কৰিছে জীৱাস্মবিদসকলে। অৱশ্যে একাংশ জীৱাস্মবিদে ইয়াতকৈয়ো পূৰ্বে হত্যাকাণ্ড সংঘটিত হৈছিল বুলি বহুসময়ত ক’ব খোজে। কিন্তু বৰ্তমানলৈকে জানিব পৰা হোৱা জঘন্য হত্যাকাণ্ডসমূহৰ ভিতৰত এইটোৱেই প্ৰথম বুলি দাবী কৰি আহিছে অধিকাংশ জীৱাস্মবিদ আৰু বিশেষজ্ঞসকলে।
ক’ত হৈছিল এই হত্যাকাণ্ড?
মাদ্ৰিদত সংঘটিত হৈছিল এই জঘন্য হত্যাকাণ্ডটো৷ শীতল মস্তিষ্কৰে হত্যা কৰা হৈছিল লোকজনক৷ লগে লগেই প্ৰাণবায়ু গৈছিল ভূক্তভোগী লোকজনৰ৷ হত্যাকাণ্ডটো ইমানেই ভয়াৱহ আছিল যে আক্ৰমণৰ কেই মিনিটমান পাছতেই মৃত্যু হৈছিল লোকজনৰ। নেছনেল জিঅ’গ্ৰাফিকত সম্প্ৰচাৰিত এক তথ্যচিত্ৰত উল্লেখ কৰা মতে উক্ত হত্যাকাণ্ডটোৰ আঁৰত এজন হত্যাকাৰীয়েই জড়িত আছিল। হত্যা কৰাৰ পিছত গুহা এটাৰ পৰা বাহিৰলৈ দলিয়াই দিয়া হৈছিল ৰক্তাক্ত শৰীৰটো। তাৰ পিছত কেইবা লাখ বছৰ তেনেদৰেই মাটিত পোত খাই আছিল বৰ্বৰ হত্যাকাণ্ডৰ বলি হোৱা পৃথিৱীৰ প্ৰথমজন দূৰ্ভগীয়া লোক। অৱশেষত প্ৰত্নতত্ববিদ আৰু জীৱাস্মবিদসকলৰ যুটীয়া অভিযানত লাখ লাখ বছৰ পিছত উদ্ধাৰ হৈছিল সেই দূৰ্ভগীয়া লোকজনৰ জীৱাস্ম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ