মহাৰাষ্ট্ৰৰ সংখ্যালঘু মন্ত্ৰণালয় বিভাগৰ মন্ত্ৰী নৱাব মালিকক গ্ৰেপ্তাৰ কৰিছে এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰ(ED)এ৷
বুধবাৰে মন্ত্ৰী নৱাব মালিকক বিত্তীয় প্ৰৱঞ্চনা তথা আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিমৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে৷
বুধবাৰে পুৱা EDৰ এটা দলে মন্ত্ৰী নৱাব মালিকৰ বাসগৃহত উপস্থিত হৈ এঘণ্টাৰ বাবে সোধপোছ কৰাৰ পিছতে তদন্তকাৰী সংস্থাটোৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয়৷ সংস্থাটোৰ কাৰ্যালয়ত ৮ ঘণ্টাজোৰা মাৰথান জেৰাৰ অন্তত EDএ মন্ত্ৰী মালিকক গ্ৰেপ্তাৰ কৰে৷
EDৰ বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে যে মন্ত্ৰী মালিকে তদন্তকাৰী সংস্থাটোৰ সৈতে সহযোগিতা কৰা নাছিল৷
ইফালে স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ পথত সংবাদিকৰ আগত মন্ত্ৰী মালিকে কয় যে ‘তেওঁ সকলোবোৰ ফাদিল কৰিব আৰু এই যুঁজত জিকিবই’৷
ইফালে নৱাব মালিকৰ গ্ৰেপ্তাৰ পিছতে তেওঁৰ দল ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷
‘‘প্ৰতিদিনে বিজেপি-এনচিবি-চিবিআই-ইডিৰ নেক্সাছ ফাদিল কৰি অহাৰ বাবে নৱাব মালিকক অন্যায়ভাৱে সোধপোচ কৰি গ্ৰেপ্তাৰ কৰা হৈছে৷ আমি পিছুৱাই নাহো৷ এচিপি-ৰ বিজেপি আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ সকলো কুকৰ্মৰ ফাদিল কাৰ্য অব্যাহত থাকিব৷’’ দলটোৰ মুখপাত্ৰ সঞ্জয় থাতকাৰেই কয়৷
উল্লেখ্য যে যোৱা কে’বামাহৰ পৰা নৱাব মালিকে এনচিবি, চিবিআই, ইডি আৰু বিজেপিৰ নেক্সাছৰ বিৰুদ্ধে সৰৱ হৈ আহিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















