পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে৷ পাঁচখন ৰাজ্যৰ ভিতৰত চাৰিখনতেই বিজেপিয়ে বৃহৎসখ্যক আসনত অগ্ৰগতি লাভ কৰা দেখা গৈছে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ আটাইকেইখন ৰাজ্যতে নিচিহ্ন প্ৰায় হোৱা পৰিলক্ষিত হৈছে৷
পঞ্জাৱত আম আদমি পাৰ্টিয়ে কংগ্ৰেছসহ বিজেপিকো প্ৰায় নিচিহ্ন কৰিলেও অন্য চাৰি ৰাজ্যত বিজেপিয়ে চৰকাৰৰ গঠন কৰাৰ দিশে ধাৱমান হৈছে৷
উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ নেতৃত্বত বিজেপিয়ে এই মুহূৰ্তত ২৬৬ খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে পঞ্জাৱত আম আদমি পাৰ্টিয়ে ৯২ খন আসনত আগবাঢ়ি আছে৷
লগতে পঢ়ক পঞ্জাৱৰ মুখ্যমন্ত্ৰী নহয় আপ নেতা ভগৱন্ত সিং মান; হ’ব পঞ্জাৱৰ ‘কমন মেন’, কিন্তু কিয়?
ইফালে উত্তৰাখণ্ডটো বিজেপিয়ে ৪৮ খন আসনত অগ্ৰগতি লাভ কৰি আছে৷ ৭০ খন আসন বিশিষ্ট উত্তাৰখণ্ডত এই মুহূৰ্তলৈকে কংগ্ৰেছে ১৮ খন, বিএছপিয়ে ২ খন আৰু অন্যান্যই ২ খন আসনত আগবাঢ়ি আছে৷ ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰাতো প্ৰায় নিশ্চিত হৈছে৷
আনহাতে, উত্তৰ পূৱৰ ৰাজ্য মণিপুৰত বিজেপিয়ে আগবাঢ়ি আছে৷ ৬০ খন আসন বিশিষ্ট মণিপুৰত বিজেপিয়ে ৩১, কংগ্ৰেছে ৫ আৰু অন্যান্যই ২৪ খন আসনত অগ্ৰগতি লাভ কৰিছে৷ ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰি এম বীৰেণ সিঙে পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হৈছে৷
গোৱাতো বিজেপিয়ে আগবাঢ়ি আছে৷ ৪০ খন আসনবিশিষ্ট গোৱাত বিজেপিয়ে ২০ খন, কংগ্ৰেছ মিত্ৰজোঁটে ১১ খন, তৃণমূল কংগ্ৰেছে ২ খন, আপ-এ ২ আৰু অন্যান্যই ৫ খন আসনত আগবাঢি় আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ