প্ৰেমিকাক লগ কৰিবলৈ গৈ মৃত্যু হৈছে এগৰাকীৰ ২৫ বছৰীয়া যুৱকৰ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মংগলবাৰে পুৱতি নিশা হোৱা মহাৰাষ্ট্ৰ কান্দিভেলীত এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় ২৫ বছৰীয়া প্ৰেমিকগৰাকী৷
আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে সতীশ কুমাৰ গৌতম নামৰ যুৱকগৰাকীয়ে দেহিছৰত থকা তেওঁৰ প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ নিশাই মটৰ চাইকেলেৰে যাত্ৰা কৰিছিল৷ যাত্ৰা পথত গৌতমে এগৰাকী বন্ধুক বাইকত উঠাই নিছিল আৰু বন্ধুজনে গন্তব্য স্থান গোৰেগাঁৱৰ গকুলধামত পোৱাৰ পিছতে তেওঁকো প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ লগত যাবলৈ অনুৰোধ কৰে৷
ইয়াৰ পিছত পুনৰ দুয়োজনে যাত্ৰা কৰি থকাৰ সময়তে পুৱতি নিশা ১.১৫ বজাত দুৰ্ঘটনাত পতিত হয়৷ অৱশ্যে দুৰ্ঘটনাত বন্ধুজনৰ প্ৰাণ ৰক্ষা পৰিছে৷
লগতে পঢ়ক ৩৭ বছৰৰ অন্তত উত্তৰ প্ৰদেশত ইতিহাস ৰচিব যোগীয়ে! কি ইতিহাস ৰচিব যোগী আদিত্যনাথে?
এক্সপ্ৰেছ হাইৱেৰে গৌতমে প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ গৈ থাকোকে কান্দিভেলীত পুৱতি নিশা প্ৰায় ১.১৫ বজাত তেওঁৰ বাইকত পিছফালৰ পৰা এখন ডাম্পাৰে খুন্দা মাৰে৷ ডাম্পাৰৰ খুন্দাত বাইকৰ নিয়ন্ত্ৰণ হেৰুওৱাই গৌতমে চলন্ত ডাম্পাৰৰ তলত সোমাই পৰে৷ ডাম্পাৰে মহতীয়াই নিয়াৰ ফলত থিতাতে গৌতমৰ মৃত্যু হয়৷
ঘটনাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গৌতমৰ মৃতদেহৰ লগতে এমএইছ ০২ বি ভি ২৩৩০ নম্বৰৰ মটৰচাইকেলখনো উদ্ধাৰ কৰে৷
ঘটনাৰ সন্দৰ্ভত চমতা নগৰ আৰক্ষীয়ে এক গোচৰ ৰুজুৰ কৰি তদন্ত আৰম্ভ কৰাৰ লগতে ডাম্পাৰ আৰু বাছৰ চালকৰ সন্ধানত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে৷ চালকজন ২৪ বছৰীয়া বিপিন অবাধু পল বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ