পাকিস্তানত ৰাজনৈতিক অস্থিৰতাই শীৰ্ষত আৰোহণ কৰিছে৷ ইমৰাণ খানৰ গাদী ৰক্ষা হ’ব নে নহয় সেই লৈ ভাৰতীয় চুবুৰীয়া তথা চিৰ বৈৰী ৰাষ্ট্ৰখনত তীব্ৰ ৰাজনৈতিক উৎকণ্ঠাই বিৰাজ কৰিছে৷
ইমৰাণ খানৰ দল তেহৰিক-এ-ইনচাফৰ সহযোগী দলে সংগ ত্যাগ কৰাৰ পিছতে ইমৰাণ খানৰ চৰকাৰ নেশ্যনেল এছেম্বলীত প্ৰায় সংখ্যালঘুত পৰিণত হৈছে৷
লগতে পঢ়়ক আজিয়ে আধাৰ আৰু পান কাৰ্ডৰ সংযোগ কৰক : অন্যথা ভৰিব লাগিব জৰমিনা!
বৃহস্পতিবাৰে পাকিস্তানৰ সংসদত ইমৰাণ খানৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱত বিতৰ্ক আৰম্ভ হৈছে৷ অহা ৩ এপ্ৰিলত ইমৰাণ খানৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷
ইয়াৰ পূৰ্বেই সহযোগী দলে ইমৰাণ খানৰ সংগ ত্যাগ কৰাৰ পিছতে তেওঁ চৰকাৰে নেশ্যনেল এছেম্বলী আৰু দেশৰ জনতাৰ আস্থা হেৰুওৱা বুলি বিৰোধীয়ে দাবী কৰি পদত্যাগ কৰিবলৈ ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰিছে৷
ইফালে পাকিস্তানৰ সংবাদ মাধ্যমৰ মতে ইমৰাণ খানে দেশবাসীক উদ্দ্যেশ্যি এক ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব৷
লগতে পঢ়়ক চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ : মহঙা দিনত কৰ্মচাৰী বাবে চৰকাৰৰ বিশেষ পদক্ষেপ
কিন্তু ইয়াৰ মাজতে ইমৰাণ খানৰ দল তেহৰিক-এ-ইনচাফ দলে দাবী কৰিছে যে ইমৰাণ খানৰ প্ৰাণনাশৰ ভাবুকি অহাৰ পিছতো বুলেটপ্ৰুফ বৰ্ম পিন্ধিবলৈ সন্মত হোৱা নাই৷
তেহৰিক-এ-ইনচাফ দলৰ এগৰাকী শীৰ্ষ নেতা ফইজল বাওদাই দাবী কৰিছে যে জনসভাত ইমৰাণ খানক বুলেট প্ৰুফ জাকেট পিন্ধিবলৈ কোৱা হৈছে যদিও সেয়া মানি লোৱা নাই৷
‘‘প্ৰধানমন্ত্ৰীক বুলেটপ্ৰুফ বৰ্ম পিন্ধাৰ পৰামৰ্শ দিলেও সেয়া তেওঁ পিন্ধিবলৈ ৰাজী নহয়৷ তেওঁ কয় আল্লাই নিৰ্ধাৰিত কৰা সময়ত মতেই তেওঁ পৃথিৱী ত্যাগ কৰিব৷’’
লগতে পঢ়়ক অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?
ইফালে ফইজলে ইমৰাণ খানক পাকিস্তানৰ ইতিহাসৰ ‘শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী’ বুলিও অভিহিত কৰিছে৷
আনহাতে, কাৰ্যতঃ ইমৰাণ খানৰ চৰকাৰ সংখ্যালঘুত পৰিণত হ’লেও অনাস্থা প্ৰস্তাৱৰ পূৰ্বে তেওঁ পদত্যাগ নকৰে বুলিও স্পষ্ট কৰি দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ