ঘৰৰ বাহিৰত খেলা-ধূলা কৰি আছিল দুটা পাঁচ বছৰীয়া শিশু। খেলি থাকোতে সিহঁতে কিছু দূৰত ৰখাই থোৱা এখন গাড়ীত উঠিল। গাড়ীত উঠাৰ লগে লগে দুৱাৰখন স্বয়ংক্ৰিয়ভাৱে ভিতৰৰ পৰা বন্ধ হৈ যায়। দুৱাৰ খুলিব ওলাব নোৱাৰাত দুয়োটি শিশুৰ শ্বাসৰুদ্ধ হৈ কৰুণ মৃত্যু ঘটে।
এই কৰুণ ঘটনাটো যোৱা সোমবাৰে উত্তৰ প্ৰদেশৰ বদাউনত সংঘটিত হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত্যু হোৱা শিশু দুটিৰ নাম হৈছে চেলিম আৰু অয়ান। সোমবাৰে বিয়লি ঘৰৰ সন্মুখতে দুয়ো খেলি আছিল। যেতিয়া সন্ধিয়া হোৱাৰ পিছতে দুয়ো শিশু ঘৰলৈ উভতি নাহিল, তেতিয়াহে বিচাৰ খোচাৰ আৰম্ভ হয়৷
লগতে পঢ়ক দুৰ্ঘটনাত বান্দৰ পোৱালিৰ মৃত্যু! গঞাক আক্ৰমণ মাতৃৰ, ২০ গৰাকীক চিকিৎসালয়ত ভৰ্তি
সন্ধিয়ালৈকে ঘৰলৈ ওভতি নহাত শিশু দুটিয়ে খেলি থকা ঠাইত গৈ পৰিয়ালৰ লোকে গৈ দেখে যে দুয়োটি শিশুৱে খেলি থকা ঠাইত নাই৷ ইয়াৰ পিছতে আতংকিত হৈ দুয়োটি শিশুৰ পৰিয়ালৰ লোক আৰু ওচৰ-চুবুৰীয়াই বিচাৰিবলৈ ধৰিলে। এইদৰে বিচাৰ খোচাৰ কৰি শিশুদুটিৰ সন্ধান লাভ নকৰি পৰিয়ালৰ লোকে মছজিদৰ মাইকযোগে শিশু দুটি বিচাৰি ঘোষণা কৰে।
ইয়াৰ পিছতো শিশুদুটিৰ সন্ধান লাভ নকৰাত পৰিয়ালে নিশা প্ৰায় ১০ বজাত আৰক্ষী থানাত সন্ধানহীন হোৱাৰ এক অভিযোগ দাখিল কৰে।
লগতে পঢ়ক পত্নীৰ হাত কাটি দুচে কৰি অনুতপ্ত নে স্বামী? কি ক’লে অভিযুক্ত নিৰ্দয় স্বামীয়ে?
আৰক্ষীয়ে অভিযোগ পোৱাৰ লগে লগে তদন্ত আৰম্ভ কৰে। ইয়াৰ পিছতে পৰিয়ালৰ লোকে কিছু দূৰৈত ৰখাই থোৱা এখন গাড়ীৰ ভিতৰত কাচৰ খিৰিকীৰে শিশু এটিৰ হাত এখন দেখা পায়৷ লগে লগে গাড়ীখনৰ গৰাকীক ফোন কৰি মাতি গাড়ীৰ দৰ্জা খুলি দেখে যে শিশু দুটি গাড়়ীৰ ভিতৰতে শ্বাসৰুদ্ধ ইতিমধ্যে মৃত্যুক আকোৱালি লৈছে৷
আৰক্ষী বিষয়া সঞ্জীৱ শুক্লাই কয়, ‘‘এলেকাৰ ৰাজপথত শিশুদুটিৰ সন্ধান পোৱা নগ’ল। তেতিয়া দেখিলো ঘৰৰ পৰা কিছু দূৰৈত এখন গাড়ী ৰখাই থোৱা আছে। দুই সন্তানৰ পৰিয়ালৰ এজন সদস্যই হঠাতে গাড়ীৰ ভিতৰত হাত এখন দেখি চিঞৰি উঠিল। মই লগে লগে মালিকক ফোন কৰি গাড়ীখন খুলি দেখিলো যে দুয়োটা শিশুৱে ফ্ৰীজ হৈ আছে।’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















