অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ চহৰত ৫ গৰাকী মহিলাক প্ৰতাৰণাৰে বিয়া কৰোৱা এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ আমেৰিকাত কৰ্মৰত চফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে ভুৱা কথা কৈ মহিলাক প্ৰতাৰণা কৰা অভিযুক্তজনৰ নাম কে সতীশ বাবু৷
আৰক্ষীৰ মতে, পালনাডু জিলাৰ আন্দাকুৰু গাঁৱৰ বাসিন্দা অভিযুক্তজনে যোৱা মাহত গুণ্টুৰৰ শ্ৰীলক্ষ্মীক বিয়া কৰাইছিল৷ কিছুদিনৰ পাছত ৮০ লাখ টকা দাবী কৰি টকা ব্যৱস্থা নকৰিলে ইণ্টাৰনেটত অন্তৰংগ ফ’টো আৰু ভিডিঅ’ আপলোড কৰিম বুলি ভাবুকি দিয়ে৷
পিছলৈ শ্ৰীলক্ষ্মীয়ে মহিলাকেইগৰাকীৰ সৈতে লোকজনে কৰা মেচেজবোৰ চাই গম পালে যে সতীশে ইতিমধ্যে অন্য কে’বাগৰাকীও মহিলাক বিয়া কৰাইছে৷ইয়াৰ পাছতে শ্ৰীলক্ষ্মী আৰু তেওঁৰ পিতৃ-মাতৃয়ে গুণ্টুৰৰ দিশা আৰক্ষীৰ কাষ চাপে৷আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে সতীশ বাবুৱে কেনেকৈ ভুক্তভোগীসকলক প্ৰতাৰণা কৰি আহিছিল৷
লগতে পঢ়ক ৰসগোল্লা খোৱাবলৈ গৈ ভিনিহিয়েকৰ ওঁঠত চুমা খুলশালীৰ, কইনাই কৰিলে কি? ভিডিঅ’ ভাইৰেল
এজন আৰক্ষী বিষয়াই জনোৱা মতে, ২০০৫ চনত সতীশ বাবুৱে প্ৰথমে বিশাখাপট্টনমৰ শৈলজাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ ২০১৪ চনত আমেৰিকাত আন এগৰাকী মহিলা লাভানিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সতীশ৷
ইপিনে ২০১৭ চনত প্ৰথম পত্নীক বিবাহ বিচ্ছেদ কৰি একে বছৰতে লক্ষ্মীৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷তাৰ পিছত একে বছৰতে তেওঁ নেল্লোৰৰ দিব্যাক বিয়া কৰায়৷ সতীশ বাবুৱে প্ৰতাৰণাৰ বিষয়ে জানিব পাৰি দিব্যাই যোৱা বছৰতে গুণ্টুৰত আৰক্ষী ওচৰত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল৷
সতীশৰ পঞ্চম পত্নী শ্ৰীলক্ষ্মীয়েও গুণটুৰ আৰক্ষীক পুনৰ এখন এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লয়৷ একেজন ব্যক্তিৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল কৰাৰ পিছতে তদন্তকাৰী বিষয়াসকলে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰে৷
লগতে পঢ়ক কেমেৰাৰ সন্মুখতে বিজেপি নেতাক ছুৰিকাঘাত কৰি হত্যা ৪ মুখাধাৰীৰ
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে সতীশে বহু মহিলাক প্ৰতাৰণাৰে বিয়া কৰাই আহিছিল৷ গোচৰ ৰুজু কৰি বৃহস্পতিবাৰে আৰক্ষীয়ে সতীশ বাবু আৰু তেওঁৰ পিতৃ বীৰ্ভদ্ৰ ৰাওক গ্ৰেপ্তাৰ কৰে৷ অভিযুক্ত সতীশে আৰু আন কোনোবা মহিলাক বিয়া কৰাবলৈ চেষ্টা কৰিছিল নেকি সেয়াও জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে৷
এজন আৰক্ষী বিষয়াই জনোৱা মতে, প্ৰতিখন বিবাহৰ পিছত অভিযুক্তজনে কোনোবা ভাল ঠাইত পত্নীৰ সৈতে এমাহ বা দুমাহ সময় কটায়৷ভাল স্মৃতি হ’ব বুলি কৈ পত্নীসকলৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ফ’টো আৰু ভিডিঅ’ তুলি পিছত সেইবোৰেৰে ব্লেকমেইল কৰি টকা দাবী কৰি আহিছিল সতীশে৷
পত্নীসকলে ধন দিবলৈ অস্বীকাৰ কৰিলে ভিডিঅ’সমূহ পৰ্ণগ্ৰাফিক ৱেবছাইটত আপলোড কৰাৰ ভাবুকি দিয়ে৷ গ্ৰেপ্তাৰৰ পিছত এতিয়া আৰক্ষীয়ে অভিযুক্তৰ অপৰাধ সম্পৰ্কে তদন্ত আৰম্ভ কৰি সতীশে আন মহিলাসকলকো পুনৰ জালত পেলাবলৈ চেষ্টা কৰিছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ