• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভৰি ফুলা আৰু বৃক্কৰ ৰোগৰ সম্পৰ্ক…

ভৰি ফুলা আৰু বৃক্কৰ ৰোগৰ সম্পৰ্ক…

4 years ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

17 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

18 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

20 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

21 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

22 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

22 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

23 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

2 days ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

2 days ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

ভৰি ফুলা আৰু বৃক্কৰ ৰোগৰ সম্পৰ্ক…

editor by editor
August 2, 2022
in স্বাস্থ্য
0
ভৰি ফুলা আৰু বৃক্কৰ ৰোগৰ সম্পৰ্ক…
0
SHARES
33.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ মুস্তাকিম আহমেদ মজুমদাৰ: প্ৰায় সকলোৰে হয়তো দেহৰ কোনোবা নহয় কোনোবা অংশ কেতিয়াবা ফুলাৰ অভিজ্ঞতা হয়েই। কেতিয়াবা আঘাতপ্ৰাপ্ত হৈ বা কেতিয়াবা আন শাৰীৰিক কিবা ৰোগৰ ফলত দেহৰ কোনো অংগ ফুলে। আঘাতপ্ৰাপ্ত হৈ ফুলাৰ বাদে আনধৰণে কোনো অংগ ফুলাৰ অন্তৰালত দেহৰ কিবা নহয় কিবা বিসংগতি বা সমস্যাৰ সংকেত লুকাই থাকে। তেনেদৰেই কোনো ব্যক্তিৰ যদিহে ভৰি ফুলিবলৈ ধৰে, তেন্তে ভৰি ফুলাকো বিভিন্ন শাৰিৰীক সমস্যাৰ উপসৰ্গ বুলি ধৰা হয়।

তেনে এক ৰোগ হৈছে-বৃক্ক বা কিডনীৰ সমস্যা বা ৰোগ। চিকিৎসা বিজ্ঞানৰ ভাষাত এনেদৰে ভৰি ফুলা অৱস্থাক ‘এডেমা’ বুলি কোৱা হয়। অৰ্থাৎ ভৰিত দেহৰ অপ্ৰয়োজনীয়, বাহ্য পদাৰ্থ জমা হয়। আজি বৃক্ক অথাৎ কিডনী বিসংগতিৰ বাবে ভৰি ফুলা অৱস্থা ‘এডেমা’ সম্পৰ্কে কিছু কথা জনাবলৈ লৈছো। এনেদৰে ভৰিত বাহ্য, দেহৰ পৰা নিষ্কাষিত হ’বলগীয়া তৰল জমা হোৱাৰ গুৰিতে হৈছে বৃক্ক দুটাই সঠিকৰূপত নিজৰ কাম কৰিব পৰা নাই। গতিকে বৃক্কৰ জৰিয়তে নিষ্কাষিত হ’বলগীয়া দেহৰ বাহ্য তৰল ভৰিত জমা হৈছে।

 

লগতে পঢ়ক খালী ভৰিৰে কিতাপ বিক্ৰীৰ চাকৰি, অতি লোভনীয় দৰমহা! আপুনিও আগ্ৰহী নেকি?

আমাৰ দেহৰ বৃক্ক দুটাই শৰীৰৰ বাবে অপ্ৰয়োজনীয় পানী আৰু বাহ্য পদাৰ্থসমূহ তেজৰ পৰা নিষ্কাষণ কৰি প্ৰস্ৰাৱৰূপে দেহৰ পৰা বাহিৰ কৰি দিয়া পৰ্যন্ত সমগ্ৰ প্ৰক্ৰিয়াটো ‘নেফ্ৰ’নছ’ নামৰ এক বৃক্কৰ আভ্যন্তৰীণ গঠনৰ মাজেৰে যায়। এই নেফ্ৰ’নছে দেহৰ তৰল পদাৰ্থৰ সমতুলতা ৰক্ষা কৰাৰ লগতে দেহত ছ’ডিয়াম, পটাছিয়াম, ফ’ছফৰাছ আৰু কেলচিয়ামৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰি ৰাখে। এই নেফ্ৰ’নছে কৰা কাৰ্য প্ৰক্ৰিয়াটো সঠিকভাৱে চলি যাবৰ বাবে বৃক্ক দুটিয়ে পৰ্যাপ্ত পৰিমাণৰ তেজৰ পৰিবহন লাভ কৰিবই লাগিব, তাকো এক নিৰ্দ্দিষ্ট চাপৰ মাজেৰে। যদিহে বৃক্ক দুটি ব্যাধিগ্ৰস্ত হয়, অৰ্থাৎ যিকোনো জটিলতাৰ মাজেৰে যায়, যেনে বৃক্ক দুটালৈ তেজ পৰিবাহী ধমনীকেইডালৰ সমস্যা হয় অথবা বৃক্কলৈ পৰিবাহিত হোৱা তেজৰ গতি মন্থৰ হৈ যায়, এনে অৱস্থাত বৃক্ক দুটিয়ে সঠিকৰূপে কাম কৰিব পৰাকৈ সক্ষম হৈ নেথাকে। নিষ্কাশন প্ৰক্ৰিয়া চলাই নিয়া এই নেফ্ৰ’নছ বিনষ্ট হ’লে, যি অৱস্থাৰ(নেফ্ৰ’টিক চিনড্ৰ’ম) সৃষ্টি হয়, তাৰ ফলত তেজত প্ৰ’টিন এলবুমিনৰ মাত্ৰা কমি যায় আৰু তাৰ পৰিৱৰ্তে প্ৰস্ৰাৱত এই মাত্ৰা বাঢ়ি যায়। দুটি সম্পূৰ্ণ সুস্থ কিডনী বা বৃক্কই কেতিয়াও প্ৰস্ৰাৱত এলবুমিন প্ৰ’টিনৰ ন্যূনতম মাত্ৰাও থাকিবলৈ নিদিয়ে। পিছে প্ৰস্ৰাৱত এলবুমিনৰ মাত্ৰাধিক্য ঘটাৰ ফলত ভৰিৰ সৰু গাঁ‌ঠিৰ লগতে তলুৱা অংশত তৰল পদাৰ্থ জমা হ’বলৈ ধৰে আৰু ‘এডেমা’ৰ সৃষ্টি হয়।

যদিহে কিবাকৈ আপোনাৰ দুভৰি ফুলিছে, তেন্তে ততালিকে নিৰ্দিষ্ট বিভাগৰ অৰ্থাৎ বৃক্কৰোগ বিশেষজ্ঞৰ কাষ চাপক। কাৰণ এনেদৰে দেহত বাহ্য পদাৰ্থ জমা হোৱাৰ ফলস্বৰূপে ব্যক্তিজনৰ উশাহ-নিশাহ লোৱাত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰবল। ইয়াৰ সঠিক চিকিৎসাৰ বাবে ৰোগৰ চিকিৎসা বৃক্কৰোগ বিশেষজ্ঞৰ জড়িয়তেহে কৰা উচিত। সাধাৰণতে এনে ৰোগীক, ৰোগৰ মূল কাৰণ নিৰ্ধাৰণ কৰিবলৈ, প্ৰস্ৰাৱৰ গতানুগতিক পৰীক্ষাৰ লগতে বৃক্কৰ ব্যৱস্থাৰ পৰীক্ষণ আৰু আলট্ৰাচাউণ্ড জাতীয় পৰীক্ষা কৰিবলৈ দিয়া হয়। ৰোগ নিৰ্ধাৰণ হোৱাৰ পিছত সেইমতে ৰোগৰ চিকিৎসা আৰম্ভ কৰা হয়।

 

লগতে পঢ়ক ৭৩ বছৰীয়া বৃ্দ্ধৰ দ্বিতীয় বিবাহ! কি নগুৰ-নাকতিখন কৰিলে দ্বিতীয় পত্নীয়ে?

ওপৰত উল্লেখ কৰা নেফ্ৰ’টিক চিনড্ৰ’মেই হওক বা ‘একিউট কিডনী ইনজিউৰি’-ৰোগেই নহওক কিয়, সঠিক চিকিৎসাৰ যোগেদি দুয়োবিধেই সম্পূৰ্ণৰূপে ভাল হোৱা বা ৰোগীজন ৰোগমুক্ত হোৱা সম্ভৱ। এই ৰোগকেইবিধত নৱজাতক শিশুৰ পৰা আৰম্ভ কৰি বয়সস্থ লোকলৈকে যিকোনো বয়সৰে লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। এই ৰোগত আক্ৰান্ত হোৱা প্ৰাপ্তবয়স্ক লোকসকলক ৰোগৰ অন্তৰ্নিহিত কাৰণ জানিবৰ বাবে চিকিৎসকে বায়’পছি আদি কৰিবলৈয়ো পৰামৰ্শ দিয়ে। একিউট কিডনী ইনজিউৰি ৰোগবিধত সমস্ত বৃক্কৰ কাৰ্যপ্ৰক্ৰিয়াই অস্থায়ীৰূপত স্তব্ধ বা বন্ধ হৈ পৰে। যদিহে সঠিক সময়ত ৰোগ নিৰূপণ আৰু উপযুক্ত চিকিৎসা হয় এই অৱস্থাৰ পৰাও বৃক্কৰ পুনৰুত্থান সম্ভৱ। ‘এডেমা’ সৃষ্টি হোৱাৰ আন এবিধ বৃক্কৰ ৰোগ হৈছে- ‘ক্ৰ’নিক কিডনী ডিজিজ২(CKD)। এই অৱস্থাত এজন ৰোগীৰ বৃক্ক বিনষ্ট হোৱাৰ লগতে বৃক্কৰ কাৰ্য-প্ৰক্ৰিয়াৰ গতি তিনিমাহ বা ততোধিক সময়ৰ বাবে স্তিমিত হৈ পৰিব পাৰে। সাধাৰণতে মধুমেহ বা উচ্চ-ৰক্তচাপ আদি ৰোগত দীৰ্ঘকাল আক্ৰান্ত হৈ থকাৰ ফলতেই এইবিধ ৰোগ হোৱা দেখা যায়। এডেমা এই ৰোগৰ বহু পলমকৈ দেখা দিয়া লক্ষণহে। যদিওবা এইবিধ ৰোগ অগ্ৰাসীবিধৰ বা বাঢ়ি গৈ থকাবিধৰ তথাপিও কিছুমান চিকিৎসা পদ্ধতিৰ মাজেৰে এই অগ্ৰাসনৰ গতি স্তিমিত কৰিব পাৰি।

এতিয়া আহিছো, এডেমাৰ চিকিৎসাৰ দিশলৈ। এডেমাৰ চিকিৎসা যিমান পাৰি সিমান সোনকালে আৰম্ভ কৰিব লাগে যাতে তৰল পদাৰ্থ হাওফাওত জমা নহয় আৰু তাৰফলত সংক্ৰমণ নহয়। ইয়াৰ বাবে মূলতঃ দেহত জমা হোৱা তৰল কমাব লাগিব। প্ৰস্ৰাৱ স্বাভাৱিকভাৱে হ’বৰ বাবে চিকিৎসকে যথোপযুক্ত দৰৱ দিব পাৰে অথবা প্ৰয়োজন সাপেক্ষে আন চিকিৎসা-ব্যৱস্থাৰ প্ৰয়োগো কৰিব পাৰে। এই জটিলতাসমূহৰ সন্মুখীন নহ’বৰ বাবে যদিহে আপোনাৰ ভৰি ফুলিছে তেন্তে যিমান সোনকালে পাৰি চিকিৎসকৰ পৰামৰ্শ লওক।

লেখক- এমবিবিএছ, এমডি(মেডিচিন), ডিএম(নেফ্ৰ’লজী), বৃক্কৰোগ বিশেষজ্ঞ আৰু বৃক্ক সংৰোপন চিকিৎসক, গুৱাহাটী মেট্ৰ’ হাস্পতাল, ফোন- ৯৫৫৭৮৭১৪৬৪, ০৩৬১-২৯৬২৩৩৫

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest News Channal of Assambest news channel in assamBest News Portal in Assamhealth tipskidney disease
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা
জীৱনশৈলী

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

February 4, 2026
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

January 29, 2026
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

January 24, 2026
বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?
জীৱনশৈলী

বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?

January 20, 2026
Next Post
অসমৰ এহাল আদৰ্শৱান শহু-শাহুৰ; কণিষ্ঠ পুত্ৰলৈ বিয়া পাতিলে বিধৱা বোৱাৰীয়েকক

অসমৰ এহাল আদৰ্শৱান শহু-শাহুৰ; কণিষ্ঠ পুত্ৰলৈ বিয়া পাতিলে বিধৱা বোৱাৰীয়েকক

‘বিধৱাৰ সাজ পিন্ধি কিমান দিন থাকিব, তাইক মই আকৌ বোৱাৰী কৰি ল’লো’

‘বিধৱাৰ সাজ পিন্ধি কিমান দিন থাকিব, তাইক মই আকৌ বোৱাৰী কৰি ল’লো’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.