এটা আমোদজনক ঘটনা সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে৷ এগৰাকী ৩৪ বছৰীয়া যুৱকে ফুলশয্যা ৰাতি পত্নীক এৰি যৌন কৰ্মীৰ ওচৰলৈ গৈ ধৰা পৰিছে৷
পিছে এই ঘটনাটো ভাৰতৰ নহয়, আমেৰিকাৰহে৷ আমেৰিকাৰ ফ্ল’ৰিডাৰ৷ ঘটনাৰ বিৱৰণীৰ মতে বিবাহ সম্পন্ন কৰি পেছাত ব্যৱসায়ী পল টুৰভস্কিয়ে পত্নীক লৈ হানিমুনৰ টাম্পাৰ এখন হোটেললৈ যায়।
টুৰভস্কিয়ে হোটেললৈ গৈয়ে ইণ্টাৰনেটৰ জৰিয়তে এগৰাকী যৌনকৰ্মীৰ সৈতে যোগাযোগ কৰে। ইয়াৰ পাছতে স্বামী টুৰভস্কিয়ে হোটেলত পত্নীক এৰি যৌন কৰ্মীৰ সৈতে সময় কটাবলৈ ওলাই যায়৷
লগতে পঢ়ক নিজ কন্যাক ধৰ্ষণ পাষণ্ড পিতৃৰ! পিতৃৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যা কন্যাৰ
কিন্তু টুৰভস্কিৰ ভাগ্য সদয় নাছিল৷ পল টুৰভস্কিয়ে নিজৰ পত্নীক হোটেলৰ কোঠাত এৰি যৌনকৰ্মীগৰাকীৰ সৈতে সময় কটাই থাকোতে স্থানীয় আৰক্ষীয়ে তাত ‘ষ্টিং অপাৰেচন’ চলায়। আৰু আৰক্ষীৰ সেই অভিযানত পল টুৰভস্কিয়ে ধৰা পৰে আৰু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
আৰক্ষী প্ৰশাসনৰ তথ্য অনুসৰি সেই অভিযানত পল টুৰভস্কিৰসহ মুঠ ১৭৬ জন লোকক গ্ৰেপ্তাৰ কৰা হয়।
ইফালে নৱবিবাহিত স্বামীৰ এনে কাৰ্য দেখি ভাঙি পৰে নৱবিবাহিতা কইনা। আৰক্ষী বিষয়াসকলে লগতে জনোৱা মতে, ন-কইনাৰ পৰিয়ালৰ লোকে পল টুৰভস্কিৰ সৈতে বিবাহ বিচ্ছেদৰ কথা চিন্তা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















