অসম লাইভ২৪ঃ চুৰ কৰিবলৈ গৈছিল৷ বস্তু বাহানি সামৰোতে পুৱাই হ’লগৈ৷ বাটলৈ চাই দেখিলে মানুহ ইতিমধ্যে শুৱাৰ পৰা উঠি মৰ্ণিং ৱাকলৈ ওলাইছে৷ চুৰি কৰা বস্তুবোৰ লৈ বাহিৰলৈ কেনেকৈ ওলায়? ওলালেই গণপিটনৰ ভয়৷ তেনেতেই চোৰৰ মূৰত ওলালে অন্য বুদ্ধি৷ নাই গণপিটন খোৱাতকৈ আৰক্ষীক ফোন কৰাই ভাল৷ ভবামতেই চোৰে ডায়েল কৰিলে ৯৯৯৷ আৰক্ষীয়ে ফোন উঠোৱাত চোৰে চুৰিকাৰ্যৰ বিশয়ে নিজেই জনাই আৰক্ষীক৷ লগে লগেই আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ থানালৈ লৈ যায় চোৰটোক৷
ঘটনাটোৰ স্থান বাংলাদেশৰ বৰিশাল উপজিলাৰ এআৰ খান বজাৰৰ৷ বাংলাদেশৰ সংবাদপত্ৰ ‘প্ৰথম আলো’ ত প্ৰকাশ পোৱা অনুযায়ী বজাৰৰে এখন দোকানত চুৰ কৰিবলৈ সোমাইছিল চোৰ ইয়াছিন খাঁয়ে৷ চুৰিকাৰ্য সমাপন কৰি বস্তু বাহানি সামৰি উঠালৈ পুৱা হ’লগৈ৷ চোৰে জৰুৰীকালিন সেৱাৰ নম্বৰ ডায়েল কৰি নিজেই আৰক্ষীৰ ওচৰত ধৰা দিছে৷ আৰক্ষীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিবেদন মতে চুৰ ইয়াছিনে ফোনত আৰক্ষীক কৈছিল যে তেওঁ বহুত বিপদত পৰিছে৷ তেওঁক সোনকালে উদ্ধাৰ কৰিব লাগে৷ আৰক্ষীয়ে পলম নকৰি লগে লগেই ইয়াছিনক উদ্ধাৰৰ বাবে সেই স্থানত উপস্থিত হোৱাৰ পিছত পোহৰলৈ আহে সমূহ কথা৷ আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ নিয়াৰ পিছতেই ইয়াছিনে এজন পেছাদাৰী চোৰ বুলি প্ৰকাশ কৰিছে৷
আনহাতে যিখন দোকানত ইয়াছিনে চুৰিকাৰ্য কৰিছিল সেই দোকানৰ মালিক ঝাণ্টু মিঞাই আৰক্ষীক দেখি আচৰিত হৈ পৰে৷ আৰক্ষীৰ সেই বিষয়ে সোধপোছ কৰাতহে তেওঁৰ দোকানত চোৰৰ প্ৰবেশ ঘটাৰ কথা জানিব পাৰে৷ অৱশ্যে আৰক্ষী উপস্থিত হোৱাৰ বাবেই ইয়াছিনে কোনো সামগ্ৰীয়েই দোকানখনৰ পৰা নিব নোৱাৰিলে৷ ইপিনে আৰক্ষীয়েও জনোৱা অনুসৰি তেওঁলোকৰ চাকৰি জীৱনত এয়াই প্ৰথমটো এনে ঘটনা বুলি উল্লেখ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ