অনলাইন গেমত পৰাজয় হোৱাৰ বাবেই বন্ধুক ৭ দিনলৈ অকথ্য নিৰ্যাতন চলালে বন্ধুই, ইটা বান্ধিয়ো ওলোমাই দিলে…
এক শিহৰণকাৰী ঘটনা , অনলাইন গেমত পৰাজয় হোৱাৰ বাবেই বন্ধুৱে বন্ধুৰ ওপৰত চলালে অকথ্য নিৰ্যাচন। নিৰ্যাতন দিয়াৰ পূৰ্বে কিদৰে কৰিব নিৰ্যাতন তাৰ বাবে আৰক্ষীৰ থাৰ্ড ডিগ্ৰীয়ো চাই লয়। ৭ দিন ধৰি বন্ধক বনাই ১১ বন্ধুৱে অত্যাচাৰ চলাই সেই অত্যাচাৰৰ ৩১ টা ভিডিঅ বনাই ৰাখে।
আৰক্ষীয়ে ঘটনা পোহৰলৈ অনাৰ লগতে ৬ অভিযুক্তক আটকো কৰিছে, পাছে আন ৫ অভিযুক্ত পলাতক অৱস্থাত। আনহাতে হাস্পতালত ভৰ্তি ভুক্তভোগী ।
এই ঘটনা উত্তৰ প্ৰদেশৰ কানপুৰৰ বুলি জানিব পৰা গৈছে। ২০ হাজাৰ টকাৰ বাবেই অমানৱিয় অত্যাচাৰ চলে এজনৰ ওপৰত। নগ্ম কৰি চামৰাৰ বেল্টেৰে কোবোৱাৰ লগতে টৰ্ট লাইটাৰেৰে শৰীৰৰ বহু অংশত পুৰি দিয়ে।
তাৰোপৰি গোপন অংগত ইটা বান্ধি ওলোমাই দিয়ে। এইদৰে ৭ দিন ধৰি একেলেথাৰিয়ে অত্যাচাৰ কৰে এজনৰ ওপৰত। আৰু সেই সকলো অত্যাচাৰৰে ভিডিঅ বনাই ৰাখে।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, অনলাইন খেলত এহেজাৰ টকা লগালে জিকিলে ১ লাখ টকা পাই বুলি অন্য কেইবাজনো বন্ধুক কৈছিল ভুক্তভোগীয়ে। সেয়ে ১১ বন্ধুৱে মিলি ২০ হাজাৰ টকা উঠাই দিছিল। কিন্তু খেলত পৰাজয় হোৱাৰ পাছত সেই ২০ হাজাৰ টকাও উভতাব নোৱাৰে। যাৰ বাবেই খঙতে ১১ বন্ধুৱে মিলি এইদৰে অত্যাচাৰ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ