কুকুৰৰ দ্বাৰা ৰিপ্লেছ কৰা হৈছিল এই গৰাকী অভিনেত্ৰীক, বিয়া হৈ দ্বিতীয় পত্নী হিচাপেহে জনপ্ৰিয়
বলীউডত নাম গঢ়িবলৈ বহু কষ্ট কৰিবলগা হয়। ষ্ট্ৰাগল অবিহনে কাম পোৱাটো বহু টান। বহু লোকেই কষ্ট কৰিব নোৱাৰি ত্যাগেই কৰি বলীউডৰ সপোন। তাৰে মাজৰে কিছুৱে কষ্টৰ মাজেৰে সাৰ্থক কৰে সপোন। তেনেই এগৰাকী অভিনেত্ৰী যিয়ে অভিনয়ৰ নামত অন্য অভিনেত্ৰী নহয়, বৰঞ্চ এটা কুকুৰৰ পৰা দ্বাৰা ৰিপ্লেছ হৈছে।
কিন্তু তাতোকৈ চাঞ্চল্যৰ কথা। কেইবাখনো চিনেমাত কাম কৰাৰ পাছতো পাছে অভিনৰ দ্বাৰা পৰিচিত হোৱা নাছিল। পৰিচয় লাভ কৰে তথা চৰ্চালৈ আহে বিবাহৰ পাছত হে। তাকো দ্বিতীয় পত্নী হিচাপে বিবাহ পাশত আৱদ্ধ হৈ বহু লোকৰ মাজত চৰ্চাৰ বিষয় হোৱাৰ লগতে সমালোচনাৰো সন্মুখিন হয়।
সেই অভিনেত্ৰীগৰাকী হৈছে দক্ষিণৰ ছুপাৰষ্টাৰ নাগাৰ্জুনৰ বোৱাৰি নাগা চৈতন্যৰ দ্বিতীয় পত্নী শোভিতা ধুলিপালা। যিয়ে অভিনয় জগতত কাম পোৱাৰ বাবদ বহু ষ্ট্ৰাগলৰ সন্মুখিন হৈছিল। এবাৰ এখন চবিৰ শ্বুটিঙৰ বাবে নিৰ্বাচিত হৈ গোৱাত উপস্থিত হৈছিল, কিন্তু ছবিৰ ক্লাইন্টৰ শোভিতা পছন্দ নোহোৱাত সেই চৰিত্ৰ উটাই দি এটা কুকুৰক ছবিখনত স্থান দিয়া হৈছিল।
সেই শোভিতাই পাছলৈ ‘মাংকী মেন’, ‘পোন্নিয়িন সেলবেন ১’, ‘পোন্নিয়িন সেলবেন২’, দা নাইট মেনেজাৰ আদিৰ দৰে জনপ্ৰিয় ছবিত কাম কৰিছে।
কিন্তু চৰ্চা লাভ কৰে ২০২৪ চনত নাগা চৈতন্যৰ সৈতে হোৱা বিবাহৰ পাছতহে। বৰ্তমানে শোভিতা প্ৰায় ১৬৩ কোটি টকাৰ মালিক। অভিনয়ৰ লগতে সামাজিক মাধ্যমতো এক্টিভ শোভিতা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















