১৯৭০ চনত ভাৰতীয় মহিলাসকলে গড়ে ৫টাকৈ সন্তান জন্ম দিছিল৷ ৫ দশকৰ ভিতৰত সেই সংখ্যা নামি আহিছে ১.৯লৈ৷ সৰু পৰিয়াল সুখী পৰিয়াল এই শ্লোগানৰ বাস্তবায়ন ঘটিছে ভাৰতত৷ সন্তান জন্ম দিয়াত অনীহা বাঢ়িছে তৰুণ প্ৰজন্মৰ৷ বয়স্ক নাগৰিকৰ সংখ্যাও বৃদ্ধি পাইছে ভাৰতত৷
ভাৰতৰ ৰেজিষ্ট্ৰাৰ জেনেকেসক চেম্পল ৰেজিষ্ট্ৰেচন চিষ্টেমৰ ৰিপৰ্টৰ এক পৰিসংখ্যাত প্ৰকাশিত হৈছে এই তথ্য৷ ২০২৩ চনৰ এক সমীক্ষাত প্ৰকাশিত হৈছে চমকপ্ৰদ এক তথ্য৷ জনসংখ্যাৰ ক্ৰমবৰ্ধমান অনুপাতে কৰ্মক্ষম বয়সীয়া গোষ্ঠী আৰু বৃদ্ধ-বৃদ্ধাসকলৰ সংখ্যা বৃদ্ধি পাইছে৷ তুলনাত ০-১৪ বছৰ বয়সীয়াসকলৰ জনগোষ্ঠীসকলৰ সংখ্যা হ্ৰাস পাইছে৷ সকলোতকৈ উল্লেখযোগ্য হৈছে প্ৰজনননৰ হাৰ কমিছে ভাৰতীয় নাৰীৰ৷
প্ৰতিবেদন অনুসৰি ০-১৪ বছৰ বয়সীয়াৰ সংখ্যা ধীৰে ধীৰে হ্ৰাস পাইছে৷ ১৯৭১ চনত মুঠ জনসংখ্যাৰ ৪১.২ শতাংশ আছিল এই বয়সীয়া৷ ১৯৮১ চনত ২০ বছৰৰ ভিতৰত থকা মুঠ জনসংখ্যা আছিল ৩৮.১ শতাংশ৷ একেধৰণেই ১৯৯১-২০২৩ চনৰ ভিতৰত ৩৬.৩ শতাংশৰ পৰা কমি ২৪.২ শতাংশ হৈছে৷
সমীক্ষাত দেখা গৈছে প্ৰজননৰ হাৰ হ্ৰাসৰ ক্ষেত্ৰত ভাৰতৰ অৱস্থান উল্লেখযোগ্য৷ পঞ্চাছ বছৰ পূৰ্বে য’ত এগৰাকী মহিলাৰ ৫ সন্তান আছিল সেয়া এতিয়া কমি ২ হৈছেগৈ৷ ইয়াৰ নেপথ্যৰ কাৰণ হৈছে সন্তানধাৰণৰ ইচ্ছা কমিছে তৰুণ প্ৰজন্মৰ দম্পত্তিৰ৷ ভাৰতৰ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ এছ আৰ এছ আৰ সমীক্ষাত ৮০ লাখ নাগৰিকৰ তথ্য অনুসৰি, দম্পত্তিয়ে দুই সন্তান নীতিৰ পৰা বাহিৰলৈ আহি সন্তানধাৰণৰ ক্ষেত্ৰত এতিয়া অন্য পথ লৈছে৷ সমগ্ৰ বিশ্বৰ সৈতে যুঁজ দিবলৈ ভাৰতেও প্ৰজননৰ হাৰ উল্লেখযোগ্যভাৱে কমাইছে বুলি সমীক্ষাই দাবী কৰিছে৷
ৰাষ্ট্ৰপুঞ্জৰ পপুলেছন ফাণ্ডৰ সাম্প্ৰতিক সমীক্ষাত অৱশ্যে সেই প্ৰৱণতাৰ দিশকেই ইংগিত কৰা হৈছে৷ যত কোৱা হৈছে বৰ্তমান বিশ্বৰ কোটি কোটি মানুহৰ প্ৰজনন হাৰ কমাৰ দিশত৷ তেওঁলোকে তেওঁলোকৰ ইচ্ছা অনুসৰি সন্তানধাৰণ কৰিব পৰা নাই৷ তৰুণ প্ৰজন্মন মাজত বিয়া নকৰোৱা আৰু সন্তান জন্ম নিদিয়াৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ ফল গড় জন্মহাৰত ব্যাপক পৰিবৰ্তন লক্ষ্য কৰা দেখা গৈছে৷ চীনক পিছপেলাই বিশ্বৰ সকলোতকৈ জনবহুল দেশৰ খিতাপ পালেও সামগ্ৰিকভাৱে ভাৰতত জনসংখ্যা বৃদ্ধিৰ হাৰ কমিছে৷
ভাৰতৰ জনসংখ্যা বৃদ্ধি এসময়ত বৈশ্বিকভাৱে অন্যতম উদ্বেগৰ বিষয় আছিল৷ জনসংখ্যা বৃদ্ধিৰ সেই গতি মন্থৰ হবলৈ আৰম্ভ হৈছে৷ লেনচেটৰ এক ৰিপৰ্ট অনুসৰি, ২০৫০ চনৰ ভিতৰত এইবাৰ ১.৩ আৰু ২১০০ চনৰ ভিতৰত ১.০৪ত নামি আহিব এই হাৰ৷ জনসংখ্যা স্থিতিশীল ৰখাৰ বাবে এগৰাকী নাৰীয়ে ২.১ টা শিশুৰ জন্ম দিয়াৰ প্ৰয়োজনীয়তা আছে৷
গ্ৰামীণ ভাৰতৰ ক্ষেত্ৰত এই সূচকটি যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি ধাৰণা কৰিছে জনসংখ্যা বিশেষজ্ঞই৷ গ্ৰামাঞ্চলত এই হাৰ কমিছে৷ ভাৰতীয় মহিলাই গড়ে এক প্ৰজন্মৰ পৰা পৰবৰ্তী প্ৰজন্মলৈ জনসংখ্যাৰ সামগ্ৰিক আকাৰ বজায় ৰখাৰ বাবে প্ৰয়োজনৰ তুলনাত কম সন্তানৰ জন্ম দিছে৷ জনসংখ্যাৰ হঠাৎ পৰিবৰ্তনে ভাৰতীয় সমাজ, অৰ্থনীতি আৰু স্বাস্থ্য ব্যৱস্থাৰ বহুমাত্ৰিক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে৷
সন্তানধাৰণৰ ক্ষেত্ৰত প্ৰধান অন্তৰায় হৈছে অৰ্থনৈতিক প্ৰতিকূলতা৷ অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ কাৰণেই সন্তানৰ দায়িত্ব ল’বলৈ ভয় কৰিছে বহু দম্পত্তিয়ে৷ চাকৰিৰ নিৰাপত্তাহীনতা, সাংসৰিক খৰচৰ বোজা বৃদ্ধি, স্বামী-স্ত্ৰীৰ মাজত বুজাপৰাৰ অভাৱৰ কাৰণেও সন্তান জন্ম দিবলৈ নাৰাজ বহু পৰিয়াল৷ ৩০ৰ শেষৰ দিশে বা ৪০ বছৰৰ পাছত এতিয়া বহু মহিলা বিবাহত আৱদ্ধ হৈছে৷ উচ্চবিত্ত পৰিয়ালত সন্তানধাৰণৰ ইচ্ছা এতিয়া বহুপৰিমাণে কমিছে৷ কাৰণ এতিয়া দৈনন্দিন জীৱনত নানান চাপ আছে৷ তাতেই দম্পত্তিৰ স্বাধীন জীৱনযাপনৰ প্ৰতি ইচ্ছা৷
বিহাৰ, ঝাৰখণ্ড, উত্তৰপ্ৰদেশত এতিয়াও প্ৰজননহাৰ অন্যান্য ৰাজ্যৰ তুলনাত উচ্চ৷ অন্যহাতে দক্ষিণৰ ৰাজ্য যেনে তামিলনাডু, কেৰালা, দিল্লীৰ দৰে অঞ্চলত এই হাৰ অত্যন্ত কম৷ গ্ৰামাঞ্চলৰ জন্মহাৰ চহৰাঞ্চলতকৈ বেছি৷ ২০২৩ চনত এই ৰাজ্যসমূহৰ মাজত জন্মহাৰেৰে শীৰ্ষত আছিল বিহাৰ৷ সকলোৰে তলত আছিল আন্দামান নিকোবৰ দ্বীপপুঞ্জ৷ প্ৰজনন হাৰে ৰেকৰ্ড পতনৰ ওপৰিও আৰু এটা চিন্তাৰ বিষয়ে দেখা দিছে৷ দেশত বয়স্ক মানুহৰ সংখ্যা বাঢ়িছে৷ জনসংখ্যাৰ অংকই কৈছে যে দেশত ৬০ বা তাতকৈ বেছি বয়সীয়া মানুহৰ সংখ্যা বাঢ়িছে জনসংখ্যা বৃদ্ধিৰ হাৰৰ ৩গুণতকৈ বেছি৷ ভাৰতত বৰ্তমান বয়স্ক জনগণৰ সংখ্যা প্ৰায় ১৫ কোটি৷
ৰিপৰ্টমতে দেশত মৃত্যুহাৰো বিগত ৫ দশকত ক্ৰমশ কমিছে৷ ১৯৭১ চনত মৃত্যুহাৰ আছিল ১৪.৯৷ সেয়া কমি ২০২৩ চনত হৈছে ৬.৪৷ কেৱল ২০২২ আৰু ২৩ চনৰ ভিতৰত দেখা গৈছে গাওঁ অঞ্চলত মৃত্যুহাৰ ৭.২ৰ পৰা কমি ৬.৮ হৈছে৷ চহৰত ৬ৰ পৰা কমি ৫.৭ হৈছে৷ মৃত্যুহাৰ সকলোতকৈ কম চণ্ডীগড়, শীৰ্ষত ছত্তীশগড়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















