আহমেদাবাদৰ এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনাৰ আজি এবছৰ সম্পূৰ্ণ হ’ল। কিন্তু সেই বিভীষিকাময় দিনটোৰ হৃদয়বিদাৰক স্মৃতিয়ে আজিও প্ৰতিজন ভাৰতীয়ৰ হৃদয় সেমেকাই তোলে। ২০২৫ চনৰ ১২ জুনত গুজৰাটৰ অহমদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ মাৰাত্মক দুৰ্ঘটনাই শতাধিক পৰিয়ালৰ জীৱনত চিৰদিনৰ বাবে শূন্যতা আনি দিছিল। বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত ২৪১ জনেই প্ৰাণ হেৰুৱাইছিল। এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা একমাত্ৰ জীৱিত অৱস্থাত উদ্ধাৰ হৈছিল বিশ্বাস কুমাৰ ৰমেশ নামৰ লোকজন।
কেনে আছে বিশ্বাস কুমাৰ?
দুৰ্ঘটনাটোৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত বিশ্বাসকুমাৰে নিজৰ অনুভৱ প্ৰকাশ কৰি কয় যে-‘মই এতিয়াও যে জীৱিত অৱস্থাত আছো সেয়া এক অলৌকিক ঘটনা যেন লাগে। সেই অভিশপ্ত দুৰ্ঘটনাটোত জীয়াই থকা একমাত্ৰ ব্যক্তি মই। দুৰ্ঘটনাটোৰ পিছৰছোৱা সময় মোৰ বাবে সহজ নাছিল। মই ভিতৰি কেনেকৈ জীয়াই আছো সেয়া নিঃসন্দেহে আন মানুহে কল্পনা কৰিব নোৱাৰে, ভাবিবও নোৱাৰে। আজি পৰ্যন্ত মোৰ ভালকৈ টোপনি অহা নাই। প্ৰায়ে মোৰ চকুৰ সন্মুখত দিন-ৰাতি সেই অভিশপ্ত দুৰ্ঘটনাটোৰ দৃশ্যবোৰ ভাঁহি থাকে। দুৰ্ঘটনাটোৰ আগমহূৰ্তৰ দুৰ্ভগীয়া লোকসকলৰ হাঁহিমুখীয়া মুখবোৰে মোক আমনি কৰি থাকে অহৰহ। উদ্বেগ, অজান ভয় আৰু হৃদয় বিদাৰক স্মৃতিয়ে আজিও মোৰ লগ এৰা নাই।’
সহজ নাছিল দুৰ্ঘটনাৰ পৰৱৰ্তী সময়ছোৱা
বিশ্বাসকুমাৰে জনায় যে দুৰ্ঘটনাৰ পৰৱৰ্তী সময়খিনি তেওঁৰ বাবে আছিল অত্যন্ত কঠিন। মানসিকভাৱে স্বাভাৱিক জীৱনলৈ উভতি আহিবলৈ তেওঁক বহু সময়ৰ প্ৰয়োজন হৈছিল। তেওঁ আজিৰ দিনটোত সেই দুৰ্ভগীয়া দিনটোক স্মৰণ কৰি কয়, ‘মই জীৱিত থকাৰ বাবে কৃতজ্ঞ, কিন্তু ইয়াতেই কাহিনীৰ শেষ নহয়। ইয়াৰ পিছৰ সময়বোৰৰ মানসিক কষ্ট শব্দত প্ৰকাশ কৰাটো কঠিন।’ এই দুৰ্ঘটনাই কেৱল এখন বিমান ধ্বংস কৰা নাছিল; ই বহু পৰিয়ালৰ সপোন, আশা আৰু ভৱিষ্যৎ মুহূৰ্ততে চূৰ্ণ-বিচূৰ্ণ কৰি পেলাইছিল। যিসকল লোকে নিজৰ প্ৰিয়জনক হেৰুৱাইছিল, তেওঁলোকৰ বাবে আজিৰ দিনটো বেদনা আৰু শোকৰ প্ৰতীক। সেই শোকৰ মাজতে বিশ্বাসকুমাৰে নিজৰ জীৱনটো পুনৰ গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে।
তেওঁ কয় যে-এতিয়া তেওঁৰ মূল লক্ষ্য হৈছে পৰিয়ালৰ কাষত থিয় দিয়া আৰু স্বাভাৱিক জীৱনলৈ ঘূৰি অহাৰ চেষ্টা অব্যাহত ৰখা। এটা বছৰ পাৰ হৈ গ’লেও সেই দিনটোৰ স্মৃতি, সেই অচিন্তনীয় ক্ষতি আৰু সেই শিহৰণ জগোৱা অভিজ্ঞতা তেওঁৰ মনৰ পৰা মচি যোৱা নাই। এটা বছৰ পিছতো এই দুৰ্ঘটনাই সোঁৱৰাই দিয়ে যে জীৱন কিমান অনিশ্চিত সমান্তৰালভাৱে কিমান মূল্যৱান। বিশ্বাসকুমাৰ ৰমেশৰ কাহিনীয়ে দেখুৱাইছে যে কেতিয়াবা বাচি যোৱাটোৱেই শেষ নহয়; ইয়াৰ পিছতে আৰম্ভ হয় নতুনকৈ জীয়াই থকাৰ এক দীঘলীয়া সংগ্ৰাম।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















