শেহতীয়াকৈ ইনষ্টাগ্ৰামত ফ’টো শ্বেয়াৰ কৰি এগৰাকী অভিনেত্ৰী এক বিশেষ কথা খোলোচা কৰিছে৷
ব্রাইডাল লেহেংগা পিন্ধি ফ’টো শ্বেয়াৰ কৰা অভিনেত্ৰীগৰাকী হৈছে ভোজপুৰী ছবি জগতৰ অভিনেত্ৰী ৰাণী চেটাৰ্জী৷ ব্রাইডাল লুকত শ্বেয়াৰ কৰা ফ’টোসমূহত অভিনেত্ৰী ৰাণীক অপূৰ্ব ধুনীয়া দেখা গৈছে।
ফ’টোসমূহ শ্বেয়াৰ কৰি ৰাণী চেটাৰ্জীয়ে কেপচনত লিখিছে – ‘‘চলচ্চিত্ৰৰ সংখ্যাৰ লগে লগে কইনা হোৱাৰ সংখ্যাও ৪৬৫ক অতিক্ৰম কৰিছো। আগন্তুক ছবি গেংষ্টাৰ ইন বিহাৰত মই পুনৰ কইনা হ’বলৈ ওলাইছো।’’
ভোজপুৰী চিনেমাৰ এটা সুপৰিচিত নাম ৰাণী চেটাৰ্জী। সৌন্দৰ্য আৰু প্ৰতিভাৰ বলত ৰাণীয়ে মিছ কলকাতাৰ সন্মানো লাভ কৰিছিল। ২০০৩ চনত মনোজ তিৱাৰীৰ ছুপাৰহিট ছবি ‘চছুৰা বড়া পাইছাৱালা’ৰ জৰিয়তে ৰাণীয়ে ভোজপুৰী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।
লগতে পঢ়ক মহানগৰীৰ দুখন OYO হোটেলৰ কোঠাত যৌনতাৰ বেহা! ১১ যুৱতীসহ ২৩ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ
সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছলমান খানৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৬’ৰ বাবে ৰাণী চেটাৰ্জীৰে যোগাযোগ কৰা হৈছিল। কিন্তু এই অনুষ্ঠানৰ অংশ হ’বলৈ অস্বীকাৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।
ইয়াৰ পূৰ্বেও ৰাণী চেটাৰ্জীয়ে নিজৰ ইনষ্টাগ্ৰামত কইনাৰ সাজত বহু ফ’টো শ্বেয়াৰ কৰিছে। প্ৰতিটো লুক আৰু ষ্টাইলতে ৰাণীক অপূৰ্ব সুন্দৰী দেখা গৈছিল। সেয়ে তেওঁৰ অনুৰাগীসকলে তেওঁক ভূয়সী প্ৰশংসা কৰি আহিছে।
ৰাণী চেটাৰ্জীয়েও এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে। য’ত তেওঁ কয় যে তেওঁ বৰ্তমান ‘গেংষ্টাৰ ইন বিহাৰ’ৰ শ্বুটিঙত ব্যস্ত। সন্ধিয়া ৫ বজাত তাইৰ শ্বুটিং শেষ হৈছে, তাৰ পিছত তাই চাহ বিৰতিৰ বাবে ৰাওনা হৈছে।
এই ভিডিঅ’টো শ্বেয়াৰ কৰি ৰাণীয়ে কেপচনত লিখিছে – ‘‘এয়া এজন অভিনেতাৰ জীৱন। পেক আপ কৰাৰ পিছত…বিহাৰত গেংষ্টাৰ..৷’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ